শ্বিলঙত নৱবৰ্ষ উদযাপনত তীক্ষ্ন দৃষ্টি মেঘালয় আৰক্ষীৰ

নৱবৰ্ষ উদযাপনৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয় আৰক্ষীয়ে ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। এই উপলক্ষে ৰাজধানী চহৰ শ্বিলঙত অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। এক বিবৃতি জৰিয়তে পূব খাছি পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক দেভিচ এন আৰ মাৰাকে উল্লাসমত্ত লোক সকলক সুৰাপান কৰি গাড়ী চলোৱাৰ পৰা বিৰত থাকিবলৈ আহবান জনাই। সকলো আৰক্ষী চকী তথা যান-বাহন শাখালৈ এলকোহল পৰীক্ষাৰ বাবে মদ্যপান ধৰা পেলোৱা যন্ত্ৰ (এলক’ মিটাৰ) পঠোৱা হৈছে বুলি জানিবলৈ দি বিবৃতিটোত আৰু কোৱা হৈছে যে সুৰামত্ত গাড়ী চালন তথা অন্য অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শ্বিলঙৰ বিভিন্ন ঠাইত আৰক্ষীয়ে তালাচী চকী স্থাপন কৰিব। ইয়াৰোপৰি আৰক্ষী অধীক্ষক জনে নাগৰিক সকলক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি চলি নিশা ১০ বজাৰ পিছৰ পৰা  উচ্চ মাত্ৰাৰ সংগীত বজোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে। আনহাতে সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাই তেওঁ লোকসকলক পথত সাৱধানতা বজাই চলিবলৈ আহবান জনায়।