গুৱাহাটীৰ ভিন্ন ভিন্ন স্থানত স্থাপন কৰা হ’ব ৪০০০ চিচি টিভি কেমেৰা। স্থানসমূহৰ গুৰুত্ব অনুসৰি এই চিচি টিভি কেমেৰাসমূহ স্থাপন কৰা হ’ব বুলি জানিব পৰা গৈছে। বিশেষকৈ যান-বাহনৰ দ্বাৰা সংঘটিত হোৱা বিভিন্ন দুৰ্ঘটনাৰ ওপৰত দৃষ্টি ৰখাৰ বাবে এই কেমেৰাসমূহ বহুলভাৱে ব্যৱহাৰ কৰা হ’ব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে বৰ্তমান গুৱাহাটীত ব্যক্তিগত খণ্ডৰ বোৰকে ধৰি মাত্ৰ ৩৫০ সংখ্যক চিচি টিভি কেমেৰাহে আছে।
শেহতীয়াভাৱে মহানগৰখনত স্থাপন হ’বলগীয়া ৪০০০ কেমেৰাৰ প্ৰায় ৮০০ কেমেৰা ব্যৱহাৰ কৰা হ’ব যান-বাহনৰ ওপৰত নজৰ ৰখাৰ বাবে।বিশেষকৈ পথ দুৰ্ঘটনা আৰু গাড়ীয়ে খু্ণ্ডিয়াই থৈ আঁতৰি যোৱা আদি ঘটনাৰ ওপৰত নজৰ ৰখাৰ বাবে এই কেমেৰাসমূহৰ ব্যাপক ব্যৱহাৰ কৰা হ’ব।
এই শেহতীয়া পদক্ষেপটো হৈছে গুৱাহাটীক স্মাৰ্ট-চিটিলৈ পৰ্যৱসিতকৰণ প্ৰকল্পৰ এটা অংশ। এই চিচি টিভি কেমেৰাসমূহ স্থাপন কৰিব গুৱাহাটী স্মাৰ্ট-চিটি লিমিটেডে।
কেন্দ্ৰীয় চৰকাৰৰ মতে গুৱাহাটী মহানগৰক স্মাৰ্ট চিটিলৈ উন্নীতকৰণৰ প্ৰস্তাৱিত ব্যয় হৈছে ২,২৯৬ কোটি টকা। ইয়াৰে ভিতৰত প্ৰায় ১,৫৭৯ কোটি টকাৰ এলেকাভিত্তিক উন্নয়ন ব্যয় আৰু পান-চিটি ব্যয় প্ৰায় ৬২২ কোটি টকাও ইয়াত অন্তৰ্ভুক্ত হৈ আছে।
গুৱাহাটীৰ নাগৰিকৰ নিৰাপত্তা নিশ্চিতকৰণৰ বাবে স্থাপন হ’বলগীয়া চিচি চিভি স্থাপনৰ এই প্ৰক্ৰিয়াটোৰ তত্বাৱধানৰ দায়িত্বত আছে অসম আৰক্ষী।
এই কেমেৰাসমূহ মহানগৰখনৰ পৰ্যটন স্থান, বাছষ্টপ, ট্ৰাফিক পইণ্ট আৰু অন্য ৰাজহুৱা স্থানসমূহত স্থাপন কৰা হ’ব।
যদিহে এই সমগ্ৰ চিচি টিভি কেমেৰা গুৱাহাটীত স্থাপন কৰা হয়, তেন্তে মহানগৰখনৰ পৰিসৰ আৰু জনসংখ্যাৰ ঘনত্ব ভিত্তিত গুৱাহাটী বিশ্বৰ আটাইতকৈ অধিক চিচি টিভি কেমেৰা স্থাপিত স্থানসমূহৰ অন্যতম হিচাপে বিৱেচিত হ’ব।