DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাফলঙত জুইত জাহ গ’ল কেইবা লক্ষাধিক মূল্যৰ গাড়ী

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
March 24, 2018 1:52 pm
IMG-20180324-WA0014
118
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে নিশা হাফলঙৰ চৰকাৰী বাগানৰ এন আৰ এল পেট্ৰ’ল পাম্পৰ লগত লাগি থকা এটা গাড়ীৰ ৱৰ্কশ্বপত অগ্নিকাণ্ডৰ সুত্ৰপাত ঘটে।  মুহুৰ্তৰ ভিতৰতে জুইৰ লেলিহান শিখাই ৱৰ্কশ্বপটোৰ সকলো ছাৰখাৰ কৰি দিয়ে।

অগ্নিকাণ্ডৰ ফলত হোৱা আনুমানিক ক্ষয় ক্ষতিৰ পৰিমান প্ৰায় পোন্ধৰৰ পৰা ওঠৰ লাখ মান হ’ব।

জুইৰ সুত্ৰপাত ক’ৰ পৰা হৈছে সেয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই। অৱশ্যে, এন আৰ এল পেট্ৰ’ল পাম্পটো জুইৰ পৰা কথমপি ৰক্ষা পৰে।

ৱৰ্কশ্বপৰ স্বত্বাধিকাৰী হাৰু আচাৰ্য্যই দিয়া ভাষ্য অনুসৰি তেওঁ ৱৰ্কশ্বপ বন্ধ কৰি ইয়াৰ ঠিক পিছফালে থকা ঘৰটোতে আছিল। হঠাতে জুই জুই বুলি চিঞৰ বাখৰ শুনি ঘৰৰ পৰা ওলাই আহি দেখে যে জুইত এখন গাড়ী জ্বলি প্ৰায় জাহ গৈছে।

IMG-20180324-WA0009

উপস্থিত লোকে পানী ঢালি দিয়াৰ পিছত জুই হ্ৰাস পোৱাৰ সলনি বাঢ়িহে যায়। লগে লগে আগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয়। কিছু পলমকৈ হ’লেও অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপিত কৰে।

অগ্নিকাণ্ডত ৱৰ্কশ্বপৰ সাতখন পুৰণি গাড়ী জ্বলি যায়। ইয়াৰ ভিতৰত আছে ৱাগনাৰ, জীপ, জীপছি, মাৰুতি ৮০০, মটৰবাইক আদি। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও কোনো বিশেষ তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

অগ্নি নিৰ্বাপক বাহিনী অহাত আৰু অলপ পলম হ’লেই এন আৰ এল পেট্ৰ’ল পাম্পত জুই লাগিলেহেঁতন আৰু গোটেই এলেকাটো ছাৰখাৰ হৈ গ’লহেঁতেন বুলি মত প্ৰকাশ কৰিছে উপস্থিত ৰাইজে।

 

Recent News

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

World Boxing Championships: বক্সিঙত বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ নিখাত জাৰিন, স্বৰ্ণ জয়

World Boxing Championships: বক্সিঙত বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ নিখাত জাৰিন, স্বৰ্ণ জয়

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd