DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

শ্বিলঙৰ হিংসাত্মক পৰিস্থিতিত ন্যস্তস্বাৰ্থ মহলৰ হাত থকাৰ সন্দেহ মুখ্য মন্ত্ৰী চাংমাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 3, 2018 9:26 pm
WhatsApp Image 2018-06-03 at 6.33.59 PM
92
VIEWS
Share on FacebookShare on Twitter

তাৎপৰ্যপূৰ্ণভাৱে শ্বিলঙৰ ১৪ টা আৱাসিক এলেকাত তিনিদিন ধৰি চলি থকা দুটা ফৈদৰ মাজৰ সংঘৰ্ষৰ অন্তৰালত কাৰোবাৰ হাত থকাৰ ইংগিত দিছে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই। শ্বিলঙত হিংসাত্মক ঘটনাৰ সৃষ্টি কৰাৰ বাবে এচাম লোকে দামী মদ আৰু টকা বিতৰণ কৰাৰো গুৰুতৰ অভিযোগ তুলিছে মুখ্য মন্ত্ৰীগৰাকীয়ে। তেওঁ আৰু কয় যে সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পোৱা এই লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

আজি তৃতীয় দিনাৰ বাবেও  লুমদেইংজ্ৰি আৱাসিক এলেকাত ৰাতিপুৱা ৮-০০ৰ পৰা আবেলি ৩-০০ বজালৈকে সান্ধ্য আইন শিথিল কৰি দিয়া হৈছে বুলি জিলা উপায়ুক্ত পি এছ ডখাৰে জনাইছে। অৱশ্যে ৰাতি ১০-০০বজাৰ পৰা পুৱা ৫-০০ লৈকে সান্ধ্য আইন বাহাল থাকিব বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে।

শনিবাৰে পুৱা মতফ্ৰানত  পৰিস্থিতি কিছু শাম কাটিছিল যদিও প্ৰতিবাদীসকলে আৰক্ষীৰ সৈতে বাদানুবাদত লিপ্ত হৈ শিলাবৰ্ষণ কৰিবলৈ ধৰাত আবেলিলৈকে পৰিস্থিতি আৰু অৱনতি ঘটে।

শ্বিলঙৰ এই হিংসাত্মক পৰিস্থিতিৰ বিষয়ে মন্তব্য দিবলৈ গৈ মুখ্য মন্ত্ৰী চাংমাই ন-দি কয় যে এয়া সাম্প্ৰদায়িক সংঘৰ্ষ নহয়।

তেওঁ আৰু কয় যে এই হিংসাত্মক ঘটনা উদ্ভৱ হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰৰ সময়খিনিত আৰক্ষীৰ লোকসকলক  সংযম ৰক্ষা কৰাৰ নিৰ্দেশ দিয়া হৈছে। তেওঁ লগতে কয় যে আৰক্ষী বাহিনীয়ে যথেষ্ট সংযম ৰক্ষা কৰিছে।

উল্লেখ্য যে শ্বিলঙৰ পাঞ্জাবী লাইন এলেকাত আৱাসীসকলৰ একাংশই এজন জনজাতীয় বাছ কণ্ডাক্টৰক শাৰীৰিকভাৱে অপদস্ত কৰাক লৈ এটা আৱাসিক এলেকাৰ পৰা হিংসাত্মক  ঘটনা সমগ্ৰ শ্বিলঙৰ ১৪টাতকৈ আবাসিক এলেকালৈকে বিয়পি পৰিছিল। এই আৱাসিক এলেকাকেইটা হৈছে জাইয়াও, মাওখাৰ, উমছোহছুন, ৰাইটছামথিয়াহ, ৱাহংদহ, মিশ্যন, মাওপ্ৰেম, লুমদেইংজ্ৰি, লামা ভিলা, ক্বালাপট্টি, ৱাহথাপব্ৰু, ছানি হিলছ, কেণ্টনমেণ্ট বীট হাউছ এৰিয়া (উমশ্বিৰপি দলঙৰ সিপাৰৰ আৱাসিক এলেকাসমূহক বাদ দি) আৰু মাওলং হাট।

উল্লেখ্য যে ছচিয়েল মেডিয়াত একাংশ দুষ্কৃতিকাৰীয়ে বাতৰি প্ৰচাৰ কৰিছিল যে জনজাতীয় শিশু কেইজনমানক বেয়াকৈ মাৰধৰ কৰা হৈছে আৰু তাৰে এজনৰ মৃত্যু ঘটিছে। এই বাতৰি বিয়পি পৰাৰ পাছতেই হিংসাত্মক ঘটনাই ব্যাপক প্ৰসাৰ লাভ কৰি এটাৰ পাছত এটাকৈ আবাসিক এলেকাক হিংসাৰ দাবানলত দগ্ধ কৰি গৈছিল।

Recent News

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd