• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লোক সভাতো দেখা গ’ল ‘হিমা দাস’ৰ সফলতাৰ জয়গান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 19, 2018 9:41 am

2 min read

hima das assam

ফাইল ফটো

781
VIEWS
Share on FacebookShare on Twitter

ফিনলেণ্ডত অনুষ্ঠিত ২০ অনূৰ্ধ্বৰ বিশ্ব এথলেটিকছ  চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা হিমা দাসক বুধবাৰে অভিনন্দন জনালে লোক সভাই। বুধবাৰে সংসদৰ শূন্যকালীন কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে লোক সভাৰ অধ্যক্ষা সুমিত্ৰা মহাজনে স্প্ৰীণ্টাৰ হিমা দাসৰ প্ৰসংগ উল্লেখ কৰি কয় যে দাসে দেশবাসীক গৌৰৱান্বিত কৰিছে। তেওঁৰ এই সফলতাক আমি অভিনন্দন জনাইছো।

কৃষক পৰিয়ালৰ কন্যা হিমা দাসৰ কঠিন অনুশীলন, সংকল্প আৰু জীৱনবোধৰ কথা উল্লেখ কৰি মহাজনে এয়া এগৰাকী ছোৱালীৰ কঠিন অধ্যৱসায়ৰ ফল বুলি মত ব্যক্ত কৰে। হিমাৰ এই সফলতাই ভাৰতৰ সমগ্ৰ উদীয়মান প্ৰজন্মক উৎসাহ তথা প্ৰেৰণা যোগাইছে, যিটো ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ বাবে সুখবৰ। অনাগত দিনত যাতে হিমাই দেশলৈ আৰু অধিক সফলতা অৰ্জন কৰিব পাৰে তাৰ বাবে কামনা কৰে লোকসভাৰ অধ্যক্ষাগৰাকীয়ে।

উল্লেখযোগ্য যে লোক সভাই হিমা দাসক শুভেচ্ছা আৰু অভিনন্দনেৰ ওপচাই পেলোৱাৰ বিপৰীতে ৰাজ্য সভাই তেওঁক অভিনন্দন নজনোৱাত ক্ষোভ ব্যক্ত কৰিছে ৰাজ্য সভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা। সাংসদজনে ৰাজ্য সভাত হিমা দাসক কিয় অভিনন্দন জনোৱা নহ’ল বুলি ৰাজ্য সভাৰ অধ্যক্ষ তথা উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুক প্ৰশ্ন উত্থাপন কৰি এয়া ৰাজ্যবাসীৰ বাবে এক প্ৰতাৰণা বুলি অভিহিত কৰে।

উল্লেখযোগ্য যে নাইডুৱে এই সন্দৰ্ভত কোনোধৰণৰ মত ব্যক্ত নকৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে সাংসদ ভূৱনেশ্বৰ কলিতা আৰু ৰিপুন বৰাই।

জানিব পৰা মতে অসমৰ সাংসদদ্বয়ে ৰাজ্য সভাৰ কংগ্ৰেছৰ নেতা গোলাম  নবী আজাদক সমগ্ৰ বিষয়টো সন্দৰ্ভত অৱগত কৰি দলীয়ভাৱে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনায়।

Recent News

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

Modi-2

দেশৰ ৩০০৬ টা কেন্দ্ৰত প্ৰদান কৰা হ’ব কোভিড ভেকচিন,এইসকল লোকে ল’ব নোৱাৰিব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd