• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সোণোৱাল মন্ত্ৰীসভাত পাঁচখন নতুন মুখকে ধৰি সাতগৰাকী নতুন মন্ত্ৰী অন্তৰ্ভুক্ত

NE NOW NEWS ৰাজু দেউৰী
গুৱাহাটী , April 25, 2018 11:32 pm

3 min read

New-Ministers...........-570x320

(ঘড়ীৰ কাটাৰ দিশত বাওফালৰ পৰা) পীযুষ হাজৰিকা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, তপন কুমাৰ গগৈ, ফনীভূষণ চৌধুৰী, ভৱেশ কলিতা, ছুম ৰংহাং আৰু চন্দন ব্ৰহ্ম। উৎস : ইন্টাৰনেট / ইউ বি ফটোছ

15k
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মন্ত্ৰীসভাত বৰ্তমান মুখ্যমন্ত্ৰীকে ধৰি ১১ গৰাকী মন্ত্ৰী আছে আৰু বৃহস্পতিবাৰে নতুনকৈ অন্তৰ্ভুক্ত হ’বলগীয়া সাতগৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব।

বিজেপি নেতৃত্বাধীন সোণোৱাল মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত ৫ গৰাকী বিজেপি বিধায়ক আৰু ইয়াৰ সহযোগী অগপ তথা বিপিএফৰ পৰা এগৰাকীকৈ বিধায়কে মন্ত্ৰিত্ব লাভ কৰিব।

বিগত বিধানসভাৰ নিৰ্বাচনত ১২৬ জনীয়া অসম বিধান সভালৈ বিজেপিৰ ৬১ গৰাকী, অগপই ১৪ গৰাকী আৰু বিপিএফৰ ১২ গৰাকীয়ে বিজয়ী হৈ আহিছে।

২০১৬ চনৰ ২৪ মে’ত সোণোৱাল মন্ত্ৰীসভাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত বিগত দুবছৰ ধৰি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ নোহোৱাৰ কাৰণেই আছিল ইয়াৰ সহযোগী দল অগপ আৰু বিপিএফৰ পৰা সম্প্ৰসাৰিত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’বলগীয়া সদস্যৰ সংখ্যাক লৈ মিত্ৰদল দুটাক বিজেপিয়ে পতিয়ন নিয়াত হোৱা ব্যৰ্থতা।

অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বৃহস্পতিবাৰে ৰাজভৱনত নতুন মন্ত্ৰীকেইজনক দায়িত্ব আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰাব।

বৃহস্পতিবাৰে নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগীয়া বিজেপি বিধায়ক কেইজন হৈছে সোণোৱালক বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে পদ এৰি দিয়া তথা পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিকট সহযোগী হিচাপে পৰিচিত জাগীৰোডৰ বিধায়ক পীযুষ হাজৰিকা, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা সোণাৰীৰ বিধায়ক তপন গগৈ, ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা আৰু প্ৰাক্তন কংগ্ৰেছী আৰু ডিফুৰ বিধায়ক ছুম ৰংহাং।

বঙাইগাওঁ বিধানসভা সমষ্টিৰ পৰা একেৰাহে ছয়বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত, অগপৰ আমোলৰ প্ৰাক্তন মন্ত্ৰী তথা দলৰ কাৰ্যকৰী সভাপতি অগপৰ ফনীভুষণ চৌধুৰী আৰু কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন পৰিবহন মন্ত্ৰী তথা ছিডলী সমষ্টিৰ বিধায়ক চন্দন ব্ৰহ্ময়ো বৃহস্পতিবাৰে নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

চৌধুৰী আৰু ব্ৰহ্মত বাহিৰে বাকী আটাইকেইজন বিধায়কে প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

যদিও বাতৰি ওলাইছিল যে যদি বিপিএফৰ বিধায়ক ইমানুৱেল মুছাহাৰী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হয় তেতিয়াহ’লে বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই মন্ত্ৰিত্ব হেৰৱাব আৰু বটদ্ৰবা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা সোণোৱাল মন্ত্ৰীসভাত স্থান পাব, অৱশেষত তেওঁলোকৰ নাম তালিকাৰ পৰা বাদ পৰে।

বাতৰি অনুসৰি চৌধুৰী, ভট্টাচাৰ্য, ৰংহাং আৰু ব্ৰহ্ম কেবিনেট মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত হ’ব আৰু হাজৰিকা, কলিতা আৰু গগৈক স্বতন্ত্ৰ দায়িত্বৰে ৰাজ্যিক মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব।

সোণোৱালে আশা প্ৰকাশ কৰে যে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত নতুন মুখৰ অন্তৰ্ভুক্তিয়ে ৰাজ্যখনৰ শাসন ব্যৱস্থা উন্নত কৰি তুলিব।

সংবাদ মাধ্যমৰ আগত ভট্টাচাৰ্যই কয়, ‘’ মই সৰ্ৱান্তকৰণে মোৰ দায়িত্ব পালন কৰিম আৰু কেপ্টইনৰ নিৰ্দেশ অনুসৰি ভূমিকা পালন কৰিম।‘’

কলিতাই কয়, ‘’ মোক যি দায়িত্বই দিয়া হয় মই সম্পূৰ্ণ দায়বদ্ধতাৰে তাক পালন কৰিম। মই ৰাজ্যখনৰ বিকাশৰ বাবে কাম কৰিম।‘’

আনহাতে, চৌধুৰীয়ে কয়, ‘’ ৰাইজে বহুত আশা কৰালৈ চাই ৰাইজৰ আশা পূৰণ কৰিবলৈ সক্ষম হওঁনে তাক লৈ মই চিন্তিত।‘’

ইয়াৰ মাজতে হাজৰিকাই কয়, ‘’ মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ পাই মই সুখী হৈছো। মই জনসাধাৰণৰ আশা-আকাংখা পূৰণ কৰিবলৈ চেষ্টা কৰিম।‘’

গগৈয়ে তেওঁক অৰ্পণ কৰা নতুন দায়িত্বৰ বাবে দলৰ ৰাজ্যিক তথা কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ জনায়।

Recent News

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

IMG-20210119-WA0047

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ দাবী পূৰ্ণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

a bcd

অৱশেষত কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা চূড়ান্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd