প্ৰায় ১৬০০০ গীত পৰিৱেশন কৰা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ আজি জন্মদিন। বিগত কেইবছৰমান নিজৰ জন্মদিনটো কলাগুৰু মহোৎসৱ হিচাপে পালন কৰা জুবিনে এইবাৰো নিশা ১২ বজাত কেক কাটি বন্ধুবৰ্গৰ সৈতে পালন কৰিলে ওপজা দিনটো। এইবছৰো জুবিনক দেখা গ’ল এক ব্যতিক্ৰমী ৰূপত। জুবিনৰ খাৰঘুলিৰ বাসগৃহত এজাক কণমানিৰ সৈতে দেৱালত চিত্ৰ অংকনত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গ’ল। তেওঁ আজিৰ পবিত্ৰ দিনটিত খাৰঘুলিৰ বাসগৃহৰ যি দেৱাল সেই দেৱালত ইচ্ছ্যুক সকলোকে চিত্ৰ অংকনৰ বাবে আমন্ত্ৰণ জনায়। উল্লেখযোগ্য যে শেহতীয়াকৈ কেইখনমান অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাণৰ সৈতে জড়িত হৈ পৰা জুবিনে সংগীতৰ লগতে অভিনয় কৰা মুনীন বৰুৱা পৰিচালিত ‘প্ৰিয়াৰ প্ৰিয়’ নামৰ ছবিখনে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আজিৰ দিনটোত জুবিন অনুৰাগী সকলে তেওঁৰ ওপজা দিনত তেওঁক শুভেচ্ছা জ্ঞাপন কৰা দেখা গ’ল।
যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে অতিক্ৰম কৰিলে ৪৫ টা বসন্ত
-
By NE NOW NEWS
- Categories: অসম
Related Content
অসমত B. Pharm বা D. Pharm পাঠ্যক্ৰমত অধ্যয়নৰ বাবে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক!
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 12, 2024 3:40 pm
কংগ্ৰেছ সভাপতি খাৰ্গেৰ হেলিকপ্টাৰত তালাচী; গণতন্ত্ৰক হত্যা কৰাৰ অভিযোগ তুলি সৰৱ কংগ্ৰেছ!
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 12, 2024 1:22 pm
নাছাই প্ৰকাশ কৰিলে একেৰাহে দুটাকৈ সৌৰ বিস্ফোৰণৰ ছবি; সৌৰ ধুমুহাৰ আশংকা বৃদ্ধি
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 12, 2024 12:18 pm
ঋষভ পন্তক নিৰ্বাসনত পঠিয়ালে বিচিচিআইয়ে! দিল্লী কেপিটেলছৰ নতুন নেতাৰ সন্মুখত প্ৰত্যাহ্বান
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 12, 2024 10:28 am
মোডীক মুখামুখি বিতৰ্কলৈ নিমন্ত্ৰণ জনাই ৰাহুল ক’লে, `মই সাজু, মোডীজী মান্তি নহ’ব’
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 12, 2024 9:16 am
IPL 2024: বৰ্ষাবিঘ্নিত মেচত ইডেনত সেমেকিল মুম্বাই; প্লে অফ নিশ্চিত কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 12, 2024 8:09 am