অহা ৩১ মাৰ্চ আৰু ১ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে কেহেৰুখন্দা শাখা সমিতিৰ উদ্যোগত শোণিতপুৰ জিলা কুৰ্মি সমাজ মহিলা-যুৱ ছাত্ৰ পৰিষদৰ তৃতীয় বাৰ্ষিক অধিৱেশনখন কেহেৰুখন্দাত অনুষ্ঠিত হ’ব।
উল্লেখযোগ্য যে এই উপলক্ষে ৩১ মাৰ্চৰ পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব শোণিতপুৰ জিলা কুৰ্মি সমাজৰ সভাপতি শুকদেৱ কুৰ্মিয়ে। ৮.৩০ বজাত শ্বহীদ তৰ্পণ, ৯ বজাত বৃক্ষৰোপণ আৰু ইয়াৰ পাছতেই খেল-ধেমালি আৰু সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
আনহাতে দিনৰ ১ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব অসম কুৰ্মি সমাজৰ সভাপতি গংগা প্ৰসাদ কুৰ্মিয়ে। ইয়াৰ পাছত অনুষ্ঠিত হ’বলগা প্ৰতিনিধি সভাৰ শিবিৰ মুকলি কৰিব ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সভাপতি ভগৱান বৈশ্যই।
সন্ধিয়া ৭ বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ বিপৰীতে ১ এপ্ৰিলৰ পুৱা ৯ বজাত যুৱ সমাৰোহ অনুষ্ঠিত হ’ব।
এই অনুষ্ঠানটি উদ্বোধন কৰিব চলচ্চিত্ৰ অভিনেত্ৰী তৃষ্ণা কুৰ্মি আৰু সহযোগ কৰিব অসম শিশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক গৌৰাংগ মাহাতুৱে। তদুপৰি উক্ত দিনা দিনৰ ১ বজাত শুকদেৱ কুৰ্মিৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগা মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব অসম কুৰ্মি সমাজৰ ৰাজ্যিক সভাপতি গংগা প্ৰসাদ কুৰ্মি, মুখ্য অতিথি অখিল ভাৰতীয় কুৰ্মি মহাসভাৰ উপদেষ্টা জানুৰাম কুৰ্মি, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ঝাৰখণ্ড কুৰ্মি মহাসভাৰ সভাপতি কুমেশ্বৰ মাহাতো, বিশিষ্ট সাহিত্যিক সুশীল কুৰ্মি, মনোমতী কুৰ্মি, শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতো, লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শুকদেৱ অধিকাৰী, চাহ জনগোষ্ঠী সাহিত্য সভাৰ সম্পাদক প্ৰধান মণীষ ঠাকুৰ আদিয়ে।