• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

স্বয়ং মুখ্য মন্ত্ৰীৰ দায়িত্বত থকা বিভাগে উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে মোকলাই দিয়া নাই ধন

NE NOW NEWS পংকজ কুমাৰ দেব
হাফলং , February 22, 2018 6:07 pm

2 min read

স্বয়ং মুখ্য মন্ত্ৰীৰ দায়িত্বত থকা বিভাগে উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে মোকলাই দিয়া নাই ধন
119
VIEWS
Share on FacebookShare on Twitter

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে স্বয়ং মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দায়িত্বত থকা পাৰ্বত্য অঞ্চল বিভাগে ধন মোকলাই দিয়া নাই।

মুখ্য মন্ত্ৰীয়ে সু-শাসন (good governance) আৰু কঠোৰ পৰিশ্ৰমৰ কথা দোহাৰি অহাৰ বিপৰীতে ডিমা হাচাও জিলাৰ উপায়ুক্তই অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ সচিবলৈ ১৭ ফেব্ৰুৱাৰিত প্ৰেৰণ কৰা NCH/EL/DC-1/2017-18/6047-50 পত্ৰই বিপৰীত ছবি এখনহে স্পষ্ট কৰি দিছে।

২০১৮ চনত হ’ব লগা নিৰ্বাচন বাদেই ২০১৩ চনত হৈ যোৱা পৰিষদীয় নিৰ্বাচনৰ ধনো চৰকাৰে আজিলৈকে মুকলি কৰি দিয়া নাই বুলি জানিব পৰা গৈছে।

পত্ৰখনত কোৱা হৈছে যে ডিমা হাচাও উপায়ুক্তই ‘বহুবাৰ যোগাযোগ কৰাৰ পিছতো আজিলৈকে (পত্ৰ প্ৰেৰণৰ দিনালৈকে) অসম চৰকাৰৰ পাৰ্বত্য অঞ্চল বিভাগে পৰিষদখনৰ ২০১৩ চনৰ হৈ যোৱা নিৰ্বাচনৰ লগতে ২০১৮ চনত হ’ব লগা আহি থকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ধন মোকলাই দিয়া নাই।’

 

ৰাজ্যিক নিৰ্বাচন আয়োগে ‘সেয়ে ৰাজ্যিক নিৰ্বাচন আয়োগে জৰুৰীভাৱে বিষয়টো চৰকাৰক উত্থাপন কৰিব পাৰে’ আৰু ‘শীঘ্ৰে ধনৰ ব্যৱস্থা কৰাৰ বাবে বিষয়টো দিচপুৰৰ পাৰ্বত্য অঞ্চল বিভাগক’ প্ৰস্তাৱ কৰিব পাৰে বুলি উপায়ুক্তগৰাকীৰ পত্ৰত কোৱা হৈছে।

বৰ্তমানৰ ‘পৰিষদখনৰ কাৰ্য্যকাল ৩ জুনত শেষ হ’ব’ আৰু ‘পূৰ্বৰ দৰে ২৮ সমষ্টিতে’ পৰৱৰ্তী পৰিষদীয় নিৰ্বাচন চলিত বছৰৰ ‘মে’ মাহত অনুষ্ঠিত হ’ব লাগে’ বুলি উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে কোৱা অনুসৰি ‘নিয়মমতে ভোটাৰ তালিকাৰ কাম ২২ মাৰ্চৰ পৰা আৰম্ভ কৰিব পাৰি’।

জিলা উপায়ুক্তগৰাকীয়ে ৰাজ্যিক নিৰ্বাচন আয়োগৰ বিবেচনাৰ্থে এখন খচৰা নিৰ্বাচনী সূচীও প্ৰস্তুত কৰিছে। এই তালিকাত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ দিন হিচাপে ২৩ এপ্ৰিল, মনোনয়ন দাখিলৰ দিন হিচাপে ৩০ এপ্ৰিলৰ পৰা ৬ মে’, ভোটদানৰ দিন হিচাপে ১৯ মে’ আৰু ২৪ মে’ক ভোট গণনাৰ দিন হিচাপে প্ৰস্তাৱ কৰা হৈছে।

উপায়ুক্তগৰাকীৰ এই পত্ৰ অসম চৰকাৰৰ পাৰ্বত্য অঞ্চল বিভাগ আৰু বিত্ত বিভাগৰ আয়ুক্ত আৰু সচিবৰ লগতে উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ মুখ্য সচিবৰ ‘জ্ঞাতাৰ্থে আৰু যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে’ প্ৰেৰণ কৰা হৈছে।

Recent News

index.jpg

যৌন কেলেংকাৰিত অভিযুক্ত বিজেপি মন্ত্ৰীৰ পদত্যাগ : সত্যতাৰ প্ৰমাণৰ বাবে তদন্তৰ দাবী

IMG_20210304_104520

আই আই টিৰ নতুন পদ্ধতি প্লাষ্টিকেৰে ৰাস্তা নিৰ্মাণ; ৰঙাপানীত আৰম্ভ হ’ল নিৰ্মাণ কাৰ্য

deadbody recovered final

শালনাৰ সোণাজুৰিৰ শিলৰ কোঁৱাৰীত সন্ধানহীন হোৱা লোকৰ মৃতদেহ উদ্ধাৰ

tajmahal_web

তাজমহলত বোমাতংক : পৰ্যটকৰ মাজত হাহাকাৰ; এজন ব্যক্তিক আটক আৰক্ষীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd