DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত বহুৱা নাচ উৎসৱত অংশ গ্ৰহণ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2018 6:23 pm
মুখ্য মন্ত্ৰী
189
VIEWS
Share on FacebookShare on Twitter

আজি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ যুটীয়া উদ্যোগত ডিব্ৰুগড় জিলাৰ খোৱাঙৰ নাহৰণি উচ্চ মাধ্যমিক খেলপথাৰত আয়োজিত বহুৱা নাচ উৎসৱত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ গ্ৰহণ কৰে।

অংশ গ্ৰহণ কৰি ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে, ‘অসমৰ কৃষ্টি, সংস্কৃতি, ঐতিহ্য আৰু পৰম্পৰাৰ বিশ্ব দৰবাৰত এক বিশেষ চিনাকি আছে। সেয়েহে অসম দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইয়াৰ মাজেৰে আমাৰ শক্তিশালী জনজীৱনৰ প্ৰকাশ হৈ আহিছে। আমাৰ কৃষ্টি-সংস্কৃতি, ৰীতি-নীতি আৰু ঐতিহ্যসমূহ জীয়াই ৰাখিব লাগিব। ভূমিপুত্ৰ সকলৰ নৱ প্ৰজন্মই নিজস্ব সাংস্কৃতিক জীৱন প্ৰৱাহ অধিক বিকশাই তোলাৰ বাবে উৎসৰ্গিত মনোভাৱেৰে কাম কৰিব লাগিব।‘

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে বহুৱা সাংস্কৃতিক ঐতিহাসিক সমন্বয় ক্ষেত্ৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰাৰম্ভিকভাৱে ১ কোটি টকা প্ৰদান কৰিব বুলি সভাত ঘোষণা কৰে।

সভাত মানৱ সম্পদ গঢ়াৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে কয়। তেওঁ ৰাজ্য চৰকাৰে আয়োজন কৰা গুণোৎসৱে ৰাজ্যখনৰ গুণগত শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাইছে বুলিও কয়।

সোণোৱাল কছাৰী জনগোষ্ঠীৰ মাজত বহু সংখ্যক দক্ষতা সম্পন্ন যুৱক-যুৱতী আছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে তেওঁলোকক আমি সঠিকভাৱে আগুৱাই নিব লাগিব।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে অৰ্থনৈতিকভাৱে মহিলা সকলক আগুৱাই নিয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ সুযোগ গ্ৰহণ কৰিবলৈ মহিলা সকলক আহ্বান জনায়।

তাৰোপৰি মুখ্য মন্ত্ৰীয়ে যুৱ প্ৰজন্মৰ দক্ষতা বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ২৪৯ টা দক্ষতা বিকাশ কেন্দ্ৰ মুকলি কৰিছে বুলি উল্লেখ কৰে।

আনহাতে এই সভাত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দলেও ভাষণ প্রদান কৰে।

আজিৰ সভাত সাংসদ ৰামেশ্বৰ তেলী আৰু প্ৰদান বৰুৱা, বিধায়ক সকল ক্ৰমে বিমল বৰা, ডাঃ ৰণোজ পেগু, বিনোদ হাজৰিকা, চক্ৰধৰ গগৈ, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দিপুৰঞ্জন মাক্ৰাৰী, ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ প্ৰতিনিধিকে ধৰি বহু সংখ্যক গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকে।

Recent News

World's Shortest Adolescent

নেপালৰ ডৰ বাহাদুৰলৈ বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰৰ স্বীকৃতি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

Lovlina Borgohain Shiva Thapa

আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েচন এথলীট কমিটিৰ অধ্যক্ষ হিচাপে মনোনীত লাভলীনা, সদস্য পদত শিৱ থাপা

Supreme Court on sex worker

উচ্চমত ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: অবৈধ নহয় গণিকা বৃত্তি, আৰক্ষীয়ে যৌনকৰ্মীক কৰিব নোৱাৰিব হাৰাশাস্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd