• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নামৰূপৰ সমাজকৰ্মী, অসম আন্দোলনৰ নেতা অসীম ৰাজখোৱাৰ দেহাৱসান

NE NOW NEWS অক্ষয় প্ৰনব কলিতা
নামৰূপ , April 30, 2018 11:12 am

2 min read

From-Akshay-570x320

অসীম ৰাজখোৱা : ফটো-নৰ্থ ইষ্ট নাও

83
VIEWS
Share on FacebookShare on Twitter

বিশিষ্ট সমাজ সেৱক, অসম আন্দোলনৰ এগৰাকী সক্ৰিয় নেতা আৰু হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যনৰ ফাৰ্টিলাইজাৰ শ্ৰমিক ইউনিয়নৰ সভাপতি নামৰূপৰ অসীম ৰাজখোৱাৰ দেওবাৰে নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে।

মৃত্যুৰ সময়ত ৰাজখোৱাৰ বয়স আছিল ৬৯ বছৰ।

গোলাঘাটৰ কমাৰবন্ধাত অসীম ৰাজখোৱাই জন্মগ্ৰহণ কৰিছিল।

হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যনৰ (বৰ্তমান ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড) শ্ৰমিক ইউনিয়নৰ সভাপতি ৰাজখোৱাই ২০০৭ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।

উল্লেখযোগ্য যে হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড পৃথক হোৱাৰ সময়ত ৰাজখোৱাই হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেডৰ কৰ্মচাৰীসকলক নেতৃত্ব দি ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যনৰ শীৰ্ষ বিষয়াসকলক পতিয়ন নিয়াবলৈ সক্ষম হৈছিল।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম আন্দোলনৰ এই বিশিষ্ট নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

অসম সাহিত্য সভাৰ নামৰূপ শাখা, সদৌ অসম ছাত্ৰ সন্থাৰ নামৰূপ শাখা, নামৰূপৰ জ্যেষ্ঠ নাগৰিক, নামৰূপৰ সমলয় কবি চক্ৰ, নামৰূপ মহাবিদ্যালয় পৰিচালনা সমিতি, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰঞ্জিত বৰুৱা, নামৰূপ প্ৰেছ ছচাইটি, স্বৰগম কলা নিকেতন, নামৰূপ সৰনাগুৰি বৰনামঘৰপৰিচালনা সমিতিকে ধৰি বিভিন্ন সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাজখোৱাৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰে।

ৰাজখোৱাই মৃত্যুৰ সময়ত তেওঁৰ পত্নী, এগৰাকী পুত্ৰ আৰু এগৰাকী কন্যাক এৰি থৈ গৈছে।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd