DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ম্যানমাৰৰ পৰা চাউল সংগ্ৰহত শক্তিশালী ‘সংগ্ৰাহক লবি’ৰ দৃঢ় বাধাই দলিয়াই পেলাইছে এক্ট ইষ্ট নীতিকে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2018 10:35 pm
387
VIEWS
Share on FacebookShare on Twitter

মণিপুৰ, মিজোৰাম হৈ ভাৰতলে ৩ মিলিয়ন চাউল ৰপ্তানি কৰিব খোজা বন্ধুত্বপূৰ্ণ চুবুৰীয়া ম্যানমাৰৰ ইচ্ছাৰ বাটত দেশৰ শক্তিশালী ‘সংগ্ৰাহক লবি’এ  খাৰা কৰা দৃঢ় বাধাৰ ফলত থেকেচা খাব লগা হৈছে ভাৰতৰ বহুল প্ৰচাৰিত এক্ট ইষ্ট নীতি।

চুবুৰীয়া ৰাষ্ট্ৰ বিশেষকৈ ম্যানমাৰৰ পৰা চাউল আৰু দাইল সংগ্ৰহৰ প্ৰচেষ্টাত এক শক্তিশালী ‘সংগ্ৰাহক লবি’ সদায় বাধা হিচাপে থিয় দি আহিছে। ফলত উত্তৰ-পূবৰ ৰাজ্যকেইখনলৈ সুদূৰ পাঞ্জাব, হাৰিয়ানাৰ দৰে ৰাজ্যৰ পৰা এফ চি আয়ে চাউল, দাইল সংগ্ৰহ কৰিব লগা হৈছে।

ম্যানমাৰৰ ৰাষ্ট্ৰপতি টিন কিয়াৱে শেহতীয়াকৈ কৈছিল যে এই বিত্তীয় বৰ্ষত দেশখনে ৩ মিলিয়ন চাউল ৰপ্তানি কৰিব পাৰিব আৰু ই হ’ব যোৱা ৭০ বছৰৰ ভিতৰত সৰ্বাধিক। আচৰিত কথাটো হ’ল ম্যানমাৰৰ পৰা কিছু উৎকৃষ্ট চাউল আমদানিৰ বাবে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ নাই কোনো দৃশ্যমান আগ্ৰহ।

বেছিখিনি চাউল এফ চি আয়ে পাঞ্জাব আৰু আন উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ পৰা সংগ্ৰহ কৰে আৰু মিজোৰাম, মণিপুৰৰ দৰে প্ৰান্তীয় ৰাজ্যসমূহলৈ এই চাউল পৰিবহণৰ বাবদ কোটি কোটি টকা খৰচ হয়। অথচ ম্যানমাৰৰ সৈতে এই দুয়োখন ৰাজ্যৰ আছে সুদীৰ্ঘ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু ম’ৰে আৰু চাম্ফাইত আছে দুটা গুৰুত্বপূৰ্ণ স্থল শূল্ক আস্থান।

অসম বা উত্তৰ-পূবৰ আন ৰাজ্যলৈ পাঞ্জাব বা ছত্তিশগড়ৰ দৰে ৰাজ্যৰ পৰা চাউল সংগ্ৰহ কৰাটো পৰিচালনা আৰু পৰিবহণ মাচুলৰ বাবে ব্যয়বহূল হৈ উঠে। তাৰোপৰি চাউলৰ দানাৰ এটা জীৱনকালো থাকে। বহুসময়ত সংগৃহিত চাউল গুদামতে বা পৰিবহণ কালতে পচে। সেয়ে ম্যানমাৰৰ পৰা চাউল সংগ্ৰহ কৰিলে এফ চি আইৰ খৰচ আৰু অপচয় দুয়োটাই হ্ৰাস পাব।

লক্ষণীয়ভাৱে শক্তিশালী উত্তৰ ভাৰতীয় চক্ৰ এটাই এইক্ষেত্ৰত সদায় বাধা প্ৰদান কৰি আহিছে। মণিপুৰ আৰু মিজোৰামত চলি থকা ৰে’লপথ নিৰ্মাণৰ বাবে ৰাজ্যকেইখনত হোৱা যোগান সংকট এৰাই চলিবৰ বাবে ২০১৪ চনত ম্যানমাৰৰ পৰা ১ লাখ টন চাউল আমদানিৰ বাবে ভাৰত চৰকাৰে হাতত লোৱা প্ৰচেষ্টাকো আনকি এই চক্ৰটোৱে ধ্বংস কৰিছিল।

মণিপুৰৰ ম’ৰেৰ থল শূল্ক আস্থানলৈ ২০ হাজাৰ মেট্ৰিক টন চাউল আমদানিৰ বাবে ২০১৪ চনৰ ৫ নবেম্বৰত ষ্টে’ট ট্ৰে’ডিং কৰ্পৰে’শ্বন অৱ ইণ্ডিয়াই বিদেশী যোগনীয়াৰৰ পৰা বন্ধ টেণ্ডাৰ (TENDER NO: STC/AC/RICE/IMP/02/2014-15) আহ্বান কৰিছিল। ভাৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত ৰাজ্যসমূহলৈ চাউল, দাইল যোগানৰ বাবে আৰু মুকলি বজাৰৰ বাবেও ষ্টে’ট ট্ৰে’ডিং কৰ্পৰে’শ্বন অৱ ইণ্ডিয়াই চাউল আৰু দাইল আমদানি কৰে।

মণিপুৰৰ ম’ৰেৰ শূল্ক আস্থানত ২০১৪ চনৰ ২০ ডিচেম্বৰৰ পৰা ২০১৫ চনৰ ২৫ জানুৱাৰিৰ ভিতৰত ১০ হাজাৰ মেট্ৰিক টন আৰু ২০১৫ চনৰ ১ ফেব্ৰুৱাৰিৰ পৰা ২৮ ফেব্ৰুৱাৰিৰ ভিতৰত ১০ হাজাৰ মেট্ৰিক টন চাউল যোগানৰ বাবে সম্ভাব্য বিদেশী যোগানকাৰীৰ পৰা টেণ্ডাৰ আহ্বান কৰা হৈছিল।

২০১৪ চনত অসমৰ লামডিং আৰু শিলচৰৰ মাজত মিটাৰ গজৰ পৰা ব্ৰড গজলৈ ৰে’ল পথ উন্নীতকৰণৰ কাম চলি আছিল। এই পথটোৱেই মণিপুৰ আৰু মিজোৰামক দেশৰ বাকী অংশৰ লগত সংযোগ কৰে।

কিন্তু শক্তিশালী ‘সংগ্ৰাহক লবি’ৰ হেঁচাত টেণ্ডাৰ প্ৰক্ৰিয়াটোৱে এলাগী হৈ পৰি ৰয়।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd