• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ বানাক্ৰান্তৰ খবৰ নোলোৱাকৈয়ে ঘূৰি গ’ল অমিত শ্বাহ : প্ৰদেশ কংগ্ৰেছৰ ধিক্কাৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 19, 2018 5:43 pm
APCC_PressMeet

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে ৰাজ্যৰ ১৯খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিবলৈ দিনজোৰা কাৰ্যসূচী লৈ অসমলৈ অহা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ৰাজ্যৰ বান পৰিস্থিতিৰ লগতে বানাক্ৰান্তৰ খবৰ ল’বলৈ নোযোৱাক তীব্ৰ সমালোচনা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।

মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয়, “যি বিজেপিয়ে অসমক ভালপোৱাৰ কথা কয়, অসমক উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ কথা কয়, সেই বিজেপিৰ সভাপতি অমিত শ্বাহে অসমলৈ আহি বানাক্ৰান্তৰ খবৰ লবলৈ আহৰি নহ’ল। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ইখনৰ পাছত সিখন মাৰাথন সভা কৰিলে। ইপিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১২জন লোকৰ মৃত্যু হৈছে, কেইবাখনো জিলাৰ প্ৰায় ছয় লাখ লোক ক্ষতিগ্ৰস্ত হৈছে, কিন্তু সেইসকল লোকৰ এবাৰ খবৰ লবলৈ সময় উলিয়াব লোৱাৰিলে অমিত শ্বাহে।”

Apply Now

বৰাই লগতে অমিত শ্বাহক ৰাজ্যৰ বানপানীৰ কথা অৱগত কৰি পৰিস্থিতি পৰ্যৱেক্ষণ কৰোৱাৰ ব্যৱস্থা কৰিব নোৱৰা বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্য চৰকাৰকো সমোলোচনা কৰে।

ইয়াৰ উপৰি, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোৱা ‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশ্বাসত আমাৰ মনোবল বৃদ্ধি পাইছে’ বোলা কথাষাৰৰ উদ্ধৃতি দি ৰিপুণ বৰাই কয়, “নৰেন্দ্ৰ মোদীৰ আশ্বাসত সৰ্বানন্দ সোণোৱালৰহে মনোবল বৃদ্ধি পাইছে, কিন্তু অসমৰ ৰাইজৰ মনোবল বৃদ্ধি পোৱা নাই। অসমৰ ৰাইজ বানপানী, মূল্যবৃদ্ধি আদি সমস্যাৰে জুৰুলা হৈ পৰিছে।”

লগতে ২০১৭ চনৰ ১ আগষ্টত খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম চৰকাৰৰ মন্ত্ৰী আৰু বিষয়াসকলৰ সৈতে আলোচনা কৰি অসমৰ বান সমস্যাৰ বাবে দুহেজাৰ কোটি টকা ধ্যাৰ্য কৰিছিল কিন্তু মাত্ৰ ৪০ কোটি টকাহে মুকলি কৰি দিছে বুলি ৰিপুণ বৰাই মন্তব্য কৰে। আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে বাৰশ কোটি টকা ধাৰ্য কৰিছিল কিন্তু সেই টকা ক’ত গ’ল বুলিও বৰাই প্রশ্ন উত্থাপন কৰে। তেওঁ ব্ৰহ্মপুত্ৰত জৰীপ, খনন, বান নিয়ন্ত্ৰণ, আন্তঃগাঁথনি উন্নয়ন আদি বিজেপি চৰকাৰে কোৱা কথাবোৰ একো-একোটা ভুৱা আশ্বাসতহে পৰিণত হোৱা বুলি মন্তব্য কৰি ৰিপুণ বৰাই কয়, “এনে ধৰণৰ ভুৱা আশ্বাসত মুখ্য মন্ত্ৰী সোণোৱালক মনোবল বৃদ্ধি কৰাৰ পৰামৰ্শ আমি নিদিওঁ। তৎসত্ত্বেও যদি তেওঁৰ মনোবল বৃদ্ধি হৈছে তেতিয়া ই এক নুবুজা সাঁথৰ।”

ইয়াৰ উপৰি, ৰিপুণ বৰাই কয় যে অমিত শ্বাহে যোৱা দুটা বছৰত কেন্দ্ৰীয় চৰকাৰে অসমলৈ ১.৫৫ লাখ কোটি টকা দিছে বুলি কোৱাত আশ্চৰ্য প্ৰকাশ কৰে। তেওঁ কয়, “যদি ইমানখিনি টকা দিলেই তেনেহ’লে ৰাজ্যৰ ৰাস্তা-ঘাট, দলং আদিৰ অৱস্থা কিয় ইমান শোচনীয় হৈ আছে? এয়া গোকাট মিছা কথা। এইখন চৰকাৰে অসমৰ বিনাশৰ ৰাজনীতি কৰিছে।” তেওঁ লগতে এনে ধৰণৰ মিছা কথাত ভোল নাযাবলৈ ৰাইজক আহ্বান জনায়।

আনহাতে, একেখন সংবাদমেলতে সোমবাৰে চৰকাৰে ১৯খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ আধাৰশিলা স্থাপনৰ বাবে ‘ভূমি পূজন’ কৰা কাৰ্যৰো সমোলোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। এই সন্দৰ্ভত ৰিপুণ বৰাই কয়, “অন্ধবিশ্বাস দূৰ কৰিবলৈ কোৱা চৰকাৰৰ এয়া এক অন্ধবিশ্বাসৰ নিদৰ্শন।” চৰকাৰেই যদি অন্ধবিশ্বাস এৰিব নোৱাৰে ৰাইজৰ মাজৰ পৰা অন্ধবিশ্বাস কেনেকৈ দূৰ কৰিব বুলি বৰাই মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd