ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা লাভ কৰি ৰাজ্য তথা মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় অসম সন্তান তথা মাজুলী সন্তান অনন্ত বৈৰাগী।
উল্লেখযোগ্য যে ‘নিয়মীয়া বাৰ্তা’ৰ সংবাদকৰ্মী অনন্ত বৈৰাগীয়ে কাৰ্যালয়ৰ কৰ্তব্যৰ সমান্তৰালভাৱে ‘প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা’ৰ অধীনত কম্পিউটাৰ দক্ষতা বিকাশ পাঠ্যক্ৰমত নামভৰ্তি কৰি সফলতাৰে সম্পন্ন কৰে। পৰৱৰ্তী সময়ত অনলাইন পদ্ধতিৰে হোৱা এক সাক্ষাৎকাৰত সফল হৈ উত্তৰ-পূবৰ ভিতৰত একমাত্ৰ প্ৰাৰ্থী হিচাপে বঁটা লাভ কৰিবলৈ সক্ষম হয়।
শনিবাৰে ঝাৰখণ্ডৰ ৰাচীত ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজিত অনুষ্ঠানত ঝাৰখণ্ডৰ মুখ্য মন্ত্ৰী ৰঘুবৰ দাসে অনন্ত বৈৰাগীক গ’ল্ডেল এচিভাৰ্চ এৱাৰ্ডেৰে সন্মানীত কৰে।
বঁটা গ্ৰহণ কৰি অনন্ত বৈৰাগীয়ে ভাষণ প্ৰসংগত সৰুৰে পৰা আৰ্থিক সংকটৰ মাজেৰে পাৰ কৰা দিনবোৰৰ কথা উল্লেখ কৰি ‘আৰিয়ন এডুকেটৰ জৰিয়তে কম্পিউটাৰ দক্ষতা বিকাশ পাঠ্যক্ৰমৰ বাবে লাভ কৰা বঁটাৰ বাবে গৌৰৱবোধ কৰা বুলি উল্লেখ কৰে।
তাৰোপৰি বৈৰাগীয়ে ‘আৰিয়ন এডুকেট পাঞ্জাবাৰী কেন্দ্ৰৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীকে ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখযোগ্য যে মাজুলীৰ মুদৈবিল গাঁৱত এটা মধ্যবিত্ত পৰিয়ালত জন্ম গ্ৰহণ কৰা বৈৰাগীয়ে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ পিছত মাজুলীৰ বনগাঁওস্থিত আই টি আইত কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰি পিছত সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ পৰে।