আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিশেষ তৎপৰতা অৱলম্বন কৰিছে অসম ৰাজ্যিক বিজেপিয়ে। সেয়েহে অহা ২০ মে’ত পুনৰ গুৱাহাটীলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। আজি এক সংবাদ মেলযোগে এই কথা সদৰী কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।
সংবাদ মেলত সভাপতি দাসে জানিবলৈ দিয়া মতে আগন্তুক লোকসভা নিৰ্বাচনত সাংগঠনিক সক্ৰিয়তা বৃদ্ধি কৰাৰ বাবে ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে গুৱাহাটীত ‘নেডা’ৰ এখন সভা সম্বোধন কৰিব। লগতে উত্তৰ- পূৰ্বাঞ্চলৰ মুখ্য মন্ত্ৰীসকলৰ লগতো মত বিনিময় কৰিব।
উল্লেখযোগ্য যোৱা ২৬ মাৰ্চত অনুষ্ঠিত বুথ সভাপতিৰ সন্মিলনত উপস্থিত থাকি অমিত শ্বাহে উত্তৰ- পূবৰ ২৫ খন লোকসভাৰ ২১ খন আসনেই বিজেপিৰ দখললৈ আহিব বুলি দাবী কৰিছিল। সেয়েহে পুনৰ উত্তৰ- পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীতে উত্তৰ- পূবৰ বিজেপিশাসিত মুখ্য মন্ত্ৰীসকল আৰু নেডাৰ কাৰ্যকৰ্তাৰ সৈতে সাংগঠনিক দিশটো অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্য এক আলোচনাত মিলিত হ’ব শ্বাহ।
তদুপৰি অহা ২২ মে’ত গোলাঘাট জিলাৰ সৰুপথাৰত অন্য ৰাজনৈতিক দলৰ পৰা ৫০০০ তকৈ অধিক সদস্যই বিজেপি দলত যোগদান কৰিব বুলি আজিৰ সংবাদমেলত দাসে সদৰী কৰে।
আনহাতে ৰাজ্যিক সভাপতি দাসে উল্লেখ কৰা অনুসৰি অহা ৭ মে’ৰ পৰা ১৬ মে’ লৈকে মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টিত বুথ সভা অনুষ্ঠিত কৰি বুথ সমূহৰ পৃষ্ঠপ্ৰমুখ নিযুক্তি দিয়া হ’ব।
মঙ্গলদৈৰ পিছতে ডিব্ৰুগড়ত এই বুথ সভা সমূহ অনুষ্ঠিত হ’ব। ইতিমধ্যে নলবাৰী জিলাত ৩১০০ পৃষ্ঠ প্ৰমুখ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱা বুলি ৰঞ্জিত দাসে অৱগত কৰে।