DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 3, 2018 5:20 pm
শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী
101
VIEWS
Share on FacebookShare on Twitter
শিৱসাগৰ জিলাৰ অনুসূচিত জাতি ছাত্ৰ সন্থাই ৫ দফীয়া দাবী উত্থাপন কৰি আজি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে।
অৱস্থান ধৰ্মঘট কাৰ্যসূচীটোত সংগঠনটোৱে ‘অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি দিয়া, বান গৰাখহনীয়া ৰোধ কৰা, অনুসূচিত জাতিৰ অন্যতম উপজাতি জালো-মালো সকলক বন্ধ হৈ থকা জাতিগত প্ৰমাণ পত্ৰ অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰা, ভুৱা জাতিগত প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা আৰু ভূমিহীন অনুসূচিত জাতিৰ লোকসকলৰ ক্ষেত্ৰত খাজানাৰ ৰচিদহীন শিক্ষাগ্ৰহণত ব্যৱহৃত হোৱা প্ৰমাণ পত্ৰ সমূহ আবেদনৰ সুবিধা কৰি দিয়া’ আদি ৫ টা দাবী উত্থাপন কৰে।
অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পিছত সংগঠনটোৱে শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। জিলা উপায়ুক্তৰ হৈ স্মাৰকপত্ৰ গ্ৰহণ কৰে শিৱসাগৰ ৰাজহ চক্ৰ বিষয়া সম্প্ৰীতি গোস্বামীয়ে।
আনহাতে উক্ত দাবী সমূহৰ ক্ষেত্ৰত চৰকাৰৰ পৰা  অতিশীঘ্ৰে কোনো সদুত্তৰ লাভ নকৰিলে সংগঠনটোৱে গণতান্ত্ৰিক ভাৱে ইয়াতকৈও জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিয়ে।
ইফালে সংগঠনটোৰ সভাপতি পৰশজ্যোতি দাস আৰু সাধাৰণ সম্পাদক মৃদুল দাসে কয় যে, ‘ইয়াৰ পূৰ্বেও আমি শিৱসাগৰ জিলাৰ বিভিন্ন গৰাখহনীয়া পীড়িত অঞ্চলসমূহ প্ৰশাসন-চৰকাৰক অৱগত কৰি এই বান গৰাখহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক স্মাৰকপত্ৰ দিয়াৰ লগতে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল যদিও আজিকোপতি চৰকাৰ তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্রহণ নকৰিলে। যাৰ বাবে আজি পুনৰ এনে দৰে প্ৰতিবাদী কাৰ্য্যসূচী হাতত ল’বলৈ বাধ্য হৈছো।’

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd