১ লাখ কোটি টকাতকৈ অধিক টকাৰ বিনিয়োগৰ বাবে ২০০ খনতকৈ অধিক চুক্তি স্বাক্ষৰিত

Industry leader Mukesh Ambani, Reliance Group of Industries delevering lecture during inauguration ceremony of Advantage Assam Global Investor Summit in Guwahati

আজি সামৰণি পৰা এডভাণ্টেইজ আছাম শীৰ্ষক বিশ্ব বিনিয়োগকাৰী সন্মিলন সফল বুলি দাবী কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এটা বিবৃতিত মুখ্য মন্ত্ৰীজনে কয় যে ২০০ খনতকৈ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে, যাৰ জৰিয়তে ১ লাখ কোটি টকা বিনিয়োগ হোৱাৰ পথ মুকলি হৈছে।

উল্লেখযোগ্য যে অসম চৰকাৰৰ উদ্যোগত ৩ আৰু ৪ ফেব্ৰুৱাৰিত গুৱাহাটীত বিশ্বৰ বিভিন্ন প্ৰান্তৰ উদ্যোগপতিসকলক লৈ এখন বিনিয়োগ সন্মিলন অনুষ্ঠিত হৈছিল। এই সন্মিলনৰ আজি সামৰণি পৰে। আজি সামৰণি অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰদান কৰে। তেওঁ সন্মিলনখন সম্পূৰ্ণ সফল বুলি দাবী কৰাৰ লগতে ইয়াক সফল কৰাৰ প্ৰচেষ্টাত টীম অসমৰ শলাগ লয়।

মুখ্য মন্ত্ৰীজনে কয় যে বিনিয়োগকাৰীসকলৰ সৈতে স্বাক্ষৰিত হোৱা বিভিন্ন চুক্তিয়ে ৰাজ্যখনত এক ঔদ্যোগিক বাতাবৰণ সৃষ্টি হোৱাত সহায় কৰিব। তেওঁ বিনিয়োগকাৰীসকলক সকলো ধৰণৰ সহায়-সহযোগিতা আগ বঢ়াবলৈ ৰাজ্যবাসীক আহ্বান জনায়। এই সন্মিলনখনে অসমৰ সৈতে আছিয়ান আৰু বিবিএন দেশ সমূহৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

আনহাতে সামৰণি অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে সন্মিলনখনক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টীম ভাৰত ধাৰণাৰ বহিঃপ্ৰকাশ বুলি উল্লেখ কৰে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন বুলিও অভিহিত কৰে।

আনহাতে চৰকাৰী সূত্ৰই সফলতা দাবী কৰিলেও বিভিন্ন পক্ষই সন্মিলনখনক লৈ প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে। আনকি ছ’চিয়েল মিডিয়াতো বহুতে ইয়াত চৰকাৰৰ ঢোলা পিতা স্বভাৱৰহে প্ৰতিফলন দেখা পোৱা বুলি মত ব্যক্ত কৰিছে।

ৰাজ্যখনৰ থকা উদ্যোগবোৰৰে অৱস্থা নথকা অৱস্থাত আৰু ৰাজ্যখন ইমানবোৰ সমস্যা জৰ্জৰিত হৈ থকা অৱস্থাত এই সন্মিলন চৰকাৰৰ ভুল পদক্ষেপ বুলি মন্তব্য কৰিছে।