অখিল গগৈক ভাবুকি দিয়া দিব্যজ্যোতি হাজৰিকাক গ্ৰেপ্তাৰৰ দাবীত বোকাখাত থানাত কৃষক মুক্তিৰ গোচৰ

kmss

ফেছবুকত এটা ভিডিঅ’ৰ জৰিয়তে কৃষক নেতা অখিল গগৈক মৃত্যুৰ ভাবুকিৰ লগতে কটু মন্তব্য কৰা যোৰহাট বালিগাঁৱৰ দিব্যজ্যোতি হাজৰিকাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত গোলাঘাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মঙলবাৰে বিয়লি বোকাখাত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

এইদৰে সামাজিক মাধ্যমত কৃষক নেতা অখিল গগৈক সকীয়নি দিয়া পাষণ্ড যুৱকজনক উচিত শাস্তি প্ৰদানৰ দাবী তুলি সংগঠনটোৰ হৈ জিলা সম্পাদক ৰতন দাৱে এই এজাহাৰ দাখিল কৰিছে ৷

উল্লেখ্য যে সংগঠনটোৱে এজাহাৰখনত উল্লেখ কৰি কয় যে যোৱা ইংৰাজী ০৪-০৬-২০১৮ তাৰিখে ছ’চিয়েল মিডিয়াৰ  জৰিয়তে কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈক দিব্যজ্যোতি হাজৰিকা নামৰ এজন যুৱকে  বিভিন্ন অশালিন ভাষাৰে গালি-গালাজ কৰাৰ লগতে তেওঁক ৰাজহুৱা কৈ মৃত্যুৰ ভাবুকিও প্রদান কৰিছে।

গোলাঘাট জিলা কৃষক মুক্তিয়ে দাখিল কৰা এজাহাৰ

যুৱকজনে  কৃষক মুক্তি সংগ্রাম সমিতি, ছাত্র মুক্তি সংগ্রাম সমিতিৰ লগতে নিষ্ঠাবান ৰাজনৈতিক দল, সংগঠনক লৈ কটু বাক্যও ব্যৱহাৰ কৰিছে। অখিল গগৈক দেশদ্রোহী, জাতি দ্রোহী, মুছলমান আৰু বাংলাদেশীৰ হৈ কাম কৰা বুলি অপপ্রচাৰ কৰি জনমানসত অখিল গগৈৰ ভাবমূর্তি নষ্ট কৰাৰ লগতে  মান-সম্মান হানি কৰিছে।

অশ্লীল ভাষাৰে  মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে উদ্দেশ্যে প্ৰনোদিত ভাৱে  প্রৰোচনামূলক বক্তব্য কৰিছে। সেয়েহে উক্ত যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰজু কৰি  আইনগত ভাৱে বিহিত ব্যৱস্থা লোৱাৰ অনুৰোধ জনাইছে এজাহাৰখনত৷