• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শংকাত ভোগা জনগণৰ নিৰাপত্তাৰ স্বার্থত বেপৰোৱা তুলিৰামক তৎকালে বর্খাস্ত কৰক : কংগ্ৰেছ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 11, 2018 4:32 pm

2 min read

ApurbaBhatta-570x320
85
VIEWS
Share on FacebookShare on Twitter

কার্বি আংলঙৰ ডকমকাত আজিৰ পৰা দুদিনৰ পূর্বে দুগৰাকী নিৰপৰাধী যুবক নীলোৎপল আৰু অভিজিৎ পাণজুৰি গাওঁৰ এচাম লোকৰ নৃশংস আক্রমণত নিহত হোৱাৰ ৪৮ ঘন্টা পাৰ হোৱাৰ পিছতো কার্বি আলং জিলা স্বায়ত্ব শাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাংৰ কোনো সাৰসুৰ নোহোৱা কার্য্য চৰম দায়িত্বহীনতাৰ পৰিচায়ক বুলি অভিহিত কৰিছে অসম প্রদেশ কংগ্রেছ কমিটিয়ে। কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্ই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে।

‘’মুখ্যমন্ত্রী সোণোৱালৰ বিশ্বস্ত সৈনিক, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শর্মাৰ বুকুৰ কুটুম আৰু বিজেপি সভাপতি ৰঞ্জিত দাসৰ আস্থাৰ পাত্র তুলিৰাম ৰংহাং ডাঙৰীয়া এই সংকটৰ সময়ত কলৈ গ’ল? যি সময়ত ডকমকালৈ গৈ পৰিস্থিতিৰ সমুখৰ পৰা মোকাবিলা কৰিব লাগিছিল, সেই সময়ত ঘটনা সংঘটিত হোৱাৰ পিছত শনিবাৰে নিশা কাৰ সাহসত বিদেশলৈ গ’ল?’’- বুলি প্ৰশ্ন কৰে কংগ্ৰেছে।

মৃতকৰ পৰিয়ালৰ কাষত ঠিয় হোৱাৰ প্রয়োজন অনুভব নকৰা কার্য্যত মুখ্যমন্ত্রীয়ে কঠোৰ শাস্তি বিহিব পাৰিবনে বুলি প্ৰশ্ন কৰি দায়সৰা তুলুঙা মন্তব্য প্রদান কৰা জিলা উপায়ুক্তৰ ক্ষেত্রত ৰাইজৰ আস্থা নোহোৱা হোৱাৰ পিছতো দিছপুৰৰ দৰদ কিয় বুলি চৰকাৰক জবাবদিহি কৰে কংগ্ৰেছে।

জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা তথা সুৰক্ষা দিবলৈ অসমর্থ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে কর্তব্য পালনত ব্যর্থ হোৱাৰ অভিযোগ তুলি দলটোৱে বিষয়াগৰাকীৰ বিৰুদ্ধে কিয় শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা নাই তাৰ উত্তৰ বিচাৰে।

বিবৃতিটোত লগতে কোৱা হৈছে- ‘’ৰাজ্যখনত আইন শৃংখলাৰ চৰম অৱনতি ঘটিছে। কার্বি পাহাৰ আজি কলংকিত। মানৱতাৰ বধ্যভূমিলৈ পৰিণত। ভিতৰুৱা অঞ্চলত কু-সংস্কাৰ আৰু অপপ্রচাৰৰ ইতিমধ্যে কেইবাজনো বলি হোৱাৰ পিছতো স্বায়ত্ব শাসিত পৰিষদ আৰু জিলা প্রশাসন নির্লিপ্ত হৈ আছিল কেনেকৈ?‘’

আজিৰ পৰা দুবছৰৰ পূর্বে দিনদুপৰত ডিফুৰ অটো ষ্টেণ্ডত পিতৃৰ সমুখতে পুত্রক বিনা দোষত নৃশংসভাবে হত্যা কৰা ঘটনাৰ পিছতো বিজেপি নেতৃত্বাধীন স্বায়ত্ব শাসিত পৰিষদৰ একো কৰণীয় নাছিল নেকি বুলিও কংগ্ৰেছে প্ৰশ্ন কৰে।

কার্বি পাহাৰত আৰক্ষীয়ে অপৰাধ ৰোধৰ বিপৰীতে নীৰৱ দর্শক হৈ ভিডিঅ’ কৰাত ব্যস্ত থকা বিষয়টোতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছে পাণজুৰি কছাৰী গাওঁৰ মানুহৰ মাজত সোপাধৰাৰ আতংক সৃষ্টিৰ বিষয়ে চোৰাংচোৱা জ্ঞাত নাছিল নেকি বুলি প্ৰশ্ন তোলে।

শংকাত ভোগা জনগণৰ নিৰাপত্তাৰ স্বার্থত বেপৰোৱা তুলিৰামক তৎকালে বর্খাস্ত কৰাৰ দাবী তুলি কংগ্ৰেছে হত্যাকাৰী এজনো যাতে দুর্বল “কেছ ডায়েৰীৰ ” কাৰণে ৰেহাই নাপায় সেইটো নিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd