• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হৰ্ণবিল মহোৎসৱত সমবেত হ’ল নাগালেণ্ড, মণিপুৰ আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো
কোহিমা , December 6, 2017 11:33 am

3 min read

হৰ্ণবিল মহোৎসৱত সমবেত হ’ল নাগালেণ্ড, মণিপুৰ আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী
123
VIEWS
Share on FacebookShare on Twitter

উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী নাগালেণ্ডৰ টি আৰ জেলিয়াং, মণিপুৰৰ বীৰেণ সিং আৰু অৰুণাচল প্ৰদেশৰ প্ৰেমাখান্দুৱে কালি নাগালেণ্ডৰ কিছামাত অনুষ্ঠিত হৈ থকা হৰ্ণবিল মহোৎসৱত একেলগে মঞ্চত উপবিষ্ট হৈ চুবুৰীয়া বন্ধু হিচাপে পাৰস্পৰিক সহোগিতাৰ আহ্বান জনায়।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিশেষ কাৰণত উপস্থিত থাকিব নোৱাৰিলে যদিও মুখ্য অতিথি আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থকা মণিপুৰ আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীদ্বয়ৰ সন্মুখতে হৰ্ণবিল মহোৎসৱৰ পঞ্চম দিনা নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে কয়,-‘’ চুবুৰীয়া বন্ধু হিচাপে আমি সহযোগিতাৰে আগবাঢ়িব লাগিব কিয়নো কেবল শান্তিয়েহে আমাৰ এই অঞ্চলটোত  প্ৰগতি আৰু বিকাশ সম্ভৱ কৰি তুলিব।‘’

উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি জেলিয়াঙে এই অঞ্চলত অনুষ্ঠিত মহোৎসৱসমূহে বিভিন্ন প্ৰান্তৰ পৰ্যটকক আকৰ্ষণ কৰি আহিছে। একেলেথাৰিয়ে অৰুণাচলৰ টাৱাং মহোৎসৱ, মণিপুৰৰ ছাংগাই মহোৎসৱ আৰু ইয়াৰ পিছতে নাগালেণ্ডৰ হৰ্ণবিল মহোৎসৱে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকক একে যাত্ৰাতে এক বিৰল অভিজ্ঞতাৰ সুযোগ ল’বলৈ আমন্ত্ৰণ কৰাৰ প্ৰয়াস কৰিব লাগে।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সংস্কৃতি, পৰম্পৰা, জীৱন যাত্ৰা বা চেহেৰাৰ সাদৃশ্য আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,-‘’  সময়ৰ দ্ৰুত পৰিৱৰ্তনৰ লগত তাল মিলাবলৈ আমাৰ এটা উমৈহতীয়া উন্নয়নৰ কৌশল ৰচনাৰ প্ৰয়োজন।‘’

এক্ট ইষ্ট পলিচিৰ সম্পৰ্কত তেওঁ কয় যে নাগালেণ্ডে ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে মিলি বিভিন্ন দিশত দ্ৰুত প্ৰগতিৰ পথত আগবাঢ়ি যাবলৈ দৃষ্টিভংগী গ্ৰহণ কৰিব।

মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিংঙে মণিপুৰ আৰু নাগালেণ্ড ৰাজ্য দুখন আৰু ইয়াৰ মানুহৰ মাজত বহু বেছি মিল আছে বুলি উল্লেখ কৰে।

তেওঁ ব্যৱসায়, দক্ষতা বিকাশ,বাণিজ্য, কলা, সংস্কৃতি ,চলচ্চিত্ৰ আৰু থিয়েটাৰৰ ক্ষেত্ৰসমূহত বিভিন্ন ব্যক্তি-অনুষ্ঠানসমূহৰ মাজত মত বিনিময় গঢ়ি তুলিব লাগিব। এনে বহু উন্মোচিত নোহোৱা বিষয় আছে যিবোৰত মণিপুৰ আৰু নাগালেণ্ডে চুবুৰীয়া হিচাপে যৌথভাৱে কাম কৰি সম্ভাৱনা দুৱাৰ মুকলি কৰিব লাগিব আৰু জনসাধাৰণৰ আশা-আকাংখা পূৰণৰ চেষ্টা কৰিব লাগিব।

এই অনুষ্ঠানতে আনগৰাকী মুখ্য অতিথি অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে কয়,-‘’এই হৰ্ণবিল মহোৎসৱৰ জৰিয়তে কেৱল নাগালেণ্ডৰে যে প্ৰচাৰ হ’ব এনে নহয় লগতে গোটেই উত্তৰ-পূৰ্বাঞ্চলকে ই তুলি ধৰিব। ‘’ তেওঁ লগতে এই মহোৎসৱৰ আয়োজক নাগালেণ্ড চৰকাৰক ধন্যবাদ জনায়।

তেওঁ কয় যে নাগালেণ্ড আৰু অৰুণাচলৰ মাজত ইয়াৰ জনজাতি, ভাষা আৰু ৰাজনৈতিক বৈচিত্ৰতাৰ ক্ষেত্ৰত যথেষ্ট মিল আছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত প্ৰভূত সম্ভাৱনা আৰু প্ৰতিভা আছে যিবোৰ উলিয়াই আনি বিশ্বৰ সন্মুখত দাঙি ধৰাৰ প্ৰয়োজন আছে।

খান্দুৱে অগ্ৰজসকলে সংৰক্ষণ কৰি ৰখা পুৰণি সংস্কৃতি তথা পৰম্পৰাসমূহ আগবঢ়াই লৈ যাবলৈ নতুন প্ৰজন্মৰ প্ৰতি আহ্বান জনায়।

Recent News

কেৰেলা : বাওঁগণতান্ত্ৰিক চৰকাৰে উঠাই ল’লে সাৱৰীমালা আৰু কা-বিৰোধী আন্দোলনৰ সকলো গোচৰ

কেৰেলা : বাওঁগণতান্ত্ৰিক চৰকাৰে উঠাই ল’লে সাৱৰীমালা আৰু কা-বিৰোধী আন্দোলনৰ সকলো গোচৰ

Dibrugarh-University-570x320

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় অনিয়ম : উচ্চ স্তৰীয় তদন্ত কমিটি গঠন ৰাজ্যপাল জগদীশ মুখীৰ

ম্যানমাৰ : ফেচবুকে নিষিদ্ধ কৰিলে দেশখনৰ সামৰিক বাহিনীক

ম্যানমাৰ : ফেচবুকে নিষিদ্ধ কৰিলে দেশখনৰ সামৰিক বাহিনীক

624827-army-afp-050517-750x375

নিৰ্বাচনৰ পূৰ্বে AFSPAৰ অধীনত অসমক পুনৰ ‘অশান্ত অঞ্চল’ৰূপে ঘোষণা চৰকাৰৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd