• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২১ জানুৱাৰিত গুৱাহাটীত আৰ এছ এছৰ বিশাল সমাৱেশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 7, 2018 3:03 pm

2 min read

২১ জানুৱাৰিত গুৱাহাটীত আৰ এছ এছৰ বিশাল সমাৱেশ

আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

75
VIEWS
Share on FacebookShare on Twitter

অহা ২১ জানুৱাৰিত গুৱাহাটীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই (আৰ আৰ এছ) এখন বিশাল সমাৱেশ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে। ‘লুইতপৰীয়া হিন্দু সমাৱেশ’ হিচাপে নামকৰণ কৰা উক্ত সমাৱেশখন এতিয়ালৈকে ৰাজ্যখনত হিন্দু সংগঠনটোৱে অনুষ্ঠিত কৰা আটাইতকৈ বৃহৎ সমাৱেশ হ’ব বুলি আশা কৰা হৈছে।

সংঘৰ মুৰব্বী মোহন ভাগৱতৰ লগতে শীৰ্ষ নেতাসকলে সমাৱেশত অংশগ্ৰহণ কৰাৰ আশা কৰা হৈছে। এই সমাৱেশখনত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেইবাজনো মন্ত্ৰীয়ে উপস্থিত থকাৰ কথা। সমাৱেশত গৰিষ্ঠ সংখ্যক বিজেপিৰ ৰাজ্যিক কমিটিৰ কৰ্মীয়েই উপস্থিত থাকিব।

সূত্ৰসমূহে জনোৱা মতে অন্যান্য শীৰ্ষ নেতাৰ সৈতে মোহন ভাগৱতে তিনিদিনীয়া কাৰ্যসূচীলৈ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া সমাৱেশৰ বাবে আহি উপস্থিত হ’ব।

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা সমাৱেশত এক লাখতকৈয়ো অধিক লোকে অংশগ্ৰহণ কৰাৰ আশা কৰা হৈছে। ইয়াৰ ভিতৰত ৩৫,০০ কৰ্মীয়ে খেলপথাৰত সংঘৰ খাকী পোচাক পৰিধান কৰিব।

সংঘৰ ইউনিফৰ্ম পৰিধান কৰিবলগীয়া ব্যক্তি সকলৰ ভিতৰত আছে ৰাজ্যৰ আৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়ক তথা আছুৰ প্ৰাক্তন নেতা তপন কুমাৰ গগৈ, বিমল বৰা, অশোক শৰ্মা, চক্ৰধৰ গগৈ আদি।

সমাৱেশৰ বাবে মোহন ভাগৱতৰ লগতে কৃষ্ণ গোপাল, সুনীল দেশপাণ্ডেৰ দৰে অন্যান্য নেতাসকলে ২০ জানুৱাৰিত নাগপুৰৰ পৰা আহি গুৱাহাটীত উপস্থিত হ’ব। সমাৱেশখন ২১ জানুৱাৰীৰ আবেলি ২ বজাত আৰম্ভ হ’ব আৰু ইয়াতে কেইবাজনো মন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দেখা যাব। সেইদিনাখনৰ সমাৱেশত বিজেপিৰ সকলো সাংসদ আৰু বিধায়কো উপস্থিত থাকিব।

এই বৃহৎ সমাৱেশৰ বাবে তিনিখন মঞ্চ সাজি উলিওৱা হৈছে। ইয়াৰে এখনত ১০০ তকৈয়ো অধিক সাধু বহিব। সংঘৰ এই সমাৱেশলৈ অঞ্চলটোৰ জনজাতি সম্প্ৰদায়ৰ ২০ গৰাকী মুৰব্বী তথা ৰজাক আমন্ত্ৰণ জনোৱা হৈছে।

সমাৱেশৰ পিছতে ভাগৱতে গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত সংঘৰ আন এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব য’ত তেওঁ প্ৰায় ১০০০ তকৈয়ো অধিক সংঘৰ কৰ্মীৰ সৈতে মত বিনিময় কৰিব। তেওঁ কলকাতা আৰু নতুন দিল্লী হৈ নাগপুৰলৈ উভতি যোৱাৰ পূৰ্বে আৰএছএছৰ আঞ্চলিক নেতাসকলৰ সৈতে এক বৈঠকত ভাগ ল’ব।

সমাৱেশখন গোটেই উত্তৰ-পূবত হিন্দুত্ব প্ৰসাৰৰ সংঘৰ এক বৃহৎ প্ৰচেষ্টা বুলি ক’ব বিচৰা হৈছে।

 

 

Recent News

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd