আমেৰিকাৰ দক্ষিণ ফ্ল’ৰিডাৰ ঘন জনবসতিপূৰ্ণ অঞ্চলত এখন বিলাসী ব্যক্তিগত বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। দেওবাৰে বিয়লি সংঘটিত হোৱা এই ঘটনাত বিমানত থকা ৯ জন লোকৰ আটাইকেইজন লোক নিহত হয়।
লিয়াৰজেট ৬০(Learjet 60)মডেলৰ বিমানখন হঠাতে আকাশৰ পৰা পোনে পোনে তললৈ সৰি পৰি তীব্ৰ শব্দৰে বিস্ফোৰণ ঘটে। লগে লগে বিমানখনত অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাৰ বাবে অঞ্চলটোৰ কেইবাটাও ঘৰ ক্ষতিগ্ৰস্ত হয়।
আৰক্ষীয়ে জনোৱা মতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাৰ-এ-লাগো ৰিজ’ৰ্টৰ পৰা মাত্ৰ ১৪ কিলোমিটাৰ দূৰত্বত অৱস্থিত পাম বিচ কাউন্টিৰ ক্ৰীশ্বেভেন অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনা।
টেক্সাছৰ অষ্টিন-বাৰ্গষ্ট্ৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বাহামাৰ নৰ্থ এলিউথেৰা বিমানবন্দৰলৈ গৈ আছিল বিমানখন। প্ৰথম অৱস্থাত বিমানখনে বোকাৰেটনৰ পৰা উৰা মাৰিছিল বুলি কিছু খবৰ ওলাইছিল যদিও এই কথা নিশ্চিত হোৱা নাই। প্ৰায় ৮০০০ ফুট উচ্চতাত উৰি থাকোঁতে হঠাৎ সোঁফালে ঘূৰি ক্ষেপণাস্ত্ৰৰ বেগত মাটিৰ ফালে নামি আহে বিমানখন।
মিলিটাৰী ট্ৰেইল আৰু ১০ এভিনিউ নৰ্থৰ ওচৰত স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় ১ বজাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰত্যক্ষদৰ্শীৰ মতে, বিমানখনে গছত খুন্দা মাৰি বিদ্যুৎ পৰিবাহী তাঁৰ ভাঙি পেলোৱাৰ পূৰ্বে পথত পৰি যায়।
দুৰ্ঘটনাটোৰ ফলত অঞ্চলটোৰ পথটোত এটা বৃহৎ গহ্বৰ সৃষ্টি হোৱাৰ লগতে বিমানখনৰ জ্বলি থকা টুকুৰাবোৰ সিঁচৰতি হৈ পৰে। আকাশখন ডাঠ ক’লা ধোঁৱাই আৱৰি ধৰিছিল। পাৰ হৈ যোৱা এখন গাড়ীৰ কেমেৰাত বন্দী হয় ভয়ংকৰ বিস্ফোৰণৰ ছবি।
দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত অঞ্চলটোত আকাশ ডাৱৰীয়া হোৱাৰ লগতে বৰষুণ পৰিছিল আৰু বজ্ৰপাত হৈছিল। মিয়ামি বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, ঘণ্টাত প্ৰায় ১৫ৰ পৰা ২৫ মাইল বেগত ধুমুহা বলিছিল। দুৰ্ঘটনাটো কাৰণ বতৰ সম্পৰ্কীয় নেকি তাৰ তদন্ত অব্যাহত আছে। আমেৰিকাৰ পৰিবহণ সচিব শ্বেন ডাফীয়ে এই ঘটনাত শোক প্ৰকাশ কৰে।
WATCH: New video captures the aircraft crash in Greenacres, Florida. https://t.co/LTy88l1Xkz
— AZ Intel (@AZ_Intel_) November 1, 2026
দুৰ্ঘটনাৰ পিছতে আৰক্ষীয়ে মিলিটাৰী ট্ৰেইলৰ সকলো লেন বন্ধ কৰি দিয়ে। অৱশ্যে বিকল্প পথৰ পৰামৰ্শ দিয়া হয়। ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচন (এফ এ এ) আৰু নেশ্যনেল ট্ৰেন্সপ’ৰ্টেশন ছেফটি ব’ৰ্ড (এন টি এছ বি) ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয়ৰ বাবে উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে। একে সময়তে আমেৰিকাৰ পৰিবহণ বিভাগে সমগ্ৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে।


