• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত আয়োজিত আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ শুকুৰবাৰে সামৰণি পৰিব

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2018 8:53 am
শিৱ
132
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ অন্যতম আকৰ্ষণীয় কেন্দ্ৰবিন্দু হ’ল শিৱসাগৰৰ শিৱদৌল। শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ দৌল উন্নয়ন সমিতিৰ যৌথ উদ্যোগত এইবাৰ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে শিৱসাগৰ ব’ৰ্ডিং খেলপথাৰত অনুষ্ঠিত কৰা এই আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ আজি সামৰণি পৰিব।

প্ৰথমবাৰৰ বাবে শিৱসাগৰত আয়োজিত সাংসদ কামাখ্যা প্ৰসাদ তাচাই উদ্বোধন কৰা আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী গৰাকী উপস্থিত হৈ শিৱসাগৰবাসীক আনন্দিত কৰি তুলিছিল। ইয়াৰোপৰি মহোৎসৱটিত ফ্ৰান্স, ৰোমানিয়া, অষ্ট্ৰেলিয়া, জাপান, ইটালী আদি দেশৰ পৰা অহা শিল্পী অংশ গ্ৰহণেৰে অনুষ্ঠানটোৰ মৰ্যাদা বৃদ্ধি কৰিছিল।

আনহাতে ভাৰতৰ লগতে অষ্ট্ৰেলিয়া, ৰোমানিয়া, ইটালী আৰু ফ্ৰান্সৰ পৰা অহা মুঠ ৭জন চিত্ৰশিল্পীয়ে অংশগ্ৰহণ কৰি ৰং-তুলিকাৰে নিজৰ ভাব-কল্পনাক ফুটাই তোলাৰ চেষ্টা কৰিছিল। সমাগম হোৱা লোকসকলৰ বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছিল অষ্ট্ৰেলিয়াৰ চিত্ৰশিল্পী পিটাৰিছ চিমিটিছৰ (Peteris Ciemitis) শিল্পকৰ্মই।

ঐতিহাসিক শিৱসাগৰৰ শিৱ মহোৎসৱত ভৰি পৰিছিল দেশী-বিদেশী ভক্তৰে। শিৱৰাত্ৰিক কেন্দ্ৰ কৰি গঢ়ি উঠিল এক আধ্যাত্মিক অনুভূতি।

মন কৰিব লগীয়া যে ঐতিহাসিক শিৱসাগৰৰ পৰ্যটকৰ আন্তঃগাঁথনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩৯ কোটি টকাৰ এক অভিলাষী আচঁনি গ্ৰহণ কৰে৷

শুকুৰবাৰে মহোৎসৱটিৰ অন্তিম দিনা ভাওনা প্ৰদৰ্শিত হ’ব বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে আজি মহোৎসৱটিৰ সামৰণি পৰিব।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd