• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সিদ্ধাৰ্থ ভট্টাচাৰ্যক মন্ত্ৰিত্ব দিয়াত আনন্দত উৎফুল্লিত জন্ম গাওঁ চতমাবাসী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 30, 2018 4:39 pm

2 min read

Siddhartha Bhattacharya
184
VIEWS
Share on FacebookShare on Twitter

বহু প্ৰতীক্ষাৰ অন্তত যোৱা ২৬ এপ্ৰিলত ৰাজভৱনত চাৰিজন কেবিনেট আৰু তিনিজন স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীয়ে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰে। সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ কৰা বিধায়কসকলৰ নিজা নিজা সমষ্টি তথা জন্মস্থানত আনন্দৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে।

এই ক্ষেত্ৰত ব্যতিক্ৰম নহ’ল পূব গুৱাহাটী সমষ্টিক প্ৰতিনিধিত্ব কৰা বিজেপিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সমৰ্থকসকল। উক্ত সমষ্টিৰ বিধায়ক ভট্টাচাৰ্যই সোণোৱাল মন্ত্ৰীসভাত উচ্চশিক্ষা আৰু কাৰিকৰী, আইন দপ্তৰৰ লগতে গুৱাহাটী উন্নয়ন দপ্তৰৰ কেবিনেট মন্ত্ৰীৰ পদ পাবলৈ সক্ষম হয়।

বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই মন্ত্ৰিত্ব পোৱাৰ লগে লগে জন্মগাঁও নলবাৰী জিলাৰ চতমা গাঁৱতো আনন্দৰ লহৰ উঠিছে।

গাওঁবাসী তথা নিজ পৰিয়ালৰ মাজত ‘ভায়াদা’ বুলি পৰিচিত ভট্টাচাৰ্যৰ মন্ত্ৰিত্ব লাভৰ দ্বাৰা অসমবাসী ৰাইজৰ পৰিৱৰ্তনৰ আশা তথা শিক্ষা খণ্ডৰ আসোৱাহ সমূহ দূৰ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে।

প্ৰয়াত পিতৃ গৌৰীশংকৰ ভট্টাচাৰ্য আৰু প্ৰয়াত মাতৃ তৰুলতা দেৱীৰ জ্যেষ্ঠ পুত্ৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যই মন্ত্ৰিত্বৰ নিজ দপ্তৰৰ বিশেষভাৱে উন্নয়ন সাধন কৰিব বুলিও দৃঢ় বিশ্বাস জন্মস্থান চতমাবাসীৰ।

উল্লেখ্য যে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পিতৃ গৌৰীশংকৰ ভট্টাচাৰ্যও আছিল এজন ৰাজনৈতিক নেতা। গৌৰীশংকৰ ভট্টাচাৰ্যই স্বাধীনতাৰ পাছত অঞ্চলটোৰ বৰভাগ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল। ইয়াৰ পাছত অবিভক্ত কামৰূপ জিলাৰ বৃহত্তৰ বৰভাগ আৰু পশ্চিম বড়িগোগ মৌজাৰ পৰা কোনো এজনেও বিধানসভা দখল কৰিব পৰা নাছিল।

মনকৰিবলগীয়া যে পিতৃৰ আইনী পেচাৰ বাবে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতে গোটেই পৰিয়ালটো গুৱাহাটীত নিগাজিকৈ থাকিবলৈ লয়।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd