DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰূপকোঁৱৰৰ স্মৃতি বিজড়‌িত নগাঁৱৰ জয়শ্ৰী চিনেমা হল সংৰক্ষণৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 18, 2018 2:36 pm
ATTACHMENT
140
VIEWS
Share on FacebookShare on Twitter

অসমীয়া চলচ্চিত্ৰৰ ৰূপকাৰৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়‌িত নগাঁৱৰ জয়শ্ৰী চিনেমা হল সংৰক্ষণৰ দাবী তুলিছে নগাঁৱৰ সচেতন-সংস্কৃতিপ্ৰেমী লোকে।

কালি নগাঁও ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এই দাবী তুলি চলচ্চিত্ৰ পৰিচালক পাৰ্থজিত বৰুৱাই কয়— অসমীয়া জাতিৰ ঐতিহ্য বহনকাৰী নগাঁৱৰ এই জয়শ্ৰী চিনেমা হলৰ নিৰ্মাণকাৰ্য জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৮ চনত কৰিছিল। ইয়াতেই ১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয় কথাছবি ‘ইন্দ্ৰমালতী’ৰ প্ৰদৰ্শন হৈছিল।

সম্প্ৰতি বন্ধ হৈ থকা এই চিনেমা হলটো সংৰক্ষণ কৰিবলৈ সমগ্র ৰাজ্যত জনমত গঠন কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি পাৰ্থজিত বৰুৱাই কয়— ‘চলচ্চিত্ৰ গৃহটো সংৰক্ষণৰ বাবে স্থানীয় বিধায়ক ৰূপক শৰ্মা আৰু অসম চৰকাৰক ব্যৱস্থা ল’বলৈ আমি আহ্বান জনাইছো। আমি আশা ৰাখিছোঁ চৰকাৰে এই ক্ষেত্ৰত ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব’।

উল্লেখযোগ্য যে অসমীয়া চলচ্চিত্ৰৰ বহু স্মৃতি বিজড়‌িত এই চিনেমা হলটো উপেক্ষিত হৈ আছে। চৰকাৰে ইয়াক কেতিয়াবাই সংৰক্ষণ কৰিব লাগিছিল যদিও আজি পৰ্যন্ত সংৰক্ষণ নকৰাটো জাতিটোৰ বাবেই দুৰ্ভাগ্যজনক বিষয় হিচাপে চিহ্নিত হৈছে।

সংবাদমেলত বৰুৱাই চিনেমা হলটো সংৰক্ষণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ সকলো সম্পদৰ লগতে অসমৰ পুৰোধা ব্যক্তিসকলৰ স্মৃতি বিজড়‌িত সম্পদসমূহ সংৰক্ষণ কৰি ইয়াক সংগ্ৰহালয় হিচাপে গঢ়ি তুলিবলৈ চৰকাৰক আহ্বান জনায়।

সংবাদ মেলখনত বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, সমাজকৰ্মী মুকুট ভূঞা, পুনিৰাম শইকীয়া, ডাঃ আকাশী হাজৰিকা, সাহিত্য সভাৰ পাৰভেজ আনোৱাৰ আদিয়ে অংশগ্ৰহণ কৰি ঐতিহ্যবাহী এই চিনেমা হলটো সংৰক্ষণ কৰি ঐতিহ্য ভৱন হিচাপে গঢ়ি তুলিবলৈ স্থানীয় বিধায়ক ৰূপক শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰক আহ্বান জনায়।

 

Recent News

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

SC to hear Gyanvapi Mosque case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Navjot Sidhu Gets 1 Year In jail

৩৪ বছৰ পুৰণি গোচৰত এবছৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত প্ৰাক্তন ক্ৰিকেটাৰ, কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd