• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ কৃতী ছাত্ৰ-ছাত্ৰীক বৰপেটা জিলা প্ৰশাসনৰ সম্বৰ্ধনা

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
June 8, 2018 9:34 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত স্থান লাভ কৰি বৰপেটা জিলালৈ সুনাম কঢ়িয়াই অনা মুঠ ১১ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক আজি বৰপেটা জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

জিলা প্ৰশাসনৰ উদ্যোগত আৰু বৰপেটা জিলা অধিবিদ্যা পৰিষদৰ সহযোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিয়লি প্ৰায় ৪ বজাৰ পৰা অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰ্জুন চন্দ্ৰ দাসে।

Apply Now

জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত কৃতী ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি দিয়া চমু ভাষণত অৰ্জুন চন্দ্ৰ দাসে কয় যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলতকৈ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলৰ গুৰুত্ব বহু বেছি। কিয়নো এই পৰীক্ষাৰ ফলাফলে ছাত্ৰ-ছাত্ৰীৰ দিক-নিৰ্ণয় কৰে।

অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত ডাঃ বাবুল চহৰীয়া, আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱা, বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্নাৰাণী বৰ্মনৰ লগতে কেইবাগৰাকী বিষয়ববীয়া আৰু শিক্ষানুষ্ঠানৰ মুৰববীসকল উপস্থিত থাকে।

এই সম্বৰ্ধনা সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা আনন্দৰাম বৰুৱা একামেডীৰ ছাত্ৰ অবিনাশ কলিতা, ছেইণ্ট টেৰেছা ইংৰাজী বিদ্যালয়ৰ চুলতানা আঈশ্বাহ ছিদ্দিকা, শ্যামলিনা পাঠক, আনন্দৰাম বৰুৱা একাডেমীৰ নিবিড় ডেকাক জিলা প্ৰশাসনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়।

একেদৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ বিজ্ঞান শাখাত স্থান লাভ কৰা কৃষ্ণকান্ত সন্দিকৈ কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ ক্ৰমে নীহাৰিকা গোস্বামী, ভাস্কৰজ্যোতি কলিতা, ভাস্বতী কলিতা আৰু আনন্দৰাম বৰুৱা একাডেমীৰ ফাৰদিন ৰফিক, কৃষ্ণকান্ত সন্দিকৈ কনিষ্ঠ মহাবিদ্যালয়ৰ ভনিতা ৰয়, ঋতুপৰ্ণ কলিতা আৰু হিয়াশ্ৰী চৌধুৰীক সম্বৰ্ধনা জনোৱা হয়। কৃতী ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ অভিনন্দন পত্ৰ, ফুলাম গামোচা, কিতাপৰ টোপোলা প্ৰদান কৰা হয়।

আনহাতে এই সম্বৰ্ধনা অনুষ্ঠানত আনন্দৰাম বৰুৱা কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত ডেকা আৰু ছেইণ্ট টেৰেছা ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বিপিন পি এছ উপস্থিত থাকে।

সম্বৰ্ধনা অনুষ্ঠানৰ পিছত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰা অবিনাশ কলিতাৰ পিতৃ তথা অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান বিদ্যাভৱন নিত্যানন্দ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক নিৰ্মল কলিতাই পুত্ৰৰ সাফল্যত যথেষ্ট উৎসাহী যদিও ভেন্সাৰ শিক্ষানুষ্ঠানত কৰ্মৰত হোৱা হেতুকে পুত্ৰক উপযুক্ত শিক্ষাৰে গঢ় দিব পাৰিব নে নাই তাক লৈ সংবাদ মাধ্যমৰ আগত আশংকা ব্যক্ত কৰে।

কৃতী ছাত্ৰগৰাকীৰ পিতৃয়ে দৰমহাৰ মুখ নেদেখাকৈ বহু বছৰ ধৰি শিক্ষকতা কৰি অহাৰ ফলত পৰিয়ালটোলৈ বহু সমস্যা নামি পৰা বুলি উল্লেখ কৰি এনে শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক-কৰ্মচাৰীসকলক আৰ্থিক দিশত সকাহ দিয়াৰ বাবে চৰকাৰক আহ্বান জনায় অবিনাশ কলিতাৰ পিতৃ নিৰ্মল কলিতাই।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd