অন্ধবিশ্বাসে ছানিছে ৰাজ্যক : কাৰ্বি আংলঙৰ পিছত বিশ্বনাথত অন্ধবিশ্বাসৰ বলি হ’ল আন এজন

person murdered at biswanath

ৰাজ্যত এতিয়া অন্ধবিশ্বাসৰ সন্ত্ৰাস চলিছে। শুকুৰবাৰে নিশা কাৰ্বি আলঙত অন্ধবিশ্বাসৰ ফলত সোপাধৰাৰ নামত দুজনকৈ নিৰীহ অসমীয়া যুৱকে প্ৰাণ হেৰুৱাব লগীয়া ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই বিশ্বনাথত অন্ধবিশ্বাসৰ ফলত আন এক জঘন্য হত্যাকাণ্ডৰ সংঘটিত হ’ল।

এইবাৰ অন্ধবিশ্বাসৰ বলি হৈ প্ৰাণ হেৰুৱাব লগীয়া হল এগৰাকী বৃদ্ধ। ডাইনীৰ সন্দেহতে নিশা গাওঁবাসীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে বৃদ্ধ জনক। উল্লেখযোগ্য যে শিক্ষিত যুৱক-যুৱতীৰে পৰিপূৰ্ণ তথা হস্পিতাল, শিক্ষানুষ্ঠান আদি থকাৰ পিছতো অন্ধবিশ্বাসৰ কবলৰ পৰা সাৰি নগ’ল বিশ্বনাথৰ এই গাওঁখন।

ঘটনাৰ বিৱৰণি মতে, অসম অৰুণাচল সীমান্তৰ ধূলি আৰক্ষী চকীৰ অন্তৰ্গত ১নং খেৰবাৰীত ডাইনীৰ সন্দেহত খেলান চেঙনাৰ (৬৫) নামৰ লোকজনক গাওঁবাসীয়ে শুই থকা অৱস্থাত বিছনাৰ পৰা চোঁচোৰাই আনি মৰিয়াই মৰিয়াই নৃশংসভাবে হত্যা কৰি নিজ চোতালত পেলাই থৈ যায়।

প্ৰাপ্ত তথ্য মতে গাওঁবাসীয়ে এজন ভণ্ড পূজাৰীৰ নিৰ্দেশতে এই হত্যাকাণ্ড চলাইছিল। চামিৰ টেৰন নামৰ ভণ্ড পূজাৰীজনে গাওঁবাসীক ভীত্তিগ্ৰস্ত কৰি খেলানৰ গাত ডাইনী আছে বুলি জনাই আৰু ইয়াৰ বাবেই গাওঁখনত বিভিন্ন অপায় অমংগল সংঘটিত হৈ আছে বুলি কয়। যাৰ ফলত চামিৰৰ নেতৃত্বত প্ৰায় পঞ্চাছ জনীয়া দল এটাই খেলানৰ ঘৰত প্ৰৱেশ কৰি এই জঘন্য হত্যাকাণ্ডটো সংঘটিত কৰে।

কেৱল খেলান চেঙনাই নহয়, তেওঁৰ পত্নী কালন ৰংপী আৰু খুলশালী কাজীৰ ৰংপীকো ডাইনীৰ সন্দেহত গাওঁবাসীয়ে হত্যা কৰাৰ প্ৰচেষ্টা চলাইছিল অৱশ্যে তেওঁলোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে পুৱা বিশ্বনাথ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ লগতে প্ৰশাসনৰ লোক আহি মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু এই ঘটনাৰ মূল খলনায়ক চামিৰ টেৰন সহ ৯ জন লোকল আটক কৰি বিশ্বনাথ আৰক্ষী থানালৈ লৈ যায়।

আৰক্ষীয়ে ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে আৰু গাওঁখনত নিৰাপত্তা ব্যৱস্থা কটকটিয়া কৰি তুলিছে। ইফালে এই ঘটনাৰ পিছতে গাঁওখনত এক নিমাও মাও পৰিবেশে বিৰাজ কৰাৰ লগতে গাঁওখনৰ প্ৰায়ভাগ পুৰুষে গাঁও এৰি পলায়ন কৰিবলৈ ধৰিছে।