ৰাষ্ট্ৰীয় মানব অধিকাৰ আয়োগৰ হস্তক্ষেপৰ পিছত অৰুণাচলত ছাত্ৰীৰ শালীনতা হৰণৰ ঘটনাৰ তদন্ত আৰম্ভ

ৰাষ্ট্ৰীয় মানব অধিকাৰ আয়োগৰ নিৰ্দেশৰ পিছতে অৰণাচল চৰকাৰৰ শিক্ষা বিভাগে ছাগালীৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ তিনিগৰাকী শিক্ষয়িত্ৰীয়ে অন্যান্য ছাত্ৰীৰ সন্মুখতে ৮৮ গৰাকীকৈ ছাত্ৰীক কাপোৰ খুলিবলৈ বাধ্য কৰোৱাৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ছাত্ৰীসকলৰ ভাষ্য অনুসৰি ১৪ গৰাকী ছাত্ৰীক সম্পূৰ্ণ নাঙঠ হ’বলৈ দিয়াৰ বিপৰীতে আন ৭৪ গৰাকী ছাত্ৰীক আংশিকভাৱে কাপোৰ খুলিবলৈ দিয়া হৈছিল।

সংবাদ মাধ্যমৰ আগত ৰাজ্য চৰকাৰৰ শিক্ষা সচিব বিদল টায়েঙে জনায় যে বিভাগে ৰাষ্ট্ৰীয় মানব অধিকাৰ আয়োগৰ পৰা এক নিৰ্দেশ লাভ কৰিছে আৰু ইতিমধ্যে টাই কায়েৰ উপায়ুক্ত পাপুম পাৰেক তদন্তৰ দায়িত্ব দিছে। ‘’ আমি ৰাষ্ট্ৰীয় মানব অধিকাৰ আয়োগৰ পৰা জাননী এখন পাইছো আৰু তাৰ উত্তৰ পত্ৰ প্ৰস্তুত কৰি আছো,’’ –তেওঁ কয়।

জানিব পৰা মতে উপায়ুক্ত আৰু সৰ্ব শিক্ষাৰ দুজন বিষয়াই বিদ্যালয়খনলৈ গৈ চৰজমিন তদন্ত কৰি প্ৰতিবেদন লৈ উভতিছে আৰু সেইটো এতিয়া পৰীক্ষা কৰি চোৱা হ’ব।

ইয়াৰ মাজতে সৰ্ব শিক্ষাৰ অধীনত নিযুক্তি দিয়া কণিষ্ঠ শিক্ষয়িত্ৰী নাবাম জানুক চাকৰিৰ পৰা নিলম্বিত কৰিছে। বাকী দুগৰাকী সহকাৰী শিক্ষয়িত্ৰী ওৱাঙমু থংদক আৰু সংগীতা খালখোক ছাগলীৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ পৰা নিযুক্তি দিয়া হৈছিল। কস্তুৰবা গান্ধী বিদ্যালয়সমূহ ৰাজ্যিক শিক্ষা বিভাগৰ অধীনত নোহোৱাৰ বাবে চৰকাৰে বিদ্যালয় কৰ্তৃপক্ষক তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে।