ডিব্ৰুগড় চহৰৰ চৌকিডিঙীত শুকুৰবাৰে সোণোৱাল কছাৰী জনগোষ্ঠীৰ বিভিন্ন সংগঠনে এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাত ৰাজ্য চৰকাৰে কৰা অত্যধিক বিলম্বৰ বিৰুদ্ধে এই ধৰ্মঘটৰ আয়োজন কৰা হয়।
প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। বিশেষকৈ নিৰ্বাচন অনুষ্ঠিত নকৰিলে আগন্তুক দিনত বিজেপি দলক কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দিয়া নহ’ব বুলি প্ৰতিবাদকাৰীসকলে হুংকাৰ প্ৰদান কৰে।
প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত অনুষ্ঠিত এই প্ৰতিবাদে বিশেষ তাৎপৰ্য বহন কৰিছে। সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সোণোৱাল কছাৰী যুৱ পৰিষদ আৰু জনগোষ্ঠীটোৰ বিভিন্ন স্তৰৰ ৰাইজ এই প্ৰতিবাদত চামিল হয়। সংগঠনসমূহৰ নেতাসকলে অভিযোগ কৰা মতে চৰকাৰে স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ কেৱল প্ৰতিশ্ৰুতি দি আহিছে যদিও কাৰ্যত একো কৰা নাই। ২০২৪ চনতে অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচন ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহলৈ পিছুৱাই দিয়া হৈছিল যদিও বৰ্তমানলৈকে নিৰ্বাচনৰ কোনো উমঘাম নাই।
প্ৰতিবাদকাৰীসকলে সংবাদ মাধ্যমৰ আগত কয় যে যোৱা নৱেম্বৰ মাহত নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰিছিল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ কামো সম্পূৰ্ণ হৈছিল। সকলো আনুষ্ঠানিক প্ৰক্ৰিয়া শেষ হোৱাৰ পাছতো চৰকাৰে কিহৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা নাই তাক লৈ তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে। তেওঁলোকে স্পষ্ট কৰি দিয়ে যে যদিহে জানুৱাৰী মাহৰ ভিতৰত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা নহয় তেন্তে সোণোৱাল কছাৰী বসতিপ্ৰধান এলেকাসমূহত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব।





