DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বৰ্ণকন্যা হিমা দাসৰ বাসগৃহত সত্ৰ মহাসভাৰ প্ৰতিনিধি, আলফা নেতা

মিণ্টু দাস by মিণ্টু দাস
July 20, 2018 12:39 pm
সত্র মহাসভা
144
VIEWS
Share on FacebookShare on Twitter

ফিনলেণ্ডৰ টেম্পৰেত অনুষ্ঠিত বিশ্ব এথলেটিকচ চেম্পিয়নশ্বিপৰ অনুৰ্ধ্ব ২০ ৰ ৪০০ মিটাৰ দৌৰ শাখাত স্বৰ্ণপদক অৰ্জনেৰে দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে দৌৰবিদ হিমা দাসে। হিমা এতিয়া সাত সাগৰ তেৰ নদীৰ সিপাৰৰ চেক গণৰাজ্যৰ প্ৰাগ চহৰত এচিয়াদৰ বাবে ব্যস্ত কঠোৰ অনুশীলনত।

হিমা নাই যদিও তাই থকা সঁজাতো চাবলৈ ভিৰ কৰিছেহি অগণন লোকে। ইতিমধ্যে প্ৰায় প্ৰতিদিনে তাইক লালন-পালন কৰা পিতৃ-মাতৃক তথা পৰিয়ালবৰ্গক অলপমান আশীৰ্বাদ দিবলৈ বিভিন্ন লোকৰ লগতে দল সংগঠন তথা ৰাজনৈতিক নেতাই ভিৰ কৰা পৰিলক্ষিত হৈছে।

হিমাৰ সফলতাৰ এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো হিমাৰ জন্মগাঁও ধিঙৰ কান্ধুলিমাৰীত প্ৰতিদিনেই বিৰাজ কৰিছে এক উদুলি-মুদুলি পৰিবেশে। কিয়নো দেশ তথা ৰাজ্যৰ ৰাজনৈতিক নেতা, বিভিন্ন ক্ষেত্ৰৰ আগৰণুৱা ব্যক্তিৰ নিতৌ আগমন ঘটিছে হিমাৰ পিতৃ-মাতৃক সাক্ষাৎ কৰি অভিনন্দন জনোৱাৰ উদ্দেশ্যে।

ইপিনে, হিমা দাসৰ বাসগৃহত আলফা নেতা অনুপ চেতিয়া আৰু অসম সত্ৰ মহাসভাৰ পশ্চিম নগাঁও জিলা সমিতিৰ এটি দলো কালি উপস্থিত হৈ হিমাই কঢ়িয়াই অনাই সাফল্যৰ বাবে পিতৃ-মাতৃক অসমীয়াৰ স্বাভিমান গামোচা পিন্ধাই অভিনন্দন জনায়।

উল্লেখ্য যে, অসম সত্ৰ মহাসভাৰ পশ্চিম নগাঁও জিলা সমিতিয়ে হিমাৰ পিতৃ-মাতৃক শুভেচ্ছা জ্ঞাপন কৰে। হিমাই সমগ্ৰ দেশৰ লগতে অসমবাসীৰো গৌৰৱ বৃদ্ধি কৰিলে বুলি কয় পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ সভাপতি তথা সত্ৰাধিকাৰ ঘনমোহন গোস্বামীয়ে।

হিমা দাসৰ ঘৰলৈ অহা দলটোত পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতি হেমচন্দ্ৰ তামূলী, উপ-সভাপতি কুশ বৰদলৈ, ডেকাসত্ৰীয়া প্ৰমথেশ দেৱ গোস্বামী, প্ৰাক্তন সম্পাদক বুধিন মহন্ত, সম্পাদক মানিক বৰাৰ লগতে সত্ৰ মহাসভাৰ ধিং-বটদ্ৰৱা-ডুমডুমীয়া বালিসত্ৰ আঞ্চলিকৰ সভাপতি মুকুল কলিতা উপস্থিত হৈ হিমাৰ পিতৃ-মাতৃক ফুলাম গামোচা, শৰাই আৰু এখন ধৰ্ম শাস্ত্ৰৰে সম্বৰ্ধনা জনায়।

আনহাতে, হিমাৰ ঘৰত আলফা নেতা অনুপ চেতিয়াই কালি বিয়লি পুত্ৰ-জীয়ৰী আৰু পৰিবাৰসহ উপস্থিত হৈ হিমা দাসৰ পিতৃ-মাতৃ তথা পৰিয়ালক অভিনন্দন জনায়। ইয়াৰ উপৰি হিমাৰ লগত ভিডিঅ’ কলিং কৰি শুভেচ্ছা জনাই অনুপ চেতিয়াই। চেতিয়াৰ জীয়ৰীয়ে লগতে নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতা কৰি ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ত জেনেভাত দিয়া ভাষণ প্ৰসংগত সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায়।

Recent News

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd