• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 9, 2018 10:16 pm
প্ৰতিনিধিত্বমূলক ফটো
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মৰাজি আৰু আদৰ্শই যুগে যুগে সমগ্ৰ অসমবাসীকে অনুপ্ৰাণিত কৰি আহিছে আৰু ভৱিষ্যতেও সকলো দিশতে অনুপ্ৰেৰণা যোগাই যাব। মহাপুৰুষ গৰাকীৰ আদৰ্শই আমাক শৃংখলাবদ্ধ, সৎ, নিষ্ঠাৱান আৰু কষ্টসহিষ্ণু জীৱন যাপনৰ দিশত প্ৰেৰণা যোগায়। সেয়েহে ৰাজ্যখনৰ নৱ প্ৰজন্মই মহাপুৰুষ গৰাকীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ৰাজ্যখনক দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰাৰ বাবে সকলো দিশতে উৎকৰ্ষতা অৰ্জন কৰিব লাগিব।’ আজি দেৰগাঁও মিছামৰাস্থিত দাধৰা আহোম পথাৰৰ পণ্ডিত ৰায় চাহাব গোপীকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি এনেদেৰে ভাষণ প্ৰদান কৰে।

মুখ্য মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত গুৰুজনাই বৃহত্তৰ অসমীয়া জাতিৰ সকলো দিশতে সৰ্বতো প্ৰকাৰৰ বৰঙণি আগবঢায় জাতিৰ ভেটি সুদৃঢ় কৰিছিল বুলি কয়। লগতে গুৰুজনাৰ সৃষ্টি সমূহ সংৰক্ষণ আৰু সৃষ্টিৰাজীৰ অনুশীলনেৰে জাতিটোৰ সাংস্কৃতিক বৈভৱৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈও মুখ্য মন্ত্ৰী গৰাকীয়ে নৱ প্ৰজন্মক আহ্বান জনায়।

Apply Now

গোলকীয় উষ্ণতা আৰু প্ৰাকৃতিক বাতাবৰণত ইয়াৰ নেতিবাচক প্ৰভাৱৰ দিশটোৰ বিষয়ে উল্লেখ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ ঐশ্বৰ্যশালী পাৰিপাৰ্শ্বিকতা সংৰক্ষণ কৰি অসমক এখন প্ৰদুষণমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশত শ্ৰীমন্ত শংকৰদেৱৰ এক বৃক্ষ দশ পুত্ৰ সম শ্লোকৰ মমাৰ্থ উপলব্ধি কৰি প্ৰকৃতি সংৰক্ষণত ব্ৰতী হোৱাৰ বাবেও আহ্বান জনায়।

সৰ্বানন্দই গুৰুজনাৰ সৃষ্টিৰাজি পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুদিত কৰাৰ পদক্ষেপ লোৱাৰ বাবেও শ্ৰীমন্ত শংকৰদেৱ সংঘক আহ্বান জনাই যাতে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে গুৰুজনাৰ অমৰ সৃষ্টিৰাজি সমূহৰ বিষয়ে জ্ঞাত হয়।

মুখ্য মন্ত্ৰীয়ে বাংগালোৰত ৰাজ্য চৰকাৰে এটা নামঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঠ্যপুথিত শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয় সমূহ অন্তৰ্ভুক্তিৰ বাবে পদক্ষেপ লৈছে বুলি উল্লেখ কৰে।

আজিৰ অধিৱেশনতে সৰ্বানন্দই কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীক শশী চন্দ্র বৰবৰুৱা বঁটা আৰু পদ্ম ৰাজবংশীক কমল চন্দ্ৰ হাজৰিকা স্মাৰক বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘই এই বঁটা সমাজলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰি আহিছে।

কৃষি মন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দলেও অধিৱেশনটোত ভাষণ আগবঢ়াই। অধিৱেশনটো পৌৰোহিত্য কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই।

আজিৰ অধিৱেশনত সাংসদ কামাখ্যা প্ৰসাদ তাছা, কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকা, শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ড০ কন্দৰ্প কুমাৰ ডেকা, আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd