• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মোদী চৰকাৰৰ শাসনত প্ৰতি ২৪ ঘণ্টাত দেশৰ ৩৫জন কৃষকে আত্মহত্যা কৰে : শক্তি সিং গোহিল

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 26, 2018 7:06 pm

3 min read

মোদী চৰকাৰৰ শাসনত প্ৰতি ২৪ ঘণ্টাত দেশৰ ৩৫জন কৃষকে আত্মহত্যা কৰে : শক্তি সিং গোহিল

২৬ মে'ত ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰা অৱস্থাত কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শক্তি সিং গোহিল। কাষত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : য়ু বি।

86
VIEWS
Share on FacebookShare on Twitter

“কৃষকসকল দেশৰ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ। কিন্তু নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ পিছৰ পৰা কৃষকসকলৰ অৱস্থা অতি শোচনীয় হৈছে। ফলত কৃষকসকলে আত্মহত্যাৰ পথ বাছি লৈছে। এতিয়া ভাৰতত ২৪ ঘণ্টাৰ ভিতৰত প্ৰায় ৩৫ জনকৈ কৃষকে আত্মহত্যা কৰে।”

শনিবাৰে মহানগৰীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা বিহাৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য দায়িত্বত থকা শক্তি সিং গোহিলে এই মন্তব্য কৰে।

উল্লেখযোগ্য যে মোদী চৰকাৰে চৰকাৰ গঠন কৰাৰ পৰা বিগত চাৰিবছৰ সমগ্ৰ ভাৰতৰ জনতাক বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি ভাৰতীয় জাতীয় কংগ্ৰেছে আজি সমগ্ৰ দেশতে বিশ্বাঘাতকতা দিৱস উদযাপন কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজীৱ ভৱনতো আজি কংগ্ৰেছ দলে বিশ্বাসঘাতকতা দিৱস পালন কৰে।

আনহাতে, দলটোৰ মুখপাত্ৰ গোহিলে আজিৰ সংবাদমেলত মোদী চৰকাৰে চাৰি বছৰত কৃষি খণ্ডক চৰম বিপৰ্য্যয়লৈ ঠেলি দিছে বুলি উল্লেখ কৰি কয় যে ২০০৪ চনৰ পৰা ২০১৪ চনলৈ কৃষিখণ্ডৰ বিকাশ ৪.২ শতাংশ থকাৰ বিপৰীতে ২০১৪-২০১৮ চনলৈকে মোদী চৰকাৰৰ দিনত এই হাৰ ক্ৰমান্বয়ে কমি ১.৯ শতাংশহে হৈছেগৈ।

তদুপৰি তেওঁ কয়, “মোদী চৰকাৰৰ ফচল বীমা যোজনাৰ পৰা জীৱন বীমা কোম্পানীসমূহৰ লাভ হৈছে, কৃষকসকলৰ হোৱা নাই।”

তেওঁ অভিযোগ কৰে যে ২০১৬-১৭ বৰ্ষৰ শস্যবৰ্ষৰ ২০,৪৭৮ কোটি টকাৰ ৫,৬৫০ কোটি টকা ভাৰতৰ কৃষকসকলে লাভ কৰাৰ বিপৰীতে বাকীখিনি কোম্পানীসমূহেই আত্মসাৎ কৰিছে।

“মোদী চৰকাৰৰ দিনত কৃষিৰ পৰা উৎপাদিত সামগ্ৰীৰ আমদানি-ৰপ্তানি দ্ৰুতগতিত হ্ৰাস হৈছে।” এইদৰে কয় মুখপাত্ৰগৰাকীয়ে।

তেওঁ তথ্য দাঙি ধৰি কয়, “২০১৩-১৪ বৰ্ষত অৰ্থাৎ কংগ্ৰেছৰ দিনত ৰপ্তানিৰ হাৰ আছিল ৪৩.২৩ শতাংশ আৰু আমদানিৰ হাৰ আছিল ১৫.০৩ শতাংশ।

কিন্তু বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত ২০১৪-১৫ বৰ্ষত ৰপ্তানিৰ হাৰ হ্ৰাস পাই ৩৯.০৬ শতাংশ হোৱাৰ বিপৰীতে আমদানিৰ হাৰ বৃদ্ধি পাই ২০.৬২ শতাংশ হ’লগৈ। ২০১৫-১৬ বৰ্ষত ৰপ্তানি ৩২.৭৯ শতাংশ হোৱাৰ বিপৰীতে আমদানিৰ হাৰ বৃদ্ধি পাই ২২.০৬ শতাংশ হয়। আনহাতে ২০১৬-১৭ বৰ্ষত ৰপ্তানি ৩৩.৮৭ শতাংশ হোৱাৰ বিপৰীতে আমদানি হৈছিল ২৫.০৯ শতাংশ হয়।

ই কৃষকৰ দুগুণ বিপৰ্য্যয় মাতি আনে, কাৰণ কৃষক উৎপাদিত সামগ্ৰীৰ ৰপ্তানি ৯.৪ বিলিয়ন মাৰ্কিন ডলাৰ হ্ৰাস পোৱাৰ বিপৰীতে আমদানি ১০.০৬ বিলিয়ন মাৰ্কিন ডলাৰ বৃদ্ধি পায়।

এই ক্ষেত্ৰত কংগ্ৰেছ দলটোৰ মুখপাত্ৰজনে ফচলৰ মাফিয়াৰ সৈতে চৰকাৰৰ বুজাবুজি থকা বুলি সন্দেহ ব্যক্ত কৰে।

ইয়াৰোপৰি সংবাদমেলখনত মোদী চৰকাৰে নিৰ্বাচনৰ পূৰ্বে বছৰেকত দেশৰ ২ কোটি যুৱকক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বুলি উল্লেখ কৰি কয় যে ২০১৬-১৭ বৰ্ষত মোদী চৰকাৰে চাৰি বছৰত মাত্ৰ ৪.১৬ লাখ নিবনুৱাকহে সংস্থাপন দিব পাৰিছে।

হাস্যকৰভাৱে উক্ত সংবাদেমেলত উপস্থিত থকা সাংবাদিকসকলৰ বেংক একাউণ্টত ১৫ লাখকৈ টকা সোমালনে বুলি প্ৰশ্ন কৰি তেওঁ কয় “মোদীয়ে নিৰ্বাচনৰ পূৰ্বে ১০০ দিনৰ ভিতৰত ৮০ লাখ কোটি ক’লা ধন বিদেশৰ পৰা ঘূৰাই আনি প্ৰত্যেক ভাৰতীয়ৰ একাউণ্টত ১৫ লাখ টকাকৈ ভৰাই দিম বুলি প্ৰতিশ্ৰুতি দিছিল। নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰতিশ্ৰুতি এটাও পালন কৰা নাই আৰু তেওঁ নিৰ্বাচনৰ আগৰ পৰা বৰ্তমানলৈকে মিছাৰ আশ্ৰয় লৈয়ে চলি আছে।”

“পকৰী বনাই জীৱন নিৰ্বাহ কৰাটোও এক প্ৰকাৰৰ সংস্থাপন বুলি কৈছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। মই অমিত শ্বাহক এই সংবাদ মেলৰ পৰাই সুধিব বিচাৰিছো, অসমৰ যুৱ-প্ৰজন্মৰ লগতে সমগ্ৰ দেশৰ যুৱ-প্ৰজন্মক অমিত শ্বাহৰ পুত্ৰই কেনেকৈ ৫০ হাজাৰ টকাৰ পৰা ৮০ কোটি টকালৈ নিজৰ উপাৰ্জন বঢ়ালে, সেই প্ৰক্ৰিয়াটো শিকাই দিয়ক। ললিত মোদী, নীৰৱ মোদীয়ে কোটি-কোটি টকা আত্মসাৎ কৰি দেশৰ পৰা বাহিৰলৈ পলায়ন কৰিলে।” সংবাদমেলত শক্তি সিং গোহলিয়ে কয়।

আজিৰ সংবাদমেলখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, প্ৰাক্তন মন্ত্ৰী পথ্বী মাঝিকে ধৰি আন আন বিষয়ববীয়াসকলো উপস্থিত থাকে।

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd