• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম’ৰেল পুলিচগিৰি অসমতো আৰম্ভ হ’ল : ৰাজপথত যুৱতীক কৰা অত্যাচাৰৰ দৃশ্য দেখি স্তম্ভিত হ’ল সচেতন নাগৰিক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2018 10:48 pm
Moral_Police
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত ক্ৰম বৰ্ধিত নাৰী নিৰ্যাতনৰ ঘটনাৰ প্ৰতিবাদ চাৰিওফালে হৈছে যদিও, এই ধৰণৰ ঘটনাবোৰ ইটোৰ পিছত সিটোকৈ ঘটিবলৈ ধৰিছে। এইবাৰ গোৱালপাৰাত ম’ৰেল পুলিচৰ দলে চলালে পথচাৰী নাৰীৰ ওপৰত অমানৱীয় অত্যাচাৰ। আজি (৯ এপ্ৰিল) সংঘটিত এই ঘটনাটোৱে সমগ্ৰ ৰাজ্যৰ সচেতন নাগৰিকসকলক এক প্ৰকাৰৰ হতচকিত কৰি তুলিছে।

সূত্ৰসমূহে দাবী কৰা মতে, গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ নিকটৱৰ্তী পাইকান-তুৰা ঘাইপথত আজি এদল উন্মত্ত যুৱকে নিজৰ পৰাকাষ্ঠাৰ সকলো সীমা চেৰাই গৈ এজন যুৱকৰ সৈতে গৈ থকা এগৰাকী যুৱতীক নিৰ্মমভাৱে প্ৰহাৰ কৰে। অত্যাচাৰীসকলে এই ঘটনাটোৰ ভিডিঅ’ও কৰে। এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত নিমিষতে ভাইৰেল হৈ পৰে। ভিডিঅ’টো দেখাৰ পিছত ছ’চিয়েল মিডিয়াত ব্যাপক  প্ৰতিক্ৰিয়া হোৱা দেখা যায়।

Apply Now

জানিব পৰামতে, যুৱতীগৰাকী অসম-মেঘালয় সীমান্তৰ কাশী ঘাগ্ৰাৰ। তেওঁ কৃষ্ণাই বজাৰত বজাৰ কৰি আৰু ঔষধ-পাতি লৈ এজন যুৱকৰ সৈতে মটৰচাইকেলত ঘৰলৈ গৈ আছিল৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এই যুৱকজনৰ সৈতে যুৱতীগৰাকীৰ বিবাহ ঠিক হৈ আছিল আৰু অলপতে দুয়ো বিয়াত বহাৰ কথা। গৈ থকাৰ মাজতে যুৱতীগৰাকীয়ে পাইকান-তুৰা ঘাইপথৰ কৃষ্ণাই ব্লকৰ কিছু নিলগত শালঝাৰত প্ৰস্ৰাৱ কৰিবলৈ বাইকৰ পৰা নামি যায়৷ সেই সময়তে হঠাৎ কেইগৰাকী মান যুৱকে অসামাজিক কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ তুলি কিয় অচিনাকি যুৱকৰ সৈতে যাব বুলি প্ৰশ্ন কৰে আৰু যুৱকজনক জধে-মধে প্ৰহাৰ কৰে৷ তেওঁলোকে মহিলাগৰাকীকো চোৰ-ডকাইতক মৰাৰ দৰে আটাইবোৰ লগ হৈ চৰ-গোৰ মাৰিবলৈ ধৰে। যুৱককেইজনৰ নিৰ্মম প্ৰহাৰত মহিলাগৰাকী চিৎকাৰ কৰি ঢলি মাটিত ঢলি পৰে৷

আনহাতে স্থানীয় সচেতন লোকসকলে এই অত্যাচাৰী তথা ম’ৰেল পুলিচগিৰি দেখুওৱা অপৰাধীকেইজনক ধৰি অতি শীঘ্ৰে কঠোৰ শাস্তি দিবলৈ আৰক্ষীক দাবী জনায়। স্থানীয় লোকসকলে এই ঘটনাক জঘন্য আৰু ঠাইখনৰ বদনাম কৰা ঘটনা বুলি কয়।

শেহতীয়া খবৰ মতে, আক্ৰমণৰ বলি হোৱা মহিলাগৰাকীৰ পৰিয়ালে কৃষ্ণাই থানাত গোচৰ দিছে আৰু আৰক্ষীয়ে ঘটনাত জড়িত কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে। আন কেইজনক বিচাৰ থকা বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd