• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ডিগ্ৰীৰ বজাৰ! বিশ হাজাৰৰ পৰা দুই লাখ টকাৰ দৰত বিক্ৰী ডিগ্ৰী, উৎখাত কু-চক্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2023 1:46 pm
Fake Degree Racket Busted
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অধ্যয়নৰ নাই কোনো প্ৰয়োজন। ২০ হাজাৰ টকাৰ পৰা ২ লাখ টকাৰ ভিতৰতে বিক্ৰী হয় ডিগ্ৰী। সমগ্ৰ দেশৰ বহুকেইখন চৰকাৰী আৰু বেচৰকাৰী বিশ্ববিদ্যালয় তথা ৰাজ্যিক শিক্ষা বৰ্ডৰ নামত ডিগ্ৰী প্ৰদান কৰা এনে এক কু-চক্ৰ শেহতীয়াকৈ উৎখাত হৈছে।

দেওবাৰে দিল্লী আৰক্ষীয়ে উৎখাত কৰিছে ভুৱা ডিগ্ৰীৰ মুকলি বেহা চলোৱা এই কু-চক্ৰটো। এই কু-চক্ৰটোৰ মূল ব্যক্তিগৰাকীসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Apply Now

এই চক্ৰটোৱে সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বিশ্ববিদ্যালয় আৰু ৰাজ্যিক শিক্ষা ব’ৰ্ডৰ জাল ডিগ্ৰী আৰু প্ৰমাণ পত্ৰ প্ৰস্তুত কৰি আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

চক্ৰটোৰ মূল মাষ্টাইৰমাইণ্ডজনক দাল চান্দ মেহেৰলিয়া বুলি চিনাক্ত কৰা হৈছে। উত্তৰ-পশ্চিম দিল্লীত এম এইচ এডুভাৰ্চিটি, ডিজিটেল স্কুল অৱ ইণ্ডিয়া নামৰ এক শিক্ষানুষ্ঠানৰ পৰা গ্ৰেপ্তাৰ কৰা হয় মেহেৰলিয়াক।

আৰক্ষীয়ে সদৰী কৰা মতে, চাংহাই আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়, উইলিয়াম কেৰী বিশ্ববিদ্যালয়, শ্বিলং, উত্তৰাখণ্ড, ৰাজস্থান, কৰ্ণাটক, উত্তৰ প্ৰদেশ, হাৰিয়ানা, কলিংগা, বিহাৰ আদি ৰাজ্যৰ বিশ্ববিদ্যালয়ৰ ১৯খন ভুৱা মাৰ্ক শ্বীট আৰু ডিগ্ৰী উদ্ধাৰ কৰা হৈছে চক্ৰটোৰ পৰা।

ঘটনাস্থলীৰ পৰা ১১টা লেপটপ, ১৪টা মোবাইল ফোন আৰু ভুৱা ডাকটিকটো জব্দ কৰা হৈছে। মেহেৰলিয়াৰ লগতে তদন্তৰ সময়ত বুৰাৰীৰ পৰা কু-চক্ৰটোৰ সহ-অভিযুক্ত মহাবীৰ কুমাৰ নামৰ এগৰাকী ব্যক্তিকো গ্ৰেপ্তাৰ কৰা হয়।

জেৰাৰ সময়ত মূল অভিযুক্ত মেহেৰলিয়াই ২০২০ চনৰ পৰা এই প্ৰতিষ্ঠানটো চলাই আহিছিল আৰু তেওঁৰ কাৰ্যালয়ত বহু টেলি-কলাৰ যুৱতীক নিযুক্তি দিছিল বুলি স্বীকাৰ কৰে।

তেওঁ প্ৰকাশ কৰা মতে টেলি-কলাৰ যুৱতীকেইগৰাকীয়ে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীক ফোন কৰে আৰু আগ্ৰহী ছাত্ৰ-ছাত্ৰীৰ তথ্য তেওঁক প্ৰদান কৰে।

ইয়াৰ পিছতে মেহেৰলিয়াই হোৱাটছএপৰ জৰিয়তে তেওঁলোকৰ সৈতে যোগাযোগ কৰি প্ৰয়োজনীয় নথি-পত্ৰ অবিহনে ডিগ্ৰী ল’বলৈ প্ৰলোভিত কৰে। তেওঁ কোনো ছাত্ৰক ব্যক্তিগতভাৱে লগ পোৱা নাছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

দশম শ্ৰেণীৰ পৰা পি এইচ ডিলৈকে ভুৱা মাৰ্ক শ্বীট প্ৰদান কৰাৰ বাবে তেওঁ ২০,০০০ৰ পৰা ২,২০,০০০ টকা লৈছিল। টকাখিনি পোৱাৰ পিছত মেহেৰলিয়াই কুৰিয়াৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকললৈ ডিগ্ৰীৰ নথি-পত্ৰ প্ৰেৰণ কৰিছিল।

দুয়োজন অভিযুক্তই আৰক্ষীৰ আগত তেওঁলোকে ২০০০ৰো অধিক ভুৱা ডিগ্ৰী বিক্ৰী কৰিছে আৰু আনকি তেওঁলোকে প্ৰদান কৰা জাল নথি-পত্ৰৰ ভিত্তিত বহু লোকে চাকৰিয়ো লাভ কৰিছে বুলি স্বীকাৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd