• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ উদ্দেশ্যে নগাঁৱত সাংবাদিকৰে বন বিষয়াৰ মত বিনিময়

মিন্টু দাস by মিন্টু দাস
June 23, 2018 9:44 am
22-06-18 Nagaon- Journalists Meet-Men-Animal Conflict (1)

নগাঁৱত বন বিষয়াৰে সাংবাদিকৰ মত-বিনিময়। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাতী-মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পোৱাত বিশেষকৈ ৰাজ্যখনৰ বনাঞ্চলীয় এলেকাৰ সৰ্বসাধাৰণ ৰাইজক উদ্বিগ্ন কৰি তুলিছে। নগাঁও জিলাতো এই সংঘাতে বিগত কেইবছৰ ধৰি ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। এই সংঘাতৰ পৰিণতিত জিলাখনত বহু লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাব লগা হোৱাৰ লগতে বাসগৃহ, খেতি পথাৰ নষ্ট কৰি সাধাৰণ ৰাইজক বাৰুকৈয়ে সমস্যাত পেলাইছে।

হাতী-মানুহৰ এই সংঘাত চলি থকাৰ সময়তে শুকুৰবাৰে নগাঁও সংমণ্ডল বন বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত জিলাখনৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকলৰ সৈতে বন বিভাগৰ এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।

Apply Now

অনুষ্ঠানত অংশগ্ৰহণ কৰি সংমণ্ডল বন বিষয়া শুভাশীষ দাসে জিলাখনত সংঘটিত হৈ থকা হাতী-মানুহৰ সংঘাতৰ কথা উল্লেখ কৰি এই সংঘাত দূৰ কৰিবৰ কাৰণে বন বিভাগে লোৱা পদক্ষেপৰ বিষয়ে সদৰী কৰে। এই ক্ষেত্ৰত অধিক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে সাংবাদিকসকলৰপৰা পৰামৰ্শ বিচাৰে।

সাংবাদিকসকলে হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ কাৰণে বিভিন্ন পৰামৰ্শ দি বন বিভাগক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। সাংবাদিক সকলে বনাঞ্চল ধ্বংস ৰোধ কৰা, কাৰ্বি আংলং জিলাত বনাঞ্চলৰ ভূমিত ব্যক্তিগত পট্টা দিয়া বন্ধ কৰা, জনাঞ্চললৈ যাতে হাতী আহিব নোৱাৰে তাৰ বাবে হাতীৰ কৰিডৰসমূহত চোকা দৃষ্টি ৰখাকে ধৰি কেইবাটাও পৰামৰ্শ আগবঢ়াই এই বিষয়ে চৰকাৰক পৰ্যাপ্ত অৰ্থ সাহায্য যোগানৰ ব্যৱস্থা ল’বলৈ এক পত্ৰ প্ৰেৰণ কৰাৰ পৰামৰ্শ দিয়ে।

সাংবাদিকসকলে লগতে জিলাখনৰ বিভিন্ন স্থানত থকা অবৈধ কাঠফলা মিলসমূহ বন্ধ কৰা আৰু বনৰীয়া হাতীয়ে ক্ষতি কৰা লোকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনায়।

অনুষ্ঠানত সংমণ্ডল বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে, চলিত বছৰত বৰ্তমানলৈকে হাতীৰ আক্ৰমণত তিনিজন লোকৰ মৃত্যু হয়। বিগত বছৰত জিলাখনত ১১ টা বনৰীয়া হাতীৰ মৃত্যু হৈছিল। হাতী- মানুহৰ সংঘাত দূৰীকৰণৰ বাবে ইতিমধ্যে শিলঘাটত ৮ কিলোমিটাৰ, কঠিয়াতলিত ৭ কিলোমিটাৰ আৰু কন্দলিত ৭ কিলোমিটাৰ এলেকাত স্থানীয় ৰাইজৰ সহযোগত আৰু ডব্লিও ডব্লিও এফৰ সাহায্যত পাৱাৰ ফেঞ্চিং দিয়াৰ ব্যৱস্থা কৰা হৈছে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁও ছোৱালী কলেজৰ অধ্যাপক সমৰজিৎ ওজাই জানিবলৈ দিয়ে যে, অকল খাদ্যৰ সন্ধানতেই হাতী বনাঞ্চলৰ পৰা ওলাই নাহে। এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত অন্য কেতবোৰ কাৰণেও হাতী বনাঞ্চলৰ পৰা ওলাই আহে বুলি উল্লেখ কৰে।

হাতী-মানুহৰ সংঘাতৰ কাৰণৰ বিভিন্ন দিশ তথ্য চিত্ৰৰ জৰিয়তে প্ৰৰ্দশন কৰি এই সংঘাত দূৰ কৰিবৰ কাৰণে ৰাইজৰ মাজত ব্যাপক সজাগতা সৃষ্টিৰ বাবে সকলোকে আহ্বান জনায়। এই বিষয়ত এক পুস্তিকাও বিতৰণ কৰা হয়।

অনুষ্ঠানত নগাঁও সদৰ আৰু শালনা আঞ্চলিক বন বিষয়া ক্ৰমে নেপাল মণ্ডল, চেলিম আহমেদ আদি উপস্থিত থাকে।

মিন্টু দাস

মিন্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd