• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাফলঙত ভুৱা প্ৰমাণপত্ৰেৰে চাকৰি লোৱাৰ চেষ্টা : দুৰ্নীতিৰ অভিযোগত এজন হ’ম গাৰ্ডকে ধৰি চাকৰিত যোগদানৰ বাবে অহা ১০জনক আটক

NE NOW NEWS পংকজ কুমাৰ দেব
হাফলং , May 8, 2018 9:53 pm

2 min read

Fake_certificate

বিতোপন বৰা।

76
VIEWS
Share on FacebookShare on Twitter

হাফলঙত হ’ম গাৰ্ড নিযুক্তিত ব্যাপক দুৰ্নীতি হোৱাৰ তথ্য পোহৰলৈ আহিছে। ভুৱা প্ৰমাণপত্ৰ বনাই নিযুক্তিত জড়িত হাফলঙৰ ট্ৰেজাৰি কাৰ্যালয়ত কৰ্তব্যৰত হ’ম গাৰ্ড বিতোপন বৰাক আজি এই অভিযোগত আৰক্ষীয়ে আটক কৰিছে। বিতোপনৰ পৰা আৰক্ষীয়ে এটা ৰাউণ্ড ছীল আৰু  হ’ম গাৰ্ডৰ  ডিষ্ট্ৰিক্ট কমাণ্ডেণ্টৰ  চাৰিটা ভুৱা  ছীল উদ্ধাৰ কৰিছে।

বিতোপনৰ লগত ৰঞ্জিত কোঁৱৰ নামৰ দিয়ুংমুখ আৰক্ষী থানাত কৰ্তব্যৰত হ’ম গাৰ্ড এজনো জড়িত বুলি বিতোপনে আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে। জানিব পৰামতে, বিতোপনৰ ঘৰ নগাঁও জিলাত। আনহাতে ৰঞ্জিতৰ ঘৰ মৰিগাঁৱত।

তথ্য অনুসৰি বিতোপন, ৰঞ্জিত আৰু এগৰাকী আৰক্ষী কনিষ্টবল মিলি ভুৱা প্ৰমাণপত্ৰৰে  হ’ম গাৰ্ডত ইতিপূৰ্বে দহজন যুবকক নিযুক্তি দিবলৈ সক্ষম হৈছিল বিতোপন আৰু ৰঞ্জিতে। অভিযোগ মতে, ইয়াৰ বিনিময়ত যুৱককেইজনৰ পৰা পঞ্চাচ হাজাৰকৈ টকাকৈ লৈছে বিতোপন আৰু ৰঞ্জিতে।

Fake_certificate_2

এই যুৱকসকলে ভুৱা প্ৰমাণ পত্ৰ লৈ আজি চাকৰিত যোগদানৰ কাৰণ আহোতে বিষয়টো দৃষ্টি গোচৰ হয় হ’ম গাৰ্ডৰ ডিমা হাচাও জিলাৰ ডিষ্ট্ৰিক্ট কমাণ্ডেণ্টৰ। আৰক্ষীক বিষয়টো অৱগত কৰাৰ লগে লগে প্ৰাথমিক তদন্ত কৰি হাফলং আৰক্ষীয়ে বিতোপনক আটক কৰে। বিতোপনক সোধা-পোছা কৰাত আচল তথ্য পোহৰলৈ আহে।

আৰক্ষীয়ে জনোৱা মতে, বিতোপনে টকা লোৱাৰ কথা স্বীকাৰ কৰাৰ লগতে গোটেই কাম-কাজ দিয়ুংমুখত হোৱা বুলি কয়। আনহাতে নকল ছীলবিলাক লংকাত বনাই অনা বুলিও জানিবলৈ দিয়ে।

নৰ্থ-ইষ্ট নাওক হাফলং আৰক্ষী থানাৰ অ’ চি কুশেশ্বৰ বৰাই  কয় যে এই জালিয়াতি কাৰ্যৰ আঁৰত ডাঙৰ চক্ৰ জড়িত থাকিব পাৰে।

আনহাতে ভুৱা প্ৰমাণপত্ৰৰে হ’মগাৰ্ডৰ চাকৰিত যোগদানৰ কাৰণে অহা কাৰ্বি আংলং জিলাৰ হাৱাইপুৰৰ দুগৰাকী যুবকৰ লগতে দিয়ুংব্ৰা আৰু দিয়ুংমুখৰ মুঠ দহজন যুৱককো আটক কৰিছে আৰক্ষীয়ে।

ইয়াৰে জয়কুমাৰ জহৰীয়ে দিয়া ভাষ্য অনুসৰি তেওঁ এই চাকৰিৰ কাৰণে ৰঞ্জিত কোঁৱৰক মাটি বন্ধক দি পঞ্চাচ হাজাৰ টকা যোগাৰ কৰিছিল। ঠিক একেদৰে মহাজিত কেম্প্ৰাই আৰু চাজিত লাংথাচায়ো মাটি বিক্ৰী কৰি ৰঞ্জিতক পঞ্চাচ হাজাৰ টকা চাকৰিৰ বাবে দিছিল।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd