NORTHEAST NOW (Assamese)

অনূৰ্ধ্ব-১৩ যুৱ লীগৰ খেলত শ্বিলং লাজং একাডেমিয়ে ৭-১ গ’লত হৰুৱালে টাটা ফুটবল একাডেমিক

February 10, 2018 7:33 pm · এন ই নাও নিউজ
শ্বিলং লাজং জুনিয়ৰ

শ্বিলং লাজং একাডেমিয়ে টাটা ফুটবল একাডেমিক শ্বিলঙত হৈ থকা অনূৰ্ধ্ব-১৩ যুৱ লীগৰ এখন খেলত ৭-১ গ’লৰ বৃ্হৎ ব্যৱধানত পৰাজিত কৰিছে।

শ্বিলঙৰ এম এফ এ’ গ্ৰাউণ্ড প’ল’ খেলপথাৰত এই খেলখন অনুষ্ঠিত হৈছিল।

লাজঙৰ হৈ খেলখনত হেত্ৰিক অৰ্জন কৰা বাতচখেমলাং জিৰৱাই খেলখনৰ ৩, ২৩, ২৫ আৰু ৩৫ মিনিটত ৪টা গ’ল দিয়ে। মেহচানচখেম মাৰবানিয়াং, মাংকাৰা চুন আৰু ৱাদাজিদ ৰিংখলেমে খেলখনৰ ক্ৰমে ৬, ১৫ আৰু ৩১ মিনিটত এটাকৈ গ’ল দিয়ে।

টাটা ফুটবল একাডেমিৰ হৈ বামিয়া চামাদে খেলখনৰ ২৯ মিনিটত একমাত্ৰ গ’লটো দিয়ে।

শ্বিলং লাজং জুনিয়ৰে ২ খন খেলত ৬ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ শীৰ্ষত আছে। ১২ ফেব্ৰুৱাৰিৰ দিনৰ ১০ বজাত হ’ব লগা পৰৱৰ্তী খেলত লাজং ৰাংদাজিদ য়ুনাইটে’ডৰ মুখামুখি হ’ব।

Related News