মেঘালয় দখলৰ যুঁজত বিজেপিয়ে নমাব দলৰ প্ৰধান মহাৰথীসকলক

BJP_Campaign

নিৰ্বাচন সমাগত মেঘালয়ত বিজেপিয়ে ৰাজ্যখনৰ নিৰ্বাচনী প্ৰচাৰত তেওঁলোকৰ প্ৰধান প্ৰধান মহাৰথীৰ আটাইকেইজনকে নমাবলৈ সিদ্ধান্ত লৈছে।

প্ৰধান মন্ত্ৰী মোদী, দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং আটাইকেইজনে মেঘালয়ত জোৰদাৰ প্ৰচাৰ চলাব বুলি দলীয় সূত্ৰই নিশ্চিত কৰিছে। জনজাতীয় লোকৰ প্ৰাধান্য থকা পাহাৰীয়া ৰাজ্যখন নিজৰ দখললৈ নিবলৈ দলটোৱে আপ্ৰাণ চেষ্টা কৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ৰাজ্যখনত অহা ২৭ ফেব্ৰুৱাৰিত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। বৰ্তমান মেঘালয়ত বিজেপিৰ এজনো বিধায়ক নাই।

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত ইতিপূৰ্বে অসম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰত বিজেপিয়ে শাসনভাৰ লৈ আছে আৰু মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰা দখলৰ লক্ষ্য লৈছে। অনেক প্ৰত্যাহ্বান সত্ত্বেও বিজেপিয়ে মেঘালয়ত ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

‘আমি আত্মবিশ্বাসী যে মোদীজী, অমিত শ্বাহজী আৰু ৰাজনাথ সিং জীৰ দৰে দলৰ জ্যেষ্ঠ নেতাসকলৰ আশীৰ্বাদত আমাৰ দলে মেঘালয়ত উন্নত প্ৰদৰ্শন কৰিব পাৰিব।’ ৰাজ্যিক বিজেপিৰ সভাপতি চিবুন লিংডুৱে এইদৰে কয়। তেওঁ লগতে কয় যে দলটো মেঘালয়ৰ নতুন মৰ্চাটোক নেতৃত্ব দিব পৰাকৈ আত্মবিশ্বাসী।

দলীয় সূত্ৰই কয় যে তিনিওজন শীৰ্ষ নেতাই মেঘালয়ৰ ভোটাৰক আকৰ্ষণ কৰিবৰ বাবে ৰাজ্যখনৰ বিভিন্ন স্থানত কেইবাখনো সভাত ভাগ ল’ব। গেৰুৱা দলটোৰ ভাবমূৰ্তি খ্ৰীষ্টান-আধিপত্য থকা ৰাজ্যখনত খ্ৰীষ্টান-বিৰোধী বুলিহে জনা যায়।

শুকুৰবাৰে পুৱা পশ্চিম জয়ন্তীয়া পাহাৰৰ সদৰ জোৱাইত অমিত শ্বাহে প্ৰথমটো ‘নিৰ্বাচনী প্ৰচাৰ অভিযান’ আৰম্ভ কৰিছে। তেওঁ শ্বিলঙৰ মল্কি গ্ৰাউণ্ডতো নিৰ্বাচনী সমাৱেশত ভাষণ দিয়ে। যোৱা ৬ জানুৱাৰিতো শ্বাহে বিজেপি প্ৰাৰ্থী কে চি বৰোৰ হৈ ৰাভা লোকৰ বসতি প্ৰধান তিক্ৰিকিল্লাত নিৰ্বাচনী প্ৰচাৰ চলাইছিল।

আনহাতে প্ৰধান মন্ত্ৰী মোদীয়েও যোৱা ১৬ ডিচেম্বৰত শ্বিলঙৰ প’ল’ গ্ৰাউণ্ডত নিৰ্বাচনী ৰণদন্দুভি বজাই কৈছিল ‘অসমৰ নিৰ্বাচনৰ পৰাই আৰম্ভ হোৱা পৰিৱৰ্তনৰ ঢৌ এতিয়া মেঘালয় পাইছেহি।’ তেওঁ ১৫ বছৰীয়া কংগ্ৰেছী শাসনে মেঘালয়ক ধ্বংস কৰিলে বুলিও মন্তব্য কৰিছিল।

দলীয় সূত্ৰই নৰ্থ-ইষ্ট নাওক জনোৱা মতে মোদীয়ে অহা ২১ ফেব্ৰুৱাৰিৰ দিনা পশ্চিম গাৰো পাহাৰৰ ফুলবাৰীৰ পৰা প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ সম্ভাৱনা আছে। মুচলমান বসতি প্ৰধান বিধান সভা সমষ্টিটো গেৰুৱা দলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে, কাৰণ এই সমষ্টিৰ পৰা কংগ্ৰেছে বিধানসভাৰ অধ্যক্ষ আবু তাহেৰ মণ্ডলক থিয় কৰাইছে।

সূত্ৰটোৱে জনোৱামতে মোদীয়ে খাচি আৰু জয়ন্তীয়া পাহাৰতো নিৰ্বাচনী সমাৱেশত ভাগ ল’ব। ‘আমি দলৰ শীৰ্ষ নেতাসকলৰ উপস্থিতিৰ নিশ্চয়তাৰ ভিত্তিত নিৰ্বাচনী প্ৰচাৰ সূচীক চূড়ান্ত ৰূপ দি আছো।’ এইদৰে কয় লিংডোৱে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙেও গাৰো পাহাৰৰ কেইটামান গুৰুত্বপূৰ্ণ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব। তেওঁ অহা ১৯ তাৰিখে তুৰাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। তেওঁ দলটোৰ দক্ষিণ তুৰা সমষ্টিৰ দলীয় প্ৰাৰ্থী বিল্লিকিড এ চাংমাৰ হৈ প্ৰচাৰ চলাব। এই সমষ্টিটোৰ পৰা এন পি পিৰ হৈ প্ৰাক্তন কেন্দ্ৰীয় গৃহ মন্ত্ৰী আগাথ চাংমায়ো প্ৰতিদ্বন্দ্বিতা কৰিছে।

আনহাতে ৰাজ্যখনত বিজেপিয়ে বন্ধু ভাবাপন্ন দলৰ সৈতে নিৰ্বাচনী-উত্তৰ মিত্ৰতাৰ বাবে দুৱাৰ খোলা ৰাখিছে। এইবোৰ দলৰ ভিতৰত আছে এন পি পি, য়ু ডি পি আৰু এইচ্ছ এছ পি ডি পি। এই সকলো দলেই মুকুল চাংমা নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰখনকে মূল লক্ষ্য হিচাপে লৈ নিৰ্বাচন খেলিছে।

আনহাতে মুখ্য মন্ত্ৰী মুকুল চাংমাৰ সমষ্টি আমপাতিতো মোদী অথবা ৰাজনাথ সিঙৰ মাজৰ কোনোবা এজনে প্ৰচাৰ চলোৱাৰ সম্ভাৱনা আছে। ইয়াত বিজেপিৰ প্ৰাৰ্থী হ’ল বকুল হাজং। বিজেপিৰ পৰা অহা কঠিন প্ৰত্যাহ্বানৰ বাবে চাংমাই চংচাক সমষ্টিৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰিব।