সদৌ অসম সংখ্যালঘূ ছাত্ৰ সন্থা অৰ্থাৎ আমছুৰ ওদালগুৰি জিলা কমিটীয়ে অভিযোগ কৰিছে যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বংশবৃক্ষ পৰীক্ষণৰ প্ৰক্ৰিয়া সম্পাদন কৰাৰ সময়ত সংশ্লিষ্ট বিষয়াবৰ্গৰ দ্বাৰা নিৰক্ষৰ লোকসকলক অকাৰণে হাৰাশাস্তি কৰি অহা হৈছে। ছাত্ৰ সংগঠনটোৱে এই সন্দৰ্ভত হস্তক্ষেপ বিচাৰি জিলা নাগৰিক পঞ্জীয়ক আৰু ওদালগুৰিৰ জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসলৈ লিখিতভাৱে জনাইছে।
জিলা নাগৰিক পঞ্জীয়ক আৰু ওদালগুৰিৰ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰখনত আমছুৱে অভিযোগ কৰিছে যে বহু দূৰ দূৰান্তৰৰ পৰা অহা বিপুল সংখ্যক লোকক তেওঁলোকৰ হাতত সঠিক নথিপত্ৰ থকাৰ পাচতো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিষয়াসকলে হাৰাশাস্তি কৰি আহিছে।
স্মাৰকপত্ৰখনত আৰু কোৱা হৈছে যে এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী হোৱাটো ছাত্ৰ সংগঠনটোৰ কাম্য যদিও এই প্ৰক্ৰিয়াটোত নাগৰিকক মানসিক আৰু আৰ্থিকভাৱে কৰাটো তেওঁলোকে নিবিচাৰে। ছাত্ৰ সংগঠনটোৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বংশবৃক্ষ পৰীক্ষণৰ প্ৰক্ৰিয়া কাকো হাৰাশাস্তি নকৰাকৈ সম্পন্ন কৰা ওপৰত জোৰ দি কয় যে ১৯৭১ৰ ২৫ মাৰ্চৰ পাছত অসমত প্ৰৱেশ কৰা ধৰ্ম নিৰ্বিশেষে কোনো অবৈধ নাগৰিক যাতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হ’ব নোৱাৰে তাৰ ওপৰত চোকা নজৰ ৰাখিব লাগে।





