DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শুনানিত উপস্থিত নাথাকিল আলোচনাপন্থী আলফাৰ এজনো প্ৰতিনিধি : জিতেন দত্তৰ ক্ষোভ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2018 11:27 pm
jiten-dutta
120
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰৰ বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ সন্দৰ্ভত দেশবাসীৰ মতামত ল’বলৈ গঠন কৰি দিয়া যুটীয়া সংসদীয় সমিতিয়ে (জে পি চি) আজি গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত লোৱা শুনানিত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা দল-সংগঠন আৰু ব্যক্তিয়ে অংশ লয় যদিও তাৎপৰ্য্যপূৰ্ণভাৱে দেখা নগ’ল আলোচনাপন্থী আলফাৰ কোনো প্ৰতিনিধিক।

অসমীয়া ভাষা, জাতিৰ ভৱিষ্যতৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পৰা বিধেয়কখনৰ বিৰোধিতাৰে আজি শতাধিক দল-সংগঠন আৰু কেইবা হাজাৰ নাগৰিকে জে পি চিৰ ওচৰত নিজৰ বিৰোধিতা লিখিত আৰু মৌখিক উভয় ৰূপত সাব্যস্ত কৰে। কিন্তু অসমৰ স্বাধীনতা আনিবলৈ বুলি প্ৰায় তিনি দশক ধৰি সশস্ত্ৰ বিদ্ৰোহ কৰা এইসকলক আজি গুৰুত্বপূৰ্ণ সংকটকালত অসমীয়াৰ কাষত দেখা নগ’ল।

চৰকাৰী পাৰিতোষিক, পৃষ্ঠপোষকতা লৈ, আৰামত খাই-বৈ জীয়াই থকাটোতে তেওঁলোকৰ সন্তুষ্টি নেকি বুলি আলোচনাপন্থী আলফালৈ প্ৰশ্ন কৰিছে বহুতে।

আনহাতে আলোচনাপন্থী আলফাৰে এজন জিতেন দত্তই আজি নিজৰ ছ’চিয়েল মিডিয়াৰ পোষ্টত নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে এই নিৰ্লিপ্ততাৰ বাবে। নিজৰ পোষ্টত ‘সন্মানীয় অৰবিন্দ ৰাজখোৱা, ৰাজু বৰুৱা, শশধৰ চৌধুৰী, মিথিংগা দৈমাৰী, আৰু চিত্ৰবন হাজৰিকা মহাশয় আপোনালোক সাৰ পাই আছে নে এইদৰে শুই থাকিব’ বুলি এক প্ৰকাৰৰ কটাক্ষ কৰিছে একালৰ সতীৰ্থ নেতাজনে।

তাতকৈয়ো ক্ষুৰধাৰ বাক্যবাণেৰে তেওঁ কয়- “আজি শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী, জাতীয় সংগঠন, সাধাৰণ জনগণ সকলো ওলাই আহি নাগৰিক সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিছে। কিন্তু আপোনালোকৰ দেখোন একো সাৰ-সুৰ নাই। জাতিটোৰ বাব গুলী কামুৰি শপত আপোনালোকে আমাক ল’বলৈ শিকোৱা নাছিল নে? হাজাৰ হাজাৰ যুবকক যুজঁ দি মৰিবলৈ আপোনালোকে উৎসাহ দিয়া নাছিল নে? এই সকলো কি ভুৱা আছিল নেকি?”

তেওঁ আৰু কয়, “আমাৰ আজি নিজক আলফা আলোচনা পন্থীৰ সদস্য বুলি ক’বলৈ লাজ লগা হৈছে। কি হৈছে আলোচনাৰ টেবুলত অসমৰ ৰাইজক জনাওক। নহ’লে আপোনালোকৰ এই কাপুৰুষালিৰ সমভাগী আমি নহওঁ। মনত ৰাখিব অসমৰ ৰাইজে কিন্তু আপোনালোকক ক্ষমা নকৰিব। যদি এই বিলখন গ্ৰহণ কৰিছে, তেন্তে আপোনালোকে আলোচনা ত্যাগ কৰক। দৰকাৰ হ’লে আকৌ হ’ব জাতি ৰক্ষাৰ স্বাৰ্থত তীব্ৰ গণ প্ৰতিৰোধ। জনগণে বিচাৰিলে ভংগ কৰিম যুদ্ধ-বিৰতি। চাৰ আপোনালোকৰ যদি সৎ-সাহস আছে আৰু জাতিৰ প্ৰতি দায়বদ্ধতা আছে তেন্তে ওলাই আহক আলোচনা টেবুলৰ পৰা। নহ’লে আমি আপোনালোকৰ ওচৰৰ পৰা আঁতৰি আহিবলৈ বাধ্য হ’ম। এইয়া আজি মোৰ মুকলি ঘোষণা।”

উল্লেখযোগ্য যে পূৰ্বতেও জিতেন দত্ত বিভিন্ন প্ৰসংগত সৰৱ হৈ আহিছে। ইয়াৰ আগতেও তেওঁক অসমীয়া জাতীয় স্বাৰ্থত যুদ্ধ বিৰতি ভংগ কৰি, পুনৰ অস্ত্ৰ তুলি ল’ম বুলি কেইবাবাৰো কোৱা দেখা গৈছে।

(উপৰোক্ত বক্তব্য জিতেন দত্তৰ ফেইচবুক একাউণ্টৰ টাইমলাইনৰ পৰা পোৱা গৈছে।)

Recent News

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

World's Shortest Adolescent

নেপালৰ ডৰ বাহাদুৰলৈ বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰৰ স্বীকৃতি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd