তেজপুৰৰ ছোৱালী ৰুদালি বৰুৱা এছিয়ান গে’ইমছ ২০১৮ত টাইকৱান্ড’ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰিবৰ বাবে নিৰ্বাচিত হৈছে। ইন্দোনেছিয়াৰ জাকাৰ্তাত ১০-১৩ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব লগা এই খেলত ভাগ লোৱাৰ বাবে ৰুদালিক টাইকৱান্ড’ ফেদাৰে’ছন অৱ ইণ্ডিয়াই বাচনি কৰিছে।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে টাইকৱান্ড’ৰ প্ৰাক্তন ছাই প্ৰশিক্ষাৰ্থী ৰুদালিয়ে ৰাষ্ট্ৰীয় পৰ্য্যায়ত কেৰালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত ব্ৰ’ঞ্জ, ৱিশাখাপত্তনমত অনুষ্ঠিত ৩৫ তম ছীনিয়ৰ টাইকৱান্ড’ চ্চেম্পিয়নশ্বিপ আৰু ২০১৭ চনৰ সদৌ ভাৰত আন্তঃ বিশ্ববিদ্যালয় টাইকৱান্ড’ চ্চেম্পিয়নশ্বিপত সোণৰ পদক পাবলৈ সক্ষম হৈছিল।
এছিয়ান গে’ইমছত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হোৱা সন্দৰ্ভত এন নাওৱে তৰুণীগৰাকীৰ মনৰ ভাব জানিব খোজাত তেওঁ কয়, ‘মই সঁচাই খুব উৎফুল্লিত হৈছো। মোৰ সফলতাৰ সকলো কৃতিত্ব মোৰ অভিভাৱকক দিব খোজো। তেওঁলোকে কেতিয়াও মোক আবদ্ধ কৰি ৰাখিবলে চেষ্টা কৰা নাই আৰু মই বাচি লোৱা কেৰিয়াৰটোত আগবাঢ়ি যাবলৈ সদায়ে মোক প্ৰেৰণা যোগাই আহিছে।’
খেলুৱৈগৰাকীয়ে লগতে কয়, ‘দেশৰ সকলো ক্ষেত্ৰতে মহিলাসকলে ভাগ ল’ব পৰাৰ সক্ষমতাৰ ক্ষেত্ৰত বাধা হৈছে ভাৰতীয় সমাজে মহিলা আৰু ছোৱালীক কৰা হেয় জ্ঞান আৰু সমাজৰ সকলো ক্ষেত্ৰতে বিদ্যমান লিংগ বৈষম্যই এই কথা প্ৰতিফলিত আৰু দৃশ্যমান কৰিছে। কিন্তু মই তথাপি বিশ্বাস কৰো যে দৃঢ় সংকল্পই স্বপ্ন পূৰণৰ পথৰ সকলো বাধা ধ্বংস কৰিব পাৰে।’
ৰুদালি তেজপুৰ নিকামূল অঞ্চলৰ বাসিন্দা সমাজকৰ্মী অনুপম বৰুৱা আৰু ৰুনা বৰুৱাৰ জীয়াৰী।





