• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২২ মাহে দৰমহা নাই : পৌৰ কৰ্মচাৰীৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 24, 2018 12:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেনেই কম দৰমহাত খাটি থকা পৌৰ কৰ্মচাৰীসকলে পাব লগীয়া মাহিলি দৰমহাকেইটাও যোৱা ২২ মাহে পোৱা নাই। ফলত তেওঁলোক সন্মুখীন হৈছে ভয়ংকৰ অৰ্থনৈতিক সংকটৰ। বাৰে বাৰে আবেদন-নিবেদন কৰিও চৰকাৰৰ পৰা উপযুক্ত সঁহাৰি লাভ কৰা নাই পৌৰ কৰ্মচাৰীসকলে। ফলত প্ৰাপ্য দৰমহা মুকলি কৰি দিয়া আৰু চাকৰি চৰকাৰী কৰণৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাজ্যজুৰি পুনৰ এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাই।

২৩ ডিচেম্বৰত ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত সন্থাৰ এখন গুৰুত্বপূৰ্ণ বৰ্ধিত কাৰ্যনিৰ্বাহকত সন্থাই আন্দোলন কাৰ্যসূচীৰ সিদ্ধান্ত গ্ৰহণ কৰে। সন্থাটোৱে সভাপতি সুনীল কুমাৰ শৰ্মাৰ সভাপতিত্বত প্ৰায় ডেৰ শতাধিক প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাখনত অহা ৩০ জানুৱাৰিৰ পৰা ১১ ফেব্রুৱাৰিলৈকে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচীৰ সিদ্ধান্ত লয়।

সাধাৰণ সম্পাদক গিয়াছ আলীয়ে সংবাদ মাধ্যমক কোৱা মতে এই আন্দোলনৰ কাৰ্যসূচী অনুসৰি অহা ৩০ জানুৱাৰিত ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ অৰ্থে জনমত গঠনৰ উদ্দেশ্যে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ৰাজ্যজুৰি বেনাৰ, প’ষ্টাৰিং আৰু প্ৰচাৰপত্ৰিকা বিতৰণ কৰিব।  ১ ফেব্রুৱাৰিত পুৱা ৭ বজাৰ পৰা ২ ফেব্রুৱাৰিৰ আবেলি ৫ বজালৈ দুদিনীয়া অৱস্থান ধৰ্মঘট, ৩ ফেব্রুৱাৰিত পৌৰ কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ দাবীত  মুখ্য মন্ত্ৰী, বিত্তী মন্ত্ৰী, বিভাগীয় মন্ত্ৰীৰ লগতে ৰাজ্যৰ প্ৰতিটো  সমষ্টিৰ স্থানীয় বিধায়কসকলক স্মাৰকপত্ৰ প্ৰদান কৰিব। ৪ ফেব্রুৱাৰিত সন্থাৰ অন্তৰ্গত মাণ্ডলিক সমিতিসমূহে ৰাজ্যজুৰি মাণ্ডলিক পৰ্যায়ৰ সাংগঠনিক আৰু প্ৰতিবাদী সভা অনুষ্ঠিত কৰিব। আনহাতে, ৭ ফেব্রুৱাৰিত পুৱা ৭ বজাৰ পৰা ১১ ফেব্রুৱাৰিৰ আবেলি ৫ বজালৈ ৰাজ্যৰ ৯৬ খন পৌৰসভা আৰু নগৰ সমিতিৰ কৰ্মচাৰীসকলে সৰ্বাত্মক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব।

সন্থাটোৱে জনায় যে ইয়াৰ পিছতো যদি ৰাজ্য চৰকাৰে কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰে তেনেহ’লে পৰৱৰ্তী দিনৰ পৰা অনিৰ্দিষ্টকালীন সৰ্বাত্মক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ’ব।

উল্লেখযোগ্য যে পৌৰ কৰ্মচাৰীসকলে দীৰ্ঘদিনীয়া বিভিন্ন সমস্যা সমাধানৰ বাবে মাজে সময়ে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি  আহিছে।

আন্দোলনৰ মাজতে যোৱা বৰ্ষৰ ৩১ জুলাইত বিভাগীয় মন্ত্ৰী অতুল বৰাৰ আহ্বান মৰ্মে দিচপুৰ সচিবালয়ৰ কাৰ্যালয়ৰ সভাকক্ষত  সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ প্ৰতিনিধিৰে এক দীঘলীয়া আলোচনা অনুষ্ঠিত হৈছিল। আলোচনাটোত মন্ত্ৰী বৰাৰ উপৰি অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানু, সচিব নৰেশ ঘোষ, উপ-সচিবদ্বয় সঞ্জীৱ গোহাঁই বৰুৱা, নৰসিংহ পাৱাৰ, পৌৰ প্ৰশাসন বিভাগৰ সঞ্চালক নাজৰিন আহমেদ আদিও উপস্থিত আছিল। তাত মন্ত্ৰীগৰাকীয়ে চাৰি মাহৰ ভিতৰত ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলৰ চাকৰি চৰকাৰীকৰণ, ষ্টাফিং পেটাৰ্ন আৰু পৌৰ কৰ্মচাৰীসকলৰ দৰমহা নিয়মীয়াকৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। তদুপৰি বন্ধ হৈ থকা দৰমহা মুকলি কৰি দিয়াৰ লগতে মাষ্টাৰৰোল, ফিক্সড পে’, চাফাই কৰ্মচাৰীসকলক নিয়মীয়াকৰণ কৰা আদি সমস্যা সমাধানৰো প্ৰতিশ্ৰুতি দিছিল।

কিন্তু এই আটাইবোৰ প্ৰতিশ্ৰুতি ফোটোকাৰফেন বুলি আক্ষেপ প্ৰকাশ কৰি চৰকাৰৰ এনে ভূমিকাৰ বিৰুদ্ধে ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকল জাঙুৰ খাই উঠিছে আৰু আন্দোলনৰ বাট ল’বলৈ বাধ্য হৈছে বুলি সন্থাই জানিবলৈ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd