• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণোৱাল মন্ত্ৰীসভাত পাঁচখন নতুন মুখকে ধৰি সাতগৰাকী নতুন মন্ত্ৰী অন্তৰ্ভুক্ত

ৰাজু দেউৰী by ৰাজু দেউৰী
April 25, 2018 11:32 pm
New-Ministers...........-570x320

(ঘড়ীৰ কাটাৰ দিশত বাওফালৰ পৰা) পীযুষ হাজৰিকা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, তপন কুমাৰ গগৈ, ফনীভূষণ চৌধুৰী, ভৱেশ কলিতা, ছুম ৰংহাং আৰু চন্দন ব্ৰহ্ম। উৎস : ইন্টাৰনেট / ইউ বি ফটোছ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মন্ত্ৰীসভাত বৰ্তমান মুখ্যমন্ত্ৰীকে ধৰি ১১ গৰাকী মন্ত্ৰী আছে আৰু বৃহস্পতিবাৰে নতুনকৈ অন্তৰ্ভুক্ত হ’বলগীয়া সাতগৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব।

বিজেপি নেতৃত্বাধীন সোণোৱাল মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত ৫ গৰাকী বিজেপি বিধায়ক আৰু ইয়াৰ সহযোগী অগপ তথা বিপিএফৰ পৰা এগৰাকীকৈ বিধায়কে মন্ত্ৰিত্ব লাভ কৰিব।

Apply Now

বিগত বিধানসভাৰ নিৰ্বাচনত ১২৬ জনীয়া অসম বিধান সভালৈ বিজেপিৰ ৬১ গৰাকী, অগপই ১৪ গৰাকী আৰু বিপিএফৰ ১২ গৰাকীয়ে বিজয়ী হৈ আহিছে।

২০১৬ চনৰ ২৪ মে’ত সোণোৱাল মন্ত্ৰীসভাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত বিগত দুবছৰ ধৰি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ নোহোৱাৰ কাৰণেই আছিল ইয়াৰ সহযোগী দল অগপ আৰু বিপিএফৰ পৰা সম্প্ৰসাৰিত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’বলগীয়া সদস্যৰ সংখ্যাক লৈ মিত্ৰদল দুটাক বিজেপিয়ে পতিয়ন নিয়াত হোৱা ব্যৰ্থতা।

অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বৃহস্পতিবাৰে ৰাজভৱনত নতুন মন্ত্ৰীকেইজনক দায়িত্ব আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰাব।

বৃহস্পতিবাৰে নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগীয়া বিজেপি বিধায়ক কেইজন হৈছে সোণোৱালক বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে পদ এৰি দিয়া তথা পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিকট সহযোগী হিচাপে পৰিচিত জাগীৰোডৰ বিধায়ক পীযুষ হাজৰিকা, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা সোণাৰীৰ বিধায়ক তপন গগৈ, ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা আৰু প্ৰাক্তন কংগ্ৰেছী আৰু ডিফুৰ বিধায়ক ছুম ৰংহাং।

বঙাইগাওঁ বিধানসভা সমষ্টিৰ পৰা একেৰাহে ছয়বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত, অগপৰ আমোলৰ প্ৰাক্তন মন্ত্ৰী তথা দলৰ কাৰ্যকৰী সভাপতি অগপৰ ফনীভুষণ চৌধুৰী আৰু কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন পৰিবহন মন্ত্ৰী তথা ছিডলী সমষ্টিৰ বিধায়ক চন্দন ব্ৰহ্ময়ো বৃহস্পতিবাৰে নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

চৌধুৰী আৰু ব্ৰহ্মত বাহিৰে বাকী আটাইকেইজন বিধায়কে প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

যদিও বাতৰি ওলাইছিল যে যদি বিপিএফৰ বিধায়ক ইমানুৱেল মুছাহাৰী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হয় তেতিয়াহ’লে বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই মন্ত্ৰিত্ব হেৰৱাব আৰু বটদ্ৰবা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা সোণোৱাল মন্ত্ৰীসভাত স্থান পাব, অৱশেষত তেওঁলোকৰ নাম তালিকাৰ পৰা বাদ পৰে।

বাতৰি অনুসৰি চৌধুৰী, ভট্টাচাৰ্য, ৰংহাং আৰু ব্ৰহ্ম কেবিনেট মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত হ’ব আৰু হাজৰিকা, কলিতা আৰু গগৈক স্বতন্ত্ৰ দায়িত্বৰে ৰাজ্যিক মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব।

সোণোৱালে আশা প্ৰকাশ কৰে যে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত নতুন মুখৰ অন্তৰ্ভুক্তিয়ে ৰাজ্যখনৰ শাসন ব্যৱস্থা উন্নত কৰি তুলিব।

সংবাদ মাধ্যমৰ আগত ভট্টাচাৰ্যই কয়, ‘’ মই সৰ্ৱান্তকৰণে মোৰ দায়িত্ব পালন কৰিম আৰু কেপ্টইনৰ নিৰ্দেশ অনুসৰি ভূমিকা পালন কৰিম।‘’

কলিতাই কয়, ‘’ মোক যি দায়িত্বই দিয়া হয় মই সম্পূৰ্ণ দায়বদ্ধতাৰে তাক পালন কৰিম। মই ৰাজ্যখনৰ বিকাশৰ বাবে কাম কৰিম।‘’

আনহাতে, চৌধুৰীয়ে কয়, ‘’ ৰাইজে বহুত আশা কৰালৈ চাই ৰাইজৰ আশা পূৰণ কৰিবলৈ সক্ষম হওঁনে তাক লৈ মই চিন্তিত।‘’

ইয়াৰ মাজতে হাজৰিকাই কয়, ‘’ মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ পাই মই সুখী হৈছো। মই জনসাধাৰণৰ আশা-আকাংখা পূৰণ কৰিবলৈ চেষ্টা কৰিম।‘’

গগৈয়ে তেওঁক অৰ্পণ কৰা নতুন দায়িত্বৰ বাবে দলৰ ৰাজ্যিক তথা কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ জনায়।

ৰাজু দেউৰী

ৰাজু দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

June 20, 2026 6:45 am
“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

June 20, 2026 6:45 am
“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd