• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাজ্যৰ কাঁহ-পিতল শিল্পৰ পুনৰ উজ্জীৱিতকৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 11, 2018 7:47 pm

2 min read

অসমৰ কাঁহ-পিতল শিল্পী (প্ৰতিনিধিত্বমূলক ছবি)

অসমৰ কাঁহ-পিতল শিল্পী (প্ৰতিনিধিত্বমূলক ছবি)

863
VIEWS
Share on FacebookShare on Twitter

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ কাঁহ-পিতল শিল্পক পুনৰুজ্জীৱিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে উদ্যোগ আৰু ক্ষুদ্ৰ, লঘু আৰু মজলীয়া প্ৰতিষ্ঠান বিভাগৰ বিষয়ববীয়াক আজি এক নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰী সোণোৱালে বিভাগটোৰ শীৰ্ষ বিষয়াসকলক শিল্পবিধৰ সৈতে জড়িত স্থানীয় লোকসকলৰ সৈতে আলোচনা কৰি এই সন্দৰ্ভত এক ৰ’দ মেপ প্ৰস্তুত কৰাৰ বাবে নিৰ্দেশ দিয়ে।

ৰাজ্যৰ পৰম্পৰাগত কাঁহ-পিতল শিল্পক পুনৰুজ্জীৱিত কৰা আৰু ইয়াৰ বিকাশ ত্বৰান্বিত কৰাৰ সন্দৰ্ভত আজি ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত আজি আয়োজিত উদ্যোগ আৰু ক্ষুদ্ৰ, লঘু আৰু মজলীয়া প্ৰতিষ্ঠান বিভাগৰ এক উচ্চস্তৰীয় বৈঠকত সোণোৱালে সভাপতিত্ব কৰে।

উক্ত বৈঠকতে আধুনিক উদ্যোগৰ বিভিন্ন কৌশলৰ সৈতে সংগতি ৰাখি থলুৱা উদ্যোগটোৰ সংৰক্ষণ আৰু বিকাশৰ বাবে ল’ব পৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয়।

বৈঠকখনত কাঁহ-পিতল শিল্পৰ সৈতে জড়িত শিল্পীসকলক আৰ্থিক লাভ অৰ্জনৰ জৰিয়তে কেনেকৈ এক স্বচ্ছল জীৱন যাপন কৰাৰ বাবে উৎসাহিত কৰিব পাৰি তাৰো আলোচনা কৰা হয়।

উল্লেখযোগ্য যে ৰাজ্যৰ কাঁহ-পিতল উদ্যোগটোৱে দীৰ্ঘদিন ধৰি ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিব লগা হৈছে।

শিল্পীসকলক স্বাস্থ্য সেৱাৰ সুবিধা দিয়াৰ বাবে আৰু কেঁচামাল আদি সমস্যাৰ ক্ষেত্ৰত সমাধান উলিয়াব পৰাকৈ তেওঁলোকৰ অসুবিধাসমূহ সম্পৰ্কে অৱগত হোৱাৰ বাবে বিষয়াসকলক ব্যৱস্থা গ্ৰহণৰ বাবেও তেওঁ লগতে নিৰ্দেশ দিয়ে।

তাৰোপৰি এইক্ষেত্ৰত আই আই টিৰ দৰে প্ৰতিষ্ঠানৰ কাৰিকৰী দিহা লোৱা আৰু উৎপাদিত সামগ্ৰীসমূহৰ আধুনিকীকৰণ আৰু নতুন ডিজাইন প্ৰস্তুত কৰাৰ বাবে কাৰিকৰী বিশেষজ্ঞৰ সৈতে আলোচনা কৰাৰ বাবেও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

তেওঁ উদ্যোগ বিভাগক আন্তঃৰাষ্ট্ৰীয় বজাৰত কাঁহ-পিতল সামগ্ৰীৰ সম্ভাৱ্য চাহিদা সম্পৰ্কে জৰীপ কৰাৰ বাবে আৰু বিশ্ব বজাৰত সামগ্ৰী সমূহে জনপ্ৰিয়তা অৰ্জন কৰাৰ বাবে স্থানীয় শিল্পীসকলৰ দক্ষতা বিকাশৰ বাবে ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিয়ে।

সোণোৱালে এই প্ৰচেষ্টাত স্থানীয় শিল্পীসকলক সাঙুৰি ল’বলৈ পৰামৰ্শ দিয়ে আৰু বৈঠকত উপস্থিত থকা সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ-বিষয়াক কাঁহ-পিতল শিল্পৰ লগত জড়িতসকলৰ সৈতে আলোচনাত সমন্বয়কৰ ভূমিকা ল’বৰ বাবে নিৰ্দেশ দিয়ে।

Recent News

samujjal

অসমতো হ’ব নেকি পৰীক্ষা বাতিল! কি পৰামৰ্শ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ?

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

cow

গৰু বিহু উপলক্ষ্যে অনুষ্ঠিত হ’ল গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা! অসমৰ ক’ত?

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd