‘স্বচ্ছ ভাৰত’ অভিযানৰ অধীনত স্বচ্ছতা সম্পৰ্কত জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত আৰম্ভ কৰিছিল এই অভিলাষী আঁচনি। মোদীৰ এই আঁচনিক আৰম্ভণি পৰ্যায়ত দেশৰ সকলো লোকে ব্যাপক সঁহাৰি জনোৱাও পৰিলক্ষিত হৈছিল।
গাঁও তথা চহৰ সমূহ পৰিষ্কাৰ কৰাৰ উদ্দেশ্যে চৰকাৰে ব্যাপক ৰূপত খৰচ কৰিছে ধন। হোজাই জিলাৰ সদৰ চহৰ হোজাইক সুন্দৰ তথা পৰিষ্কাৰ কৰিবৰ বাবে চহৰখনৰ পৌৰ নিগমেও জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ সমদল, প্ৰতিযোগিতা আৰু চহৰখনৰ বিভিন্ন অঞ্চলত স্থাপন কৰিছে ডাষ্টবিন।
ইয়াৰ উপৰি হোজাই পৌৰ নিগমৰ কৰ্মচাৰীসকলেও চহৰখনক নিকা কৰি ৰাখিবলৈ সদায় অব্যাহত ৰাখিছে চেষ্টা। কিন্তু তেওঁলোকৰ এই চেষ্টা যেণ অনৰ্থক। কিয়নো চহৰখনৰ লোকসকল এই ক্ষেত্ৰত যেণ অলপো সচেতন নহয়। চহৰবাসীয়ে ডাষ্টবিন ব্যৱহাৰ কৰাৰ বিপৰীতে য’ত ত’ত জাৱৰ-যোথৰ পেলাই সৃষ্টি কৰিছে এক অৱৰ্ণনীয় পৰিৱেশ।
উল্লেখ্য যে জনসাধাৰণৰ এনে কাৰ্যত চহৰখনত এতিয়া অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। এই সংক্ৰান্তত হোজাই পৌৰ নিগমৰ এগৰাকী বিষয়া সঞ্জল মহন্তই আমাৰ সাংবাদিকৰ আগত কয়, ‘ডাষ্টবিন ব্যৱহাৰ কৰাটো কেৱল জনসাধাৰণৰ দায়িত্বই নহয়, ইয়াৰ ফলত পৰিৱেশ তথা সমাজত এটা গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰে। চৰকাৰী যন্ত্ৰই মানুহৰ স্বভাৱ সলনি কৰিব নোৱাৰে’।
‘সমাজৰ কল্যাণৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছো। ইয়াৰ বাবে প্ৰয়োজন জনসাধাৰণৰ সহযোগিতা। জনসাধাৰণৰ সহায় তথা সহযোগিতা অবিহনে আমি কেতিয়াও আমাৰ সপোন তথা সমাজৰ উন্নয়ন সাধন কৰিব নোৱাৰো’, বুলিও মহন্তই আমাৰ আগত উল্লেখ কৰে।
