DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, January 30, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৬ লাখ টকাৰ ট্ৰেক্টৰৰ দাম কৃষি বিভাগে কৰিলে প্ৰায় ৮ লাখ টকা : বৃহৎ কেলেংকাৰীৰ অভিযোগ কৃষক মুক্তিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 10, 2018 5:49 pm
kmss assam

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কো শইকীয়াৰ সংবাদমেল

110
VIEWS
Share on FacebookShare on Twitter

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি ঘোষণা কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কৃষি বিভাগত কৃষকক ট্ৰেক্টৰ যোগানৰ নামত বহু কোটিটকীয়া কেলেংকাৰী হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

আজি এক সংবাদমেলত সংগঠনটোৰ সভাপতি ভাস্কো-ডি শইকীয়াই অভিযোগ কৰে যে ‘ভাৰতীয় বজাৰত ৫ লাখ ৮৩ হাজাৰ ৯৪ টকাৰ মূল্যৰ  একোখন ট্ৰেক্টৰ ৭,৭৪,৪৮০ টকাত ক্ৰয় কৰা বুলি কৃষকসকলক যোগান ধৰিছে’ চৰকাৰে।

স্বয়ং ভাৰত চৰকাৰৰ চৰকাৰী ই বজাৰত উপলব্ধ ট্ৰেক্টৰৰ মূল্য আৰু ‘মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ ট্ৰেক্টৰৰ মূল্যৰ মাজত আকাশ-পাতাল পাৰ্থক্য বুলি তেওঁ দাবী কৰে।

আঁচনিখনত ‘৬৫০ কোটিৰো অধিক টকাৰ কেলেংকাৰী সংঘটিত হৈছে’ বুলি দাবী কৰি সংগঠনটোৱে এই কেলেংকাৰীত কৃষি মন্ত্ৰী অতুল বৰা জড়িত আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।

ভাস্কোৱে লগতে অভিযোগ কৰে যে চলিত বিত্তীয় বৰ্ষতে ২০০০ টা  গোটৰ মাজত ১০,০০০ খন ট্ৰেক্টৰ বিতৰণৰ প্ৰতিশ্ৰুতি দি চৰকাৰে এতিয়ালৈকে কামটো সম্পূৰ্ণ কৰা নাই।

নেতাজনে কয় যে গাঁৱলীয়া কৃষকে, বহুতে আনকি হালৰ গৰুও বিক্ৰী কৰি, ট্ৰেক্টৰ লাভৰ আশাত আগধন জমা দিয়াৰ পিছতো ট্ৰেক্টৰ নোপোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

‘মেগা মিছন চচাইটি’ৰ মুখ্য বিষয়া আৰ টি জিন্দাল আৰু অতিৰিক্ত মুখ্য সচিব কে কে মিট্টালৰ ছত্ৰছায়াত এই বৃহৎ কেলেংকাৰীৰ সংঘটিত হোৱা বুলি নেতাজনে অভিযোগ কৰে।

মুখ্য মন্ত্ৰীক তেওঁ এই দুৰ্নীতিৰ এক উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী জনায়।

শইকীয়াই কয় যে স্বয়ং মুখ্য মন্ত্ৰীৰ আঁচনিতে চলি থকা এনে বেমেজালি আৰু অনিয়মে প্ৰমাণ কৰিছে যে চৰকাৰৰ দুৰ্নীতি বিৰোধিতা ভেকোভাওনাৰ বাহিৰে আন একো নহয়।

Recent News

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd