ম্যানমাৰ সীমান্তত সংস্থাপিত লেণ্ডমাইন বিস্ফোৰণত দুয়োখন ভৰি হেৰুৱালে বাংলাদেশৰ এজন খেতিয়কে

Reprentative picture

লেণ্ডমাইন বিস্ফোৰণত বাংলাদেশৰ এজন খেতিয়কে দুয়োখন ভৰি হেৰুৱাবলগীয়া হয়।  ম্যানমাৰ সুৰক্ষা বাহিনীয়ে সংস্থাপিত কৰি ৰখা লেণ্ডমাইনত বাংলাদেশৰ খেতিয়কজনে খোজ দিয়াৰ লগে লগে বিস্ফোৰণটো সংঘটিত হয়। বিস্ফোৰণত খেতিয়কজনৰ দুয়োখন ভৰিয়ে সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়।

উল্লেখ্য যে ম্যানমাৰ সুৰক্ষা বাহিনীয়ে ম্যানমাৰ-বাংলাদেশ সীমান্তৰ মধ্যৱৰ্তী এলেকাত এই লেণ্ডমাইনটো সংস্থাপন কৰি ৰাখিছিল বুলি চৰকাৰী সূত্ৰই জানিব দিছে।

দক্ষিণ বাংলাদেশৰ নাইখংছাৰি নগৰৰ বাংলাদেশ-ম্যানমাৰ সীমান্তত বডিউৰ ৰহমান নামৰ খেতিয়কজনে সেই অঞ্চলত প্ৰৱেশ কৰাৰ লগে লগে উক্ত বিস্ফোৰণটো সংঘটিত হয়।

‘খেতিয়কজনৰ গৰু ম্যানমাৰৰ সীমা নিৰপেক্ষ অঞ্চলত প্ৰৱেশ কৰিছিল। গৰু উদ্ধাৰৰ বাবে যাওতে ভূলক্ৰমে তেওঁ ম্যানমাৰ সুৰক্ষা বাহিনীয়ে পূৰ্বতে সংস্থাপিত কৰি ৰখা লেণ্ডমাইনত খোজ দিয়ে আৰু তেতিয়াই বিস্ফোৰণটো সংঘটিত হয়’, স্থানীয় চৰকাৰী প্ৰশাসনীয় বিষয়া চাৰৱাৰ কামালে এই কথা জনায়।

ঘটনা সংঘটিত হোৱাৰ পিছত ৪৫ বছৰীয়া খেতিয়কজনক স্থানীয় চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয় যদিও পিছলৈ তেওঁক উন্নত চিকিৎসাৰ বাবে চিটাগঙলৈ প্ৰেৰণ কৰা হয়।

বৰ্তমান খেতিয়কজনৰ অৱস্থা সংকটজনক বুলি চিকিৎসাকৰ্মীয়ে জানিবলৈ দিয়ে।

মনকৰিবলগীয়া যে বাংলাদেশ সীমান্তৰ বিষয়াই সীমান্ত অঞ্চলত ম্যানমাৰ সুৰক্ষা বাহিনীয়ে লেণ্ডমাইন সংস্থাপন কৰা ঘটনাৰ ফলতে উক্ত ঘটনা সংঘটিত হোৱা বুলি জগৰীয়া কৰিছে।

বাংলাদেশ সীমান্তৰ কামাণ্ডাৰ আনৱাৰুল আজিমে শণিবাৰৰ ঘটনা সন্দৰ্ভত কয় যে উক্ত অঞ্চলত গৰুবোৰে ঘাহ খোৱাৰ বাবে বিচৰণ কৰে আৰু সেইবাবে এনে ঘটনা সংঘটিত হৈছে।

‘ম্যানমাৰ সুৰক্ষা বাহিনীয়ে লেণ্ডমাইন কেইটা আগৰ পৰাই সংস্থাপন কৰি ৰাখিছিল। ৰহমানে ভূলক্ৰমে সেই অঞ্চলত প্ৰৱেশ কৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে’, কামাণ্ডাৰ আনৱাৰুল আজিমে এইদৰে কয়।