শিক্ষাৰ্থীৰ জলপানিৰ ধনৰ লোভো সামৰিব নোৱাৰিলে প্ৰধান শিক্ষকে; নগাঁৱত দালাল আৰু প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

polices_arrested_-678x381

প্ৰতিনিধিত্বমূলক ফটো

নগাঁও জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত দুখীয়া সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বাবে থকা কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু কল্যাণ আঁচনিৰ অধীনত দিয়া জলপানিৰ গইনা লৈ কেতবোৰ অসাধু চক্ৰই লাখ লাখ টকা আত্মসাৎ কৰা ঘটনা পোহৰলৈ আহিছে। জিলাখনৰ গাখজুৱা লালুংগাঁও প্ৰাথমিক বিদ্যালয়ৰ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ ২০১৭-১৮ বৰ্ষৰ সংখ্যালঘু জলপানিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত মঙলবাৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক চিৰাজ উদ্দিন আৰু তেওঁৰ সতীৰ্থ তথা দালাল নবী হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি অভিযুক্ত চিৰাজ উদ্দিনে মধ্যভোগী নবী হুছেইনৰ জৰিয়তে বিদ্যালয়খনত অধ্যয়নৰত ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ হৈ সংখ্যালঘু জলপানি লাভৰ বাবে অনলাইনযোগে আবেদন কৰিছিল। পৰৱৰ্তী সময়ত বিদ্যালয়খনৰ ১৮৬ গৰাকী সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আহে প্ৰায় ১০ লাখ টকা। অভিযোগ অনুসৰি সেই জলপানিৰ ধন ছাত্ৰ-ছাত্ৰীক দিয়াৰ পৰিৱৰ্তে চিৰাজ উদ্দিন আৰু নবী হুছেইনে আত্মসাৎ কৰে।

উল্লেখ্য যে পৰৱৰ্তী সময়ত বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষই ব্যৱহাৰিক প্ৰমাণপত্ৰ বিচৰাত বিপাঙত পৰে প্রধান শিক্ষক চিৰাজ উদ্দিন। চিৰাজ উদ্দিন আৰু নবী হুছেইনে বিষয়টো অন্য দিশলৈ গতি কৰোৱাৰ বাবে বটদ্ৰৱা থানাত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪০৬/৪০৯ ধাৰাৰ অধীনত ১২৯/২০১৮ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

আৰক্ষীৰ তদন্তত ৰহস্যজনকভাবে ছাত্ৰ-ছাত্ৰীসকলৰ জলপানিৰ ধন আত্মসাতৰ লগত প্ৰধান শিক্ষক চিৰাজ উদ্দিন আৰু মধ্যভোগী নবী হুছেইন জড়িত থকাৰ কথা পোহৰলৈ আহে। আৰু অৱশেষত আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত সোমবাৰে নিশা দুয়োজনকে গ্ৰেপ্তাৰ কৰি মঙলবাৰে আদালতত হাজিৰ কৰোৱায়। দুয়োজন অভিযুক্তকে আৰক্ষীয়ে এদিনৰ বাবে নিজৰ জিম্মাত লয়।

উল্লেখ্য যে এই জলপানিৰ ধনৰ বিভাগীয় কাম কৰা নগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ ড্ৰিলিং এছিছটেণ্ট নজৰুল ইছলামকো বিচাৰি আৰক্ষীৰ দলে মঙলবাৰে পুৱা কাৰ্যালয়লৈ যায় যদিও লগ নাপালে। ইয়াৰ উপৰি নগাঁও মহকুমাৰ বিদ্যালয় পৰিদৰ্শক বুদ্ধ কটকীকো ধন আত্মসাৎ কৰাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কাৰ্যালয়তে বহু সময় সোধা পোছা কৰে।

আৰক্ষীৰ এনে তৎপৰতাই এতিয়া বহুতৰে নিদ্ৰা হৰণ কৰাৰ লগতে এই বিয়াগোম দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰিলে ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনাই গা কৰি উঠিছে।