• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এগৰাকী উপ ৰাজ্যপালসহ ৯ গৰাকী ৰাজ্যপাল নিয়োগ; ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল নিযুক্তি, অসমৰ নতুন ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য

টিকট নোপোৱা বিজেপি নেতাৰ পৰা মোডীৰ বিশ্বস্ত আমোলালৈকে তালিকাত নাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2024 8:39 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে একেলগে ৯খন ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি দিছে। ইয়াৰ লগতে পুডুচেৰীৰ নতুন লেফটেনেণ্ট গৱৰ্ণৰ (লেফটেনেণ্ট গৱৰ্ণৰ)ৰ নামো ঘোষণা কৰা হৈছে। শনিবাৰে নিশা ৰাষ্ট্ৰপতি ভৱনে এক অধিসূচনা জাৰি কৰি অসম, ঝাৰখণ্ড, ৰাজস্থান, তেলেংগানা, ছিকিম, ছত্তীশগড়, মেঘালয়, মহাৰাষ্ট্ৰ,আৰু পঞ্জাৱত নতুন ৰাজ্যপাল নিয়োগৰ কথা উল্লেখ কৰে।

ৰাষ্ট্ৰপতিৰ দ্বাৰা ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ৬ গৰাকী নতুন ব্যক্তিক। তিনিগৰাকীৰ ক্ষেত্ৰত ৰাজ্য সলনি কৰা হৈছে। লগতে কিছুমানক অতিৰিক্ত দায়িত্ব দিয়া হৈছে।

কোন ৰাজ্যৰ ৰাজ্যপাল কোন? চাওক সম্পূৰ্ণ তালিকা-

১) সন্তোষ কুমাৰ গাংগোৱাৰক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। এইবাৰৰ লোকসভা নিৰ্বাচনত তেওঁক বৰেলীৰ পৰা টিকট দিয়া নাছিল বিজেপিয়ে। তেওঁ সেই আসনৰ পৰা একেৰাহে ছটা কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈছিল।

Apply Now

২) হৰিভাউ কিষাণৰাও বাগড়েক ৰাজস্থানৰ ৰাজ্যপাল হিচাপে নিযুক্তি।

৩) ত্ৰিপুৰাৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মাক তেলেংগানাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। তেলেংগানাত কংগ্ৰেছ ক্ষমতা আছে।

৪) ওমপ্ৰকাশ মাথুৰক ছিকিমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজস্থানৰ জ্যেষ্ঠ বিজেপি নেতাগৰাকী ৰাজ্যসভাৰ সদস্য আছিল।

৫) অসমৰ জ্যেষ্ঠ বিজেপি নেতা ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।

৬) চি এইচ বিজয়শংকৰক মেঘালয়ৰ ৰাজ্যপাল নিযুক্তি দিয়া হৈছে। তেওঁ এগৰাকী সাংসদ আছিল। বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছিল। ২০১৯ চনত পুনৰ বিজেপিত যোগদান কৰে।

৭) এতিয়ালৈকে ঝাৰখণ্ডৰ ৰাজ্যপাল আছিল চি পি ৰাধাকৃষ্ণন। তেওঁক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। তেলেংগানাও অতিৰিক্ত দায়িত্ব হিচাপে তেওঁৰ হাতত আছিল।

৮) অসমৰ ৰাজ্যপাল গুলাবচান্দ কটাৰিয়াক পঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। অতিৰিক্ত দায়িত্ব হিচাপে তেওঁক ৰাষ্ট্ৰপতিয়ে চণ্ডীগড়ৰ প্ৰশাসকৰ দায়িত্বও দিয়া হৈছে। ৰাষ্ট্ৰপতি ভৱনে জনোৱা মতে, বানোৱাৰীলাল পুৰোহিতৰ পঞ্জাৱৰ ৰাজ্যপাল আৰু চণ্ডীগড়ৰ প্ৰশাসক পদৰ পদত্যাগ গ্ৰহণ কৰা হৈছে।

৯) ছিকিমৰ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যক অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ মণিপুৰৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিব।

ইপিনে, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া কে কৈলাশানাথনক পুডুচেৰীৰ লেফটেনেণ্ট গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে থকা কালত কৈলাশনাথন মোডীৰ মুখ্য প্ৰধান সচিব আছিল। তেওঁ দীৰ্ঘদিন গুজৰাটৰ মুখ্যমন্ত্ৰীৰ মুখ্য প্ৰধান সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৩০ জুনত তেওঁ পদত্যাগ কৰে।

ৰাষ্ট্ৰপতি ভৱনে জনাইছে যে যিসকলক নতুন দায়িত্বত নিযুক্তি দিয়া হৈছে, তেওঁলোকৰ কাৰ্যকাল তেওঁলোকে দায়িত্বভাৰ গ্ৰহণ কৰা দিনৰে পৰা আৰম্ভ হ’ব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd