DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিক্ষা মন্ত্ৰীৰ সৈতে বৈঠক প্ৰাথমিক শিক্ষক সন্মিলনীৰ : সাময়িকভাৱে স্থগিত অসহযোগ কাৰ্যসূচী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 19, 2018 9:55 pm
শিক্ষা মন্ত্ৰীৰ সৈতে বৈঠক প্ৰাথমিক শিক্ষক সন্মিলনীৰ : সাময়িকভাৱে স্থগিত অসহযোগ কাৰ্যসূচী

শিক্ষা মন্ত্ৰীৰ সৈতে প্ৰাথমিক শিক্ষক সন্মিলনীৰ বৈঠকৰ দৃশ্য।

78
VIEWS
Share on FacebookShare on Twitter

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত ৰাজ্যজুৰি চলি থকা তলাবন্ধ আৰু অসহযোগ কাৰ্যসূচীৰ মাজতে মঙলবাৰে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ আমন্ত্ৰণত প্ৰাথমিক শিক্ষক সন্মিলনীৰ এটা প্ৰতিনিধি দলৰ সৈতে শিক্ষা মন্ত্ৰীৰ আজি বৈঠক অনুষ্ঠিত হয়।

আজিৰ প্ৰায় দুঘণ্টাজোৰা এই বৈঠকৰ আলোচনাৰ পিছত প্ৰাথমিক শিক্ষক সন্মিলনীয়ে চলি থকা অসহযোগ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰি প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জীৱন চন্দ্ৰ বৰা আৰু সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদ আৰু স্নাতক শিক্ষকৰ গ্ৰেইড পে’ সন্দৰ্ভত শিক্ষা মন্ত্ৰীয়ে মুখ্য মন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ সৈতে আলোচনা কৰি বিষয়টো নিষ্পত্তি কৰাৰ আশ্বাস দিয়া বুলি জানিবলৈ দিছে।

বৈঠকত ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণ বিষয়টোত খালী পদৰ বিপৰীতে অগ্ৰাধিকাৰ ভিত্তিত নিয়মীয়া কৰাৰ লগতে বাকী থকা বকেয়াৰ ক্ষেত্ৰত পৰ্যালোচনাৰে আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিয়া বুলি বিবৃতিটোত কোৱা হৈছে। লগতে বেতন বঞ্চিত শিক্ষকসকলৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আদালতৰ চূড়ান্ত ৰায়ৰ পাছত বিভাগে খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে।

বিদ্যালয়ৰ সময়সূচী পৰিৱৰ্তন আৰু মুখ্য মন্ত্ৰীৰ বিশেষ বৃত্তি আঁচনিৰ সকলো খেলি-মেলি দূৰ কৰি বঞ্চিত ছাত্ৰ-ছাত্ৰীক ন্যায় প্ৰদানৰো আশ্বাস দিয়া বুলি বিবৃতিত প্ৰকাশ কৰে। ইয়াৰ উপৰি আগন্তুক বৰ্ষৰ পৰা অভ্যাসন আৰু মূল্যায়ন বহী বিষয়ভিত্তিক কৰাৰো আশ্বাস প্ৰদান কৰা বুলি প্ৰাথমিক শিক্ষক সন্মিলনীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে শিক্ষা মন্ত্ৰী আৰু প্ৰাথমিক শিক্ষক সন্মিলনীৰ মাজত অনুষ্ঠিত এই বৈঠকত শিক্ষা বিভাগৰ আয়ুক্তকে ধৰি শিক্ষা বিভাগ আৰু অসম সৰ্বশিক্ষা অভিযান মিশ্যনৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত আছিল।

Recent News

পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ; কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ

পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ; কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন; যুৱকৰ দলৰ প্ৰহাৰত আহত এজন

কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন; যুৱকৰ দলৰ প্ৰহাৰত আহত এজন

Breast Milk: কেঁচুৱাৰ খাদ্যৰ সংকটৰ সময়ত নিজৰ ১১৮ লিটাৰ স্তন্যদুগ্ধ বিক্ৰী কৰিলে এগৰাকী মাতৃয়ে

Breast Milk: কেঁচুৱাৰ খাদ্যৰ সংকটৰ সময়ত নিজৰ ১১৮ লিটাৰ স্তন্যদুগ্ধ বিক্ৰী কৰিলে এগৰাকী মাতৃয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd