শ্বিলঙৰ উত্তেজনাময় পৰিস্থিতি আলোচনাৰ বাবে প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাৰ নেতৃত্বত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক

Shillong

বিগত প্ৰায় চাৰিদিন ধৰি মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত অব্যাহত থকা উত্তেজনাময় পৰিস্থিতি অধ্যয়নৰ বাবে আজি ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাই বিধায়িনী দলৰ এখন বিশেষ বৈঠকৰ আয়োজন কৰিছে। মেঘালয় কংগ্ৰেছৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মুকুল চাংমাৰ কন্যা তথা শেবতীয়াভাৱে আমপাটি সমষ্টিৰ উপ নিৰ্বাচনত বিজয়ী হোৱা এম ডি ছিৰাইও এই বৈঠকখনত অংশগ্ৰহণ কৰিব।

কংগ্ৰেছ বিধায়িনী দলৰ এই বৈঠকখনতে ৰাজ্যখনৰ ৰাজধানী চহৰখনত শেহতীয়াভাৱে উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিব দলটোৱে।

ইয়াৰ মাজতে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই শ্বিলঙলৰ অশান্ত অঞ্চলসমূহত পুনৰ শান্তি ঘূৰাই অনাৰ বাবে আজি এখন সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে কালি শ্বিলঙৰ ১৪ টা আৱাসিক এলেকাত চলি থকা দুটা ফৈদৰ মাজৰ সংঘৰ্ষৰ অন্তৰালত দুষ্টচক্ৰৰ হাত থকাৰ ইংগিত দিছিল মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই। শ্বিলঙত হিংসাত্মক ঘটনাৰ সৃষ্টি কৰাৰ বাবে এচাম লোকে দামী সুৰা আৰু টকা বিতৰণ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল মুখ্য মন্ত্ৰীগৰাকীয়ে।

তাৰ এদিন পাছতেই কংগ্ৰেছ বিধায়িনী দল আৰু মুখ্যমন্ত্ৰী কনৰাড চাংমাই সৰ্বদলীয় বৈঠক আহ্বান কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ।